শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Shantanu Naidu: টাটা মটৰছৰ জেনেৰেল মেনেজাৰ পদত শান্তনু নাইডু, তেওঁ কোন জানেনে ?

শান্তনু নাইডুক টাটা মটৰছৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে । একে সময়তে তেওঁক কৌশলগত পদক্ষেপৰ মুৰব্বী হিচাপেও নিযুক্তি দিয়া হৈছে।

Shantanu Naidu: টাটা মটৰছৰ জেনেৰেল মেনেজাৰ পদত শান্তনু নাইডু, তেওঁ কোন জানেনে ?
ৰতন টাটাৰ সৈতে শান্তনু নাইডু
manas-borah
Manas Borah | Published: 05 Feb 2025 07:39 AM

ৰতন টাটাৰ ঘনিষ্ঠ ‘যুৱ বন্ধু’ আছিল শান্তনু নাইডু । ছাঁটোৰ দৰে ৰতন টাটাৰ লগত আছিল শান্তনু নাইডু । বৰ্তমান এইগৰাকী শান্তনু নাইডুক টাটা মটৰছৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে । একে সময়তে তেওঁক কৌশলগত পদক্ষেপৰ মুৰব্বী হিচাপেও নিযুক্তি দিয়া হৈছে। টাটা মটৰছৰ শীৰ্ষ স্থান লাভ কৰাৰ পিছতে শান্তনুৱে নিজৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে ।

তেওঁ লিংকডইনত লিখিছে, “মই ঘোষণা কৰি সুখী যে মই টাটা মটৰছৰ জেনেৰেল মেনেজাৰ আৰু ষ্ট্ৰেটেজিক ইনিচিয়েটিভ হেড হিচাপে কাম আৰম্ভ কৰিবলৈ ওলাইছো। মনত আছে যেতিয়া দেউতাই টাটা মটৰছৰ প্লাণ্টৰ পৰা বগা চাৰ্ট আৰু নীলা পেণ্ট পিন্ধি ঘৰলৈ খোজ কাঢ়ি আহিছিল, মই খিৰিকীৰ কাষত বহি তেওঁৰ বাবে অপেক্ষা কৰিছিলোঁ। চাৰ্কল সম্পূৰ্ণ হ’ল ।”

শান্তনু নাইডুৱে ২০১৪ চনত সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ২০১৬ চনত কৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা এম বি এ কৰে। এই সময়তে তেওঁৰ ৰতন টাটাৰ লগত কথা-বতৰা হৈছিল। ২০১৪ চনত শান্তনুৱে ৰাজপথৰ কুকুৰক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ বিশেষ কলাৰ প্ৰস্তুত কৰিছিল, যিটোৱে ৰতন টাটাৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

প্ৰথম সাক্ষাতৰ পাছতে দুয়োৰে মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছিল। শান্তনু যেনেকৈ ৰতন টাটাৰ ভাষণ, আচাৰ-ব্যৱহাৰত আপ্লুত হৈছিল, ৰতন টাটাইও শান্তনুক তেওঁৰ চিন্তা আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে ভাল পাইছিল। দুয়োৰে কুকুৰৰ প্ৰতি গভীৰ প্ৰেম আছিল। এইদৰেই শান্তনুৰ গুৰু হৈ পৰিল ৰতন টাটা। শান্তনু নাইডুৱে ২০১৮ চনত ৰতন টাটাৰ সহায়ক হিচাপে কাম আৰম্ভ কৰিছিল।

শান্তনুৱে মৰমেৰে ৰতন টাটাক লাইট হাউচ বুলি মাতিছিল। শান্তনু নাডুৱে “I Came Upon a Lighthouse” নামৰ কিতাপখনত তেওঁলোকৰ বন্ধুত্বৰ বিষয়ে, একেলগে কৰা বিভিন্ন দুঃসাহসিক অভিযানৰ বিষয়ে লিখিছিল। তেওঁৰ ব্যক্তিগত জীৱনত ৰতন টাটা কেনে আছিল সেই কথাও তেওঁ কিতাপখনত আলোকপাত কৰিছে ।