5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Shardiya Navratri 2024: এই দিনটোৰ পৰা আৰম্ভ নৱৰাত্ৰি? শাৰদীয় নৱৰাত্ৰিত কি কৰিব কি নকৰিব জানক

Shardiya Navratri 2024: শাৰদীয় নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, দেৱী দুৰ্গাৰ ৯ টা ৰূপৰ প্ৰতি উৎসৰ্গিত। এই উৎসৱ ৯ দিন পালন কৰি দেৱীৰ বিভিন্ন ৰূপ পূজা কৰা হয়। বিশ্বাস কৰা হয় যে নৱৰাত্ৰিৰ সময়ত কিছু বিশেষ কাম কৰিব লাগিব আৰু একে সময়তে কিছু কাম এৰি চলিব লাগে।

Shardiya Navratri 2024: এই দিনটোৰ পৰা আৰম্ভ নৱৰাত্ৰি? শাৰদীয় নৱৰাত্ৰিত কি কৰিব কি নকৰিব জানক
শাৰদীয় নৱৰাত্ৰিত কি কৰিব কি নকৰিব জানক
Follow Us
barasha-misra
Barasha Misra | Published: 24 Sep 2024 21:34 PM

Shardiya Navratri 2024 : হিন্দু পঞ্জিকা অনুসৰি আহিন মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তাৰিখৰ পৰা নৱৰাত্ৰি পূজা আৰম্ভ হয়। এইবাৰ ২০২৪ চনৰ ৩ অক্টোবৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব শাৰদীয় নৱৰাত্ৰি। ধৰ্মীয় বিশ্বাস অনুসৰি নৱৰাত্ৰি পূজাৰ ৯ দিনত দুৰ্গা দেৱীৰ ৯ টা ভিন্ন ৰূপ পূজা কৰা হয়। শাৰদিয় নৱৰাত্ৰিৰ মূল উদ্দেশ্য হৈছে দেৱী দুৰ্গাক পূজা কৰা আৰু তেওঁৰ আশীৰ্বাদ বিচৰা।

বিশ্বাস কৰা হয় যে এই ৯ দিনত মাতৃ দুৰ্গাই পৃথিৱীত বাস কৰি নিজৰ ভক্তক ৰক্ষা কৰে। বিশ্বাস মতে নৱৰাত্ৰিৰ দিনবোৰ অতি পবিত্ৰ, যদিও এই দিনবোৰত আপুনি উপবাসে নাথাকে তথাপিও এই দিনবোৰত ভুলতেও কিছু কাম কৰা উচিত নহয়। নৱৰাত্ৰিৰ সময়ত কিছু কাম কৰিবই লাগিব, তেনে কৰিলে নৱৰাত্ৰি পূজাৰ শুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়।

শাৰদীয় নৱৰাত্ৰি ২০২৪ কেতিয়া? (Shardiya Navratri 2024 Date)

পঞ্চাঙৰ তথ্য অনুসৰি আহিন মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি ৩ অক্টোবৰৰ পুৱা ১২.১৯ বজাৰ পৰা আৰম্ভ হ’ব, আৰু পিছদিনা ৪ অক্টোবৰৰ পুৱা ২.৫৮ বজাত শেষ হ’ব। উদয়া তিথিৰ মতে, ২০২৪ চনৰ ৩ অক্টোবৰ বৃহস্পতিবাৰৰ পৰা শাৰদীয় নৱৰাত্ৰি আৰম্ভ হ’ব আৰু এই উৎসৱৰ অন্ত পৰিব ২০২৪ চনৰ ১২ অক্টোবৰ শনিবাৰে।

শাৰদীয় নৱৰাত্ৰিৰ সময়ত এইবোৰ কাম কৰক

  1.  মা দুৰ্গাই ৰঙা ৰং বৰ ভাল পায়। ৰঙা ৰঙক সমৃদ্ধি, সৌভাগ্য, ক্ষমতা, প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰা হয়। নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাক ৰঙা ফুল আগবঢ়াওক আৰু লগতে ৰঙা ৰঙৰ কাপোৰ আগবঢ়াওক।
  2. নৱৰাত্ৰিৰ সময়ত দুৰ্গা দেৱীৰ বিভিন্ন ৰূপ পূজা কৰক। বিশেষভাৱে মা দুৰ্গাক দৈনিক নতুন নতুন ফুল, ফলমূল, মিঠাই আগবঢ়াব।
  3. নৱৰাত্ৰিৰ সময়ত প্ৰতিদিনে দুৰ্গা দেৱীৰ মন্ত্ৰ জপ কৰি ধ্যান কৰক। ইয়াৰ ফলত মানসিক শান্তি আৰু একাগ্ৰতা বৃদ্ধি পায় আৰু পৰিয়ালত সুখ কঢ়িয়াই আনে।
  4. নৱৰাত্ৰিৰ পবিত্ৰ দিনত আৰ্তজনক দান বা সেৱা আগবঢ়াওক। এই কামটো অতি গুণী কাম বুলি গণ্য কৰা হয় আৰু কৰিলে শুভ ফল পোৱা যায়।

শাৰদীয় নৱৰাত্ৰিত কি নকৰিব জানক

  1. নৱৰাত্ৰিৰ ৯ দিন অখণ্ড জ্যোতি জ্বলোৱাটো অতি শুভ বুলি গণ্য কৰা হয়, কিন্তু যদি আপুনি অখণ্ড জ্যোতি জ্বলাই আছে, তেন্তে ঘৰখন কেতিয়াও খালীকৈ নাৰাখিব আৰু লগতে অখণ্ড জ্যোতি নুমাই যাবলৈ নিদিব।
  2. নৱৰাত্ৰিৰ ৯ দিনত ভুলতেও আমিষ আৰু সুৰা সেৱন কৰা উচিত নহয়।
  3. নৱৰাত্ৰিৰ সময়ত নেতিবাচকতাৰ পৰা আঁতৰি থাকি ভাল চিন্তা গ্ৰহণ কৰক আৰু যিকোনো ধৰণৰ বিবাদ বা কাজিয়া পৰিহাৰ কৰক।
  4. পূজাৰ সময়ত নিশ্চয় অনুশাসন মানি চলক। সময়মতে উঠি মাতা ৰাণীক ভক্তিৰে পূজা কৰাটো নৱৰাত্ৰিৰ সময়ত অতি প্ৰয়োজনীয়।

Latest News