Rongali Bihu 2025 : আহি পালে ৰঙালী, জানো আহক বিহুৰ সময়ত খোৱা থলুৱা, পৰম্পৰাগত খাদ্য সম্ভাৰৰ বিষয়ে…
Rongali Bihu Food Items: ৰঙালী বিহুত সাধাৰণতে ৰং-ধেমালিক বেছি গুৰুত্ব প্ৰদান কৰা হয। তথাপিও ব’হাগ বিহুত স্বাভাবিক খাদ্য খোৱাৰ উপৰি উৎসৱকেন্দ্রিক কিছুমান খাদ্য খোৱা হয়। উৎসৱভিত্তিক খাদ্যসমূহ মূলতঃ দুবিধ—পিঠা-পনা আৰু শাক-পাচলি।

এতিয়া ৰঙালীক আদৰাত ব্যস্ত হৈ পৰিছে অসমীয়া। চৌদিশে এতিয়া ঢোল-পেপাৰ গুমগুমণি। আখৰাত ব্যস্ত নাচনি। ৰঙালী মানে ৰং, আনন্দ আৰু হাঁহি-ধেমালিৰ সঁফুৰা। বিহু অসমৰ কৃষিজীৱি ৰাইজৰ আনন্দ প্ৰকাশৰ মাধ্যম। অসমীয়া নতুন বছৰৰ আৰম্ভণি হয় ৰঙালী বিহুৰে। চ’ত আৰু ব’হাগৰ সংক্ৰান্তিৰ পৰা উদ্যাপন কৰা এই বিহুটিক ৰঙালী বিহু বোলাৰ অৰ্থ হ’ল ৰঙৰ প্ৰাচুৰ্য্য। গৰু বিহু, খোৱা-বোৱা, হুঁচৰি, আলহী-অতিথি আপ্যায়ন, বিহুৱান ,উপহাৰ প্ৰদানেৰে মূলত: সাতদিন ধৰি উদ্যাপন কৰিবলগীয়া বিহুটি প্ৰায় এমহীয়া হয়গৈ।
ৰঙালী বিহুত সাধাৰণতে ৰং-ধেমালিক বেছি গুৰুত্ব প্ৰদান কৰা হয। তথাপিও ব’হাগ বিহুত স্বাভাবিক খাদ্য খোৱাৰ উপৰি উৎসৱকেন্দ্রিক কিছুমান খাদ্য খোৱা হয়। উৎসৱভিত্তিক খাদ্যসমূহ মূলতঃ দুবিধ—পিঠা-পনা আৰু শাক-পাচলি। ৰঙালী বিহুত পিঠা-পনাৰ সৈতে দৈ, গুড় আদিৰে জলপানো খাদ্য হিচাপে গ্ৰহণ কৰা হয়। ৰঙালী বিহুৰ পিঠা-পনাৰ অন্যতম হ’ল— তিল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, নাৰিকলৰ লাড়ু, তেল পিঠা বা ফুলা পিঠা, পানী পিঠা, টেকেলি পিঠা, চুঙা পিঠা, হুকম, মাহ-কৰাই, দোৱা ভজা চিৰা আদি। এইবোৰৰ উপৰি জনগোষ্ঠীভেদে গৃহত প্ৰস্তুত কৰা সাজ-পানীও ৰঙালী বিহুৰ বতৰত পানীয় খাদ্যৰূপে গ্রহণ কৰে।
ৰঙালী বিহুৰ বতৰত এশ এবিধ শাক খোৱাৰ নিয়ম আছে। বিহুৰ সাত দিনৰ ভিতৰত এই শাক খোৱা হয়। এশ এবিধ শাকৰ অন্যতম হ’ল— মানিমুনি, নৰসিংহ, দোৰোণ, কলমৌ, মছন্দৰী, পদিনা, মধুসোলেং, মাটি কাঁদুৰি, ভেদাইলতা, ঔ-টেঙা, উৰহী, বেতগাজ, পানীলাউৰ আগ, ৰঙালাউৰ আগ, কচুথোৰ, মালভোগ শাক, কঁঠালৰ মুচি, ভেঁটফুল, চজিনাৰ পাত, পিৰালি পালেং, তিতাফুল, ভেকুৰি, বনতুলসী, লাই, লফা, পালেং, চুকা, বাবৰি, নলটেঙা, বেঙেনা, বিলাহী,ব্রাহ্মী, শুকলতি, মানধনিয়া, বাহক তিতা, লাইজাবৰি, তিতা কেৰেলা, মহানিম, ভেটাই তিতা, হেলচী, ঢেঁকীয়া, নেফাফু, পিপলি, খুতৰা, হাতীখুতৰা, বৰথেকেৰা, জেটুলি পকা, কলপচলা, পিৰালি কুঁৱৰী, পুনৰ্ণৱা, বৰ টেঙেচি, সৰু টেঙেচি, লেহেতি, তিয়ঁহ, মৰলীয়া, বকফুল, মৰিচা, দুপৰটেঙা, চুকা, মেথি, মৰাপাট, কচু, ওলকচু, বিশল্যকৰণী, টেঙা মৰা, জিলমিল, সৰিয়হ, লাচকচি, বগা পূৰৈ, ৰঙা পূৰৈ, কণবিলাহী, মেদেলুৱা, ডিমৰু, কিৰিঙালতা, কালমেঘ, শতমূল, কেহেৰাজ, চজিনা, চেংমৰা, মূলা, কাঠ আলু, শিমলু আলু, শেৱালি, শিঙাপাত, লাতুমণি, সোণবৰিয়াল, বাঘ-আঁচোৰা, কেঁচুৱালতি, কুন্দুলি, মিঠা মৰা, ফুটকলা, ডেমডেউকা, তংলতি, ভাতমেটেকা, মজ, লৰবৰুৱা, টুপুৰীলতা, টুবুকীলতা, শুকতিলতা, হেঙুনীয়া, টিকনিবৰুৱা আদি। ইয়াৰে যিকোনো সাতবিধ শাকক একেলগে সাতশাকী বুলি কোৱা হয়৷ কিছুমানে ৭ বিধ শাক খায়ো এই নিয়ম পালন কৰে। বিশ্বাস অনুসৰি সাতশাকী খালে ছাল, চকু, পাকস্থলী, গাঁঠি আদিৰ বেমাৰৰ পৰা পৰিত্ৰাণ পায়।
ইয়াৰ উপৰিও এই বিহুত গৃহিণীগৰাকীয়ে সৰহকৈ ভাত ৰান্ধি পানী দি ৰাখে। বিহুৰ ভিতৰত দুপৰীয়া পঁইতা ভাতৰ লগত দৈ আৰু গুড় বা চেনি মিহলি কৰি খাবলৈ দি বিচনীৰে বা দিয়ে। বিশ্বাস কৰা হয় মানুহ বিহুৰ দিনা পঁইতা ভাত খালে খোৱা বছৰটোলৈ জুৰণি আৰু বিচনীৰ বা ল’লে বছৰটোলৈ মগজু ঠাণ্ডা থাকে। অসমীয়া লোকসকলে এই দিনটোৰ আগতে বিচনীৰে বা নলয়। ৰঙালী বিহু উপলক্ষ্যে লোক-পৰম্পৰাৰ এটা অংশ হিচাপে উজনি অসমৰ অসমৰ একাংশ লোকে আমৰলি পৰুৱাৰ টোপ আৰু পাটপলুৰ লেটা খায়। লগতে আহোম, মিচিং,দেউৰী, বড়ো, ৰাভা, কাৰ্বি, ডিমাচা, শৰণীয়া, কছাৰী আদি সমাজৰ মাজত সাজপানী খোৱাৰ পৰম্পৰা আছে।
গতিকে ক’ব পাৰি যে অসমীয়া সমাজত এনে ধৰণে বিহু উপলক্ষে বিভিন্ন ধৰণৰ জা-জলপান, পিঠা-পনা, লাড়ু, নিৰামিষ আৰু আমিষ দুয়োবিধ খাদ্য খোৱাৰ উপৰিও নিয়ম অনুযায়ী উপৰোক্ত সামগ্ৰীসমূহ খোৱা হয়। আলহী-অতিথি আপ্যায়ন কৰা হয়।