আপোনাৰো এলোভেৰা কাটি মুখত লগালে খজুৱাই নেকি? জানক এলোভেৰাৰ অপকাৰী গুণৰ বিষয়ে

এলোভেৰা জেলৰ সঠিক ব্যৱহাৰে আপোনাৰ ছালৰ বাবে আশীৰ্বাদ স্বৰূপ হ’ব পাৰে, কিন্তু প্ৰয়োগ কৰাৰ আগতে আপোনাৰ ছালখনৰ বিষয়ে বুজাটো গুৰুত্বপূৰ্ণ। এলোভেৰা জেল পোনে পোনে মুখত লগালে কিছু অসুবিধা হ’ব পাৰে। ইয়াৰ ফলত হোৱা পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানো আহক।

আপোনাৰো এলোভেৰা কাটি মুখত লগালে খজুৱাই নেকি? জানক এলোভেৰাৰ অপকাৰী গুণৰ বিষয়ে

আপোনাৰো এলোভেৰা কাটি মুখত লগালে খজুৱাই নেকি?

Updated On: 

03 Jan 2025 18:17 PM

ছালৰ যত্নৰ বাবে এলোভেৰাক সৰ্বোত্তম বুলি গণ্য কৰা হয়। ই ছালৰ আৰ্দ্ৰতা বজাই ৰখা, জ্বলন কমোৱা আৰু দাগ আঁতৰোৱাত সহায় কৰে। এলোভেৰা জেল মুখত লগাই তৎক্ষণাত সতেজতা আৰু উজ্জ্বলতা বঢ়োৱাৰ বাবে যথেষ্ট জনপ্ৰিয়। কিন্তু আপুনি জানেনে যে কেঁচা এলোভেৰা জেল সকলোৰে বাবে উপকাৰী নহয়? সঠিক তথ্য আৰু পৰীক্ষা নকৰাকৈ পোনে পোনে মুখত লগালে পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।

সকলোৰে ছালৰ প্ৰকাৰ বেলেগ বেলেগ আৰু ই প্ৰতিখন ছালৰ বাবেই যে উপকাৰী হ’ব সেয়া প্ৰয়োজনীয় নহয়। এলোভেৰা জেলৰ প্ৰয়োগ কৰিলে সুফল আছে যদিও ইয়াৰ কিছু পাৰ্শ্বক্ৰিয়াও আছে, যিয়ে আপোনাৰ ছালৰ ক্ষতি কৰিব পাৰে।

কেঁচা এলোভেৰা প্ৰয়োগৰ ৪ টা পাৰ্শ্বক্ৰিয়া

  • এলাৰ্জিঃ এলোভেৰাত থকা লেটেক্সৰ ফলত কিছুমান মানুহৰ ছালত এলাৰ্জি হ’ব পাৰে। এলোভেৰা জেল লগালে মুখত খজুৱতি, ৰঙা পৰা বা ফুলাৰ দৰে সমস্যা হ’ব পাৰে। যদি আপোনাৰ ছালত এই লক্ষণ দেখা দিয়ে তেন্তে লগে লগে ব্যৱহাৰ বন্ধ কৰক।
  • ছালৰ জ্বলনঃ কেঁচা এলোভেৰাত কিছুমান প্ৰাকৃতিক এনজাইম থাকে, যিয়ে চেনচিটিভ ছালত বিষৰ সৃষ্টি কৰিব পাৰে। পোনপটীয়াকৈ প্ৰয়োগ কৰিলে ছালত সামান্য জ্বলা-পোৰা বা চেঁচা অনুভৱ হ’ব পাৰে। গতিকে প্ৰয়োগ কৰাৰ আগতে টেষ্ট কৰিব লাগে।
  • সূৰ্যৰ পোহৰৰ সংবেদনশীলতা: এলোভেৰা জেল প্ৰয়োগ কৰিলে সূৰ্যৰ পোহৰৰত সংবেদনশীলতা হ’ব পাৰে। ইয়াৰ ফলত টেনিং বা ৰ’দত পোৰাৰ কাৰণ হ’ব পাৰে। ইয়াৰ ফলত প্ৰচণ্ড ৰ’দৰ পোহৰত ছালত বিষ বা ৰঙা পৰা হ’ব পাৰে। ইয়াৰ ফলত ৰ’দত পোৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
  • ছালৰ আদ্ৰতাঃ কিছুমান লোকৰ বাবে বাৰে বাৰে ছালত এলোভেৰা জেল লগালে আৰ্দ্ৰতা আঁতৰি যাব পাৰে, যাৰ ফলত ছালখন শুকান আৰু নিৰ্জীৱ হৈ পৰে। গতিকে সম্ভৱ হ’লে গোলাপ জল, বিলাহীৰ ৰস বা বেচনৰ লগত মিহলাই এলোভেৰা প্ৰয়োগ কৰিব লাগে।
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...