শাওনৰ মাহত আছে দুটা বিশেষ দিন! সফল হ’ব মনৰ আশা, জানক এই দিন কেইটা…
শাওনৰ পবিত্ৰ একাদশীক পুত্ৰদা একাদশী বোলা হয়। পুত্ৰৰ একাদশী মানে পুত্ৰ জন্মৰ কামনা পূৰণ কৰা একাদশী। নিঃসন্তান লোকৰ বাবে এই একাদশীৰ বিশেষ তাৎপৰ্য আছে
প্ৰতিমাহে দুবাৰকৈ একাদশী ব্ৰত পালন কৰা হয়। এই ব্ৰত ভগৱান বিষ্ণুৰ প্ৰতি সমৰ্পিত। ইয়াৰে এটা কৃষ্ণ পক্ষত আনটো শুক্ল পক্ষত। ধৰ্মীয় বিশ্বাস অনুসৰি একাদশী ব্ৰত পালন কৰিলে মানুহে সকলো দুখৰ পৰা মুক্তি লাভ কৰে আৰু বৈবাহিক জীৱন সুখকৰ হয়। কিছুদিন পাছতেই আৰম্ভ হ’ব শাওনৰ মাহ। এই মাহটোত ভগৱান শিৱৰ পূজা কৰিলে সুফল পোৱা যায় বুলি কোৱা হয়। গতিকে শাওনক কেতিয়া একাদশী পালন কৰা হ’ব জানো আহক-
দুটা একাদশী
বৈদিক পঞ্জিকা অনুসৰি কামিকা আৰু পুত্ৰদা একাদশী নামৰ দুটা বিশেষ একাদশী শাওন মাহত পৰে। কামিকা একাদশীৰ ব্ৰত পালন কৰিলে মানুহৰ সকলো ইচ্ছা পূৰণ হয় বুলি ধৰ্মীয় বিশ্বাস আছে। একে সময়তে পুত্ৰদা একাদশীৰ ব্ৰত পালন কৰি বিবাহিত মহিলাসকলে সুখ, সৌভাগ্য আৰু সন্তান লাভ কৰে বুলি কোৱা হয়।
একাদশী কেতিয়া
হিন্দু পঞ্জিকা অনুসৰি শাওন মাহৰ কৃষ্ণ পক্ষৰ একাদশী তিথি অহা ৩০ জুলাই সন্ধিয়া ০৪:৪৪ বজাৰ পৰা আৰম্ভ হ’ব। আনহাতে অন্ত পৰিব পিছদিনা অৰ্থাত ৩১ জুলাইৰ বিয়লি ০৩:৫৫ বজাত। এই সময়ত ৩১ জুলাইত কামিকা একাদশীৰ ব্ৰত পালন কৰা হ’ব।
বিশ্বাস অনুসৰি এই একাদশীত ব্ৰত ৰাখিলে ভক্তৰ সকলো মনৰ আশা পূৰণ হয় আৰু পাপৰ পৰা মুক্তি লাভ কৰে। শাওণ মাহত ব্ৰতৰ গুৰুত্ব অধিক আছে। দেৱশয়নী একাদশীৰ পাছত এইটো প্ৰথম একাদশী যত ভগৱান বিষ্ণু যোগ নিদ্ৰাত থাকে।
পুত্ৰদা একাদশী
শাওণ মাহৰ দ্বিতীয়টো একাদশী পুত্ৰদা একাদশী। পঞ্জিকা অনুসৰি শাওন মাহৰ শুক্লপক্ষৰ একাদশী কিথি ১৫ আগষ্টৰ পুৱা ১০ বাজি ২৬ মিনিটত আৰম্ভ হৈ ১৬ আগষ্টৰ পুৱা ৯ বাজি ৩৯ মিনিটত সমাপ্ত হব। গতিকে ১৬ আগষ্টত পুত্ৰদা একাদশী পালন কৰা হ’ব।
শাওনৰ পবিত্ৰ একাদশীক পুত্ৰদা একাদশী বোলা হয়। পুত্ৰৰ একাদশী মানে পুত্ৰ জন্মৰ কামনা পূৰণ কৰা একাদশী। নিঃসন্তান লোকৰ বাবে এই একাদশীৰ বিশেষ তাৎপৰ্য আছে। এই দিনটোত সঁচা অন্তৰেৰে উপবাস কৰি শ্ৰী হৰি বিষ্ণুক পূজা কৰি পুত্ৰ জন্মৰ কামনা পূৰ্ণ হয়। ইয়াৰ বাহিৰেও এই একাদশীত ব্ৰত পালন কৰিলে শিশুৰ লগত জড়িত সকলো বিপদ নাইকিয়া হয় আৰু সন্তান জন্ম দিয়াৰ সৰ্বোত্তম সুখ পোৱা যায়। লগতে শিশুৱে দীৰ্ঘায়ু আৰু স্বাস্থ্য লাভ কৰে। এইবাৰ ২০২৪ চনৰ ২২ জুলাই অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হব শাওন মাহ।