শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Goru Bihu: কেনেকৈ পালন কৰা হয় গৰু বিহু? ইয়াৰ আঁৰৰ পৰম্পৰা, মহত্ব, তাৎপৰ্য সকলো জানক…

Rongali Bihu 2025 : ১৪ এপ্ৰিল, সোমবাৰে অসমীয়াই পালন কৰিব হেঁপাহৰ গৰু বিহু। সেইদিনাৰ পৰা আৰম্ভ হ'ব সাত বিহুৰ পৰম্পৰা। গৰু বিহুৰ দিনা গাঁৱৰ কৃষকসকলে তেওঁলোকৰ গোহালিৰ পৰা গৰু, ম'হ উলিয়াই নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে।

Goru Bihu: কেনেকৈ পালন কৰা হয় গৰু বিহু? ইয়াৰ আঁৰৰ পৰম্পৰা, মহত্ব, তাৎপৰ্য সকলো জানক…
কাইলৈ গৰু বিহু। কিন্তু এইবাৰৰ বিহুৰ আনন্দ ম্লান পেলাব পাৰে বৰষুণে। কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী।
trishna-kalita
Trishna Kalita | Updated On: 10 Apr 2025 16:40 PM

ব’হাগ বিহুটি অসমীয়া মান। তিনিটা বিহুৰ ভিতৰত প্ৰধান ৰঙালী বিহু। চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয় ব’হাগ বিহু বা ৰঙালী বিহু। ইয়াক সাত বিহু বুলিও জনা যায়। এই সাত বিহুৰ প্ৰথম দিনাই হ’ল গৰু বিহু। ৰঙালী বিহু উপলক্ষে উজনিৰ পৰা নামনিলৈ সকলোতে দেখা যায় উখল-মাখল পৰিৱেশ। চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। এই দিনটোত অসমীয়া ৰাইজে ঘৰৰ গোহালিৰ গৰুকেইটাৰ মংগল তথা সু-স্বাস্থ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

১৪ এপ্ৰিল, সোমবাৰে অসমীয়াই পালন কৰিব হেঁপাহৰ গৰু বিহু। সেইদিনাৰ পৰা আৰম্ভ হ’ব সাত বিহুৰ পৰম্পৰা। গৰু বিহুৰ দিনা গাঁৱৰ কৃষকসকলে তেওঁলোকৰ গোহালিৰ পৰা গৰু, ম’হ উলিয়াই নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে। সেইদিনাই গৰুৰ শিঙত তেল আৰু গাত মাহ-হালধি লগোৱা হয়। তাৰ পাছত দীঘলতি পাত, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খোৱাই ঘৰৰ গৰু কেইটাৰ দীৰ্ঘায়ু আৰু ন শক্তি কামনা কৰে। তাৰ পিছতে গা ধুওৱাৰ পৰ্ব আৰম্ভ হয়। গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে মংগল কামনাৰে  লাউ, বেঙেনা, হালধি আদি গালৈ ছটিওৱা হয়।  অসমীয়াই এনেদৰে গায়-

লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু বাপেৰ সৰু, তই হ’বি বৰ বৰ গৰু।।

দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত।
মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত।।

এই সকলো নিয়মৰ পৰা আজৰি হৈ গৃহস্থই ঘৰলৈ আহি স্নান কৰে। জনপ্ৰবাদ অনুসৰি সেইদিনা গৰুৰ গাত ঘঁহা মাহ -হালধিৰে গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি। গৰুৰ শিঙত ঘঁহা তেলো মানুহে গাত ঘঁহে। সেইদিনা বহু অসমীয়াই ঘৰৰ গৰুকেইটাৰ মংগলৰ অৰ্থে ভগবানৰ ওচৰত মিনতি নিবেদি গোসাঁইঘৰত প্ৰাৰ্থনা জনায়। গাঁৱৰ বুঢ়ামেথাই সেইদিনা নামঘৰত সমবেত হৈ সমজুৱাকৈ শৰাই আগবঢ়ায়। ঘৰৰ সকলো সদস্যই একেলগে বহি চিৰা–দৈৰে এসাজ জলপান খোৱাটো অসমীয়া সমাজৰ এক চিৰাচৰিত নিয়ম।

গধূলি সময়ত গৰু-ম’হবোৰক দীঘলতী, মাখীয়তি, তৰাবোৰেৰে কোৱাই ঘৰলৈ খেদি আনে আৰু নতুন পঘাৰে বন্ধা হয় ৷ এই নতুন পঘাৰে গৰুবোৰ বন্ধাৰ আগতে চোতাল বিশেষ ঠাইডোখৰ পানীৰে মচি-কাচি এখিলা আগলি কলাপাত মাটিত পাৰি তাৰ ওচৰত এযোৰ তামোল-পাণ, মাটিৰ চাকি জ্বলাই পাতৰ ওপৰত পঘাবোৰ ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়, যাতে গৰু-ম’হবোৰক মাৰি মৰকে লম্ভিৱ নোৱাৰে।  তাৰ পাছত খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। অসমবাসীৰ মাজত ইয়াক ‘জাগ দিয়া’ বুলি কোৱা হয়। বিশ্বাস অনুসৰি অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে।

অসমৰ বহু সমাজৰ লোকে গৰু বিহুৰ দিনাই এশ এবিধ শাক-পাছলি একেলগে ৰান্ধি খোৱাৰ নিয়ম আছে। অৱশ্যে অসমৰ বহু ঠাইত সাতবিহুৰ দিনাহে এই প্ৰথা প্ৰচলিত হোৱা দেখা যায়। ইয়াকে ‘সাতশাকী’ বোলে। অৱশ্যে অঞ্চলভেদে এশ এবিধৰ সলনি এশ আঠবিধ শাক খোৱাৰো পৰম্পৰা আছে।

লগতে পঢ়ক: ব’হাগ বিহুত কিয় খোৱা হয় ‘সাতশাকী’? ১০১ বিধ শাকৰ ভিতৰত কি কি আছে জানেনে?