শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Rongali bihu 2025 Wishes: এনেকৈ আপোনজনক প্ৰেৰণ কৰক ৰঙালী বিহুৰ শুভেচ্ছা…

Rongali Bihu 2025 Wishes in Assamese: হেঁপাহৰ ৰঙালী বিহুলৈ সাজু প্ৰতিগৰাকী অসমীয়া। অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালী বিহু। পৰম্পৰা অনুসৰি এই বিহুত আপোনজনক বিহুৱান দিয়া হয় লগতে বিহু গীত -নৃত্য কৰি আনন্দ কৰা হয়।

Rongali bihu 2025 Wishes: এনেকৈ আপোনজনক প্ৰেৰণ কৰক ৰঙালী বিহুৰ শুভেচ্ছা…
ৰঙালী বিহুৰ শুভেচ্ছা
barasha-sarma
Barasha Sarma | Updated On: 14 Apr 2025 14:33 PM

কুলিৰ মাতত বসন্ত আহে, বসন্তৰ বকোচাত বহাগ আছে। বহাগ মানে প্ৰাণৰ উৎসৱ। প্ৰতিগৰাকী অসমীয়াৰ হেঁপাহৰ এই বিহু।   অসমীয়াৰ আদৰৰ হেঁঁপাহৰ ৰঙালী বিহুটিৰ সময়ত ইজনে-সিজনক বিহুৱান দিয়া, জ্যেষ্ঠজনক সেৱা জনোৱা আদি পৰম্পৰা অতীজৰে কপৰা চলি আছে।  এই বিহুটিক সকলোৱে বিহু গীত গাই- নৃত্য কৰি আনন্দ কৰে। যাৰ বাবে বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয় । দিন বাগৰাৰ লগে লগে বিহুৰ বহু পৰম্পৰা নোহোৱৈ হৈ গ’লেও আজিও প্ৰতিগৰাকী অসমীয়াৰ তেজত আছে জাতীয় উৎসৱ বিহু।

ৰঙালী বিহু কেতিয়া

৭ দিন পৰ্যন্ত ৰঙালী বিহু পালন কৰা হয়। এই বিহু কেইটা-  ‘গৰু বিহু’, ‘মানুহ বিহু’, ‘গোসাঁই বিহু’, ‘তাঁতৰ বিহু’, ‘নাঙলৰ বিহু’, ‘জীয়ৰী বা চেনেহী বিহু’, আৰু ‘চেৰা বিহু’।  চতৰ সংক্ৰান্তিৰ দিনাৰ পৰা পালন কৰা হয় বিহু। ইংৰাজী তাৰিখ অনুসৰি এইবাৰ ১৪ এপ্ৰিলত পালন কৰা হব গৰু বিহু আৰু ১৫ এপ্ৰিলত মানুহ বিহু।

বিহুতেই অসমীয়াৰ অস্তিত্ব নিহিত হৈ আছে। সেয়ে হয়তো বিভিন্নজনে বিহুৰ সময়ত ঘৰলৈ ঢাপলি মেলে। কিন্তু আজিৰ ব্যস্ত জীৱনত একাংশই আপোনজনৰ পৰা দূৰৈত থাকি এই বিহু পালন কৰিবলগীয়া হয়।  গতিকে সেই আপোনজনক আপুনি তলত দিয়া ধৰণে ৰঙালী বিহুৰ শুভেচ্ছা জনাব পাৰে-

  1. হেঁপাহৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা। আশা কৰো ৰঙালীৰ দৰে তোমাৰ জীৱন ৰঙীণ হৈ পৰক।
  2. চ’তে গৈয়ে গৈয়ে বহাগ পালেহি, ফুলিলে ভেবেলি লতা,কৈনো কৈ থাকিলে ওৰকে নপৰে, বহাগৰ বিহুটিৰ কথা- সকলোলৈ হেঁপাহৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা।
  3. ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা ওলগ জনালো। আশা কৰো, বিহুটিয়ে আমাৰ সাতামপুৰুষীয়া এনাজৰীডাল সুদৃঢ় কৰি সমাজলৈ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক।
  4. সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। আশা কৰো এই বিহুয়ে সমাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী মজবুত কৰক।
  5. অতিকে চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাঁকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নাপাতি কেনেকৈ থাকো- তোমাক আৰু তোমাৰ পৰিয়াললৈ ৰঙালী বিহুৰ শুভেচ্ছা।
  6. বহাগ মাঁথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাহ- সকলোলৈ হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।
  7. সকলোলৈ বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।
  8.  হেঁপাহৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা। ৰঙালীৰ আনন্দই সুখ-সম্প্ৰীতি আৰু সমৃদ্ধি কঢ়িয়াই আনক আপোনাৰ জীৱনলৈ, তাৰেই কামনা।
  9. বসন্তৰ আগমনে, কুলিৰ মাতে, ঢোলৰ চাপৰে, পেপাৰ লহৰৰে, কপৌ ফুলৰ সুগন্ধৰে, ৰঙালী হৈ পৰক জীৱন-তোমালৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা।
  10. বহাগ বিহুৰ ওলগ জনালো। আশা কৰো, বহাগে শুভ বাৰ্তা কঢ়িয়াই আনক তোমাৰ জীৱনলৈ।