Shilajit: সঁচাকৈ শিলাজিতে পুৰুষৰ যৌন শক্তি বৃদ্ধি কৰে নেকি ?
পাহাৰৰ অঞ্চলত পোৱা এই পদাৰ্থবিধক লৈ শেহতীয়াকৈ আন্তজাৰ্তিক পৰ্যায়ত এক ডাঙৰ ব্যৱসায় আৰম্ভ হৈছে । এই শিলাজিত আচলতে কি ? শিলাজিতে কি কাম কৰে?

শিলাজিতে বৰ্তমান সময়ত অধিক জনপ্ৰিয়তা লাভ কৰিছে । পাহাৰৰ অঞ্চলত পোৱা এই পদাৰ্থবিধক লৈ শেহতীয়াকৈ আন্তজাৰ্তিক পৰ্যায়ত এক ডাঙৰ ব্যৱসায় আৰম্ভ হৈছে । এই শিলাজিত আচলতে কি ? শিলাজিতে কি কাম কৰে? বিশেষকৈ শিলাজিত হিমালয়ৰ পাদদেশৰ উপৰিও নেপাল, ভূটান, তিব্বতৰ ওখ পাহাৰতো পোৱা যায়। বিশেষজ্ঞসকলৰ মতে, পুৰণি ধাতু আৰু উদ্ভিদৰ বিভিন্ন উপাদানৰ সংমিশ্ৰণত পাহাৰৰ শিলাখণ্ডত শেলাইৰ দৰে এক ডাঠ আৱৰণ সৃষ্টি হয় । ঠাণ্ডাৰ সময়ছোৱাত ই গোট মাৰি থাকে আৰু গৰম অহাৰ লগে লগে এই শেলাইবিলাক গলিবলৈ আৰম্ভ কৰে। ইয়াৰ পাছতে গলিত পদাৰ্থসমূহ শিলাখণ্ডৰ পৰা বিচ্ছিন্ন হৈ ওলমি পৰে । ইয়াক শিলাজিত হিচাপে টুকুৰা- টুকুৰা কৰি সংগ্ৰহ কৰা হয় ।
দিল্লীস্থিত স্বাস্থ্য প্ৰশিক্ষক ইশাংকা ৱাহীয়ে দাবী কৰিছে যে, শিলাজিতে পুৰুষ-মহিলাৰ শৰীৰৰ বহু সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰে । তেওঁৰ মতে, অনিয়মিত মাহেকীয়া, পেটৰ তীব্ৰ বিষত ভুগি থকা মহিলাসকলৰ বাবে শিলাজিত অতি উপকাৰী। কেৱল এয়াই নহয়, ই অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে । একেদৰে মানসিক চাপ হ্ৰাস, মনোযোগ বৃদ্ধি, মহিলাৰ শাৰীৰিক দুৰ্বলতা হ্ৰাস কৰা বাবেও অতি উপকাৰী । একেদৰে যৌৱন ধৰি ৰখাত শিলাজিত উপকাৰী বুলি কোৱা হৈছে ।
এতিয়া প্ৰশ্ন হয়, পুৰুষৰ বাবে শিলাজিত কিমান উপকাৰী ? শিলাজিতে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰে বুলি ডাঃ মিকি মেহতাই দাবী কৰিছে । তেওঁৰ মতে, শিলাজিতে টেষ্টোষ্টেৰন বৃদ্ধি, প্ৰজনন ক্ষমতা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে সংগম শক্তি বৃদ্ধি, শৰীৰ সতেজ কৰি ৰখাৰ লগতে ক্লান্তিৰ পৰা ৰক্ষা কৰে। একেদৰে শিলাজিতে শৰীৰৰ বেয়া কলেষ্টেৰল হ্ৰাস কৰে। মানসিক ভাগৰ কমোৱাত সহায় কৰে। ৰক্ত সঞ্চালন বৃদ্ধি কৰে বুলি কোৱা হৈছে।
২০১৬ চনৰ এক অধ্যয়নৰ উদ্ধৃতি দি ইশাংকা ৱাহীয়ে কয় যে, যিসকল পুৰুষে ৯০ দিন বিশুদ্ধ শিলাজিত বড়ি বা টেবলেটৰ ৰূপত গ্ৰহণ কৰিছিল তেওঁলোকৰ টেষ্টষ্টেৰনৰ মাত্ৰা ২৩.৫ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱা দেখা গৈছিল। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ এটা কোম্পানীয়ে প্ৰতি ১৫ গ্ৰামত ৩৭০০ টকাত শিলাজিত বিক্ৰী কৰি শিৰোনাম দখল কৰিছিল। আজি ভাৰতৰ বহু জনপ্ৰিয় ব্ৰেণ্ডে গ্ৰাহকক শিলাজিত গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। আপুনি জানি আচৰিত হ’ব যে, বেছিভাগ শিলাজিত ভাৰতৰ পৰা পশ্চিমীয়া দেশলৈ ৰপ্তানি কৰা হয়।
ডাঃ মেহতাৰ মতে, গৰ্ভৱতী মহিলা, উচ্চ ইউৰিক এচিড, বৃক্ক বা যকৃতৰ সমস্যা থকা মহিলাসকলে শিলাজিতসেৱনৰ বিৰূপ প্ৰভাৱ অনুভৱ কৰিব পাৰে। কেৱল সেয়াই নহয়, অন্যান্য দ্ৰব্য মিশ্ৰন কৰা শিলাজিতে শৰীৰ ক্ষতি কৰিব পাৰে। এই ধৰণৰ শিলাজিত গ্ৰহণ কৰিলে এলাৰ্জী, ফোহা, মূৰ ঘূৰোৱা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে।
(এই লিখনিটো তথ্য় যোগান ধৰাৰ উদ্দেশ্যে প্ৰকাশ কৰা হৈছে । বিজ্ঞাপন নহয় । যিকোনো ঔষধ খোৱাৰ আগতে সদায় চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।)