শৰীৰত Vitamin C অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে…জানক

ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে তেজত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি থকাটো প্ৰয়োজনীয়। যদি শৰীৰত এই ভিটামিনৰ অভাৱ হয়, তেন্তে কি কি লক্ষণে দেখা দিব পাৰে জানক ।

শৰীৰত Vitamin C অভাৱ হলে কি কি লক্ষণে দেখা দিয়ে...জানক

ভিটামিন চি সমৃদ্ধ ফল

Published: 

18 Jan 2025 15:26 PM

শৰীৰৰ বাবে অতি গুৰুত্ব এক উপাদান হৈছে ভিটামিন চি । শৰীৰটো সুস্থ আৰু শাক্তিশালী হৈ থাকিবলৈ ভিটামিন -C অতি গুৰুত্বপূৰ্ণ । বিশেষকৈ শীতকালত ইয়াৰ প্ৰয়োজনীয়তা অধিক । বিশেষকৈ এই ভিটামিনে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোগ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে । শৰীৰত যদি ভিটামিন-C অভাৱ হয় তেন্তে সহজে মাৰাত্মক ভাইৰাছ অথবা ৰোগে আপোনাৰ শৰীৰত আক্ৰমণ কৰিব পাৰে ।

অতি প্ৰয়োজনীয় ভিটামিন চি শৰীৰত হাড় গঠন, ৰক্তবাহী নলীৰ স্বাস্থ্য আৰু ঘাঁ নিৰাময়ৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও এই ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে তেজত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি থকাটো প্ৰয়োজনীয়। যদি শৰীৰত এই ভিটামিনৰ অভাৱ হয়, তেন্তে কি কি লক্ষণে দেখা দিব পাৰে জানক ।

ভিটামিন চিৰ অভাৱৰ লক্ষণ

ভিটামিন চিৰ অভাৱ হ’লে অস্বাভাৱিক ভাগৰুৱা অনুভৱ কৰিব পাৰে । হয়তো শাৰীৰিক পৰিশ্ৰম নকৰাকৈ আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে । এই লক্ষণে দেখা দিলে আপুনি স্বাস্থ্য়ৰ পৰীক্ষা কৰাটো অতি প্ৰয়োজন ।

ইয়াৰ সামন্তৰালভাৱে শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে দ্ৰুতভাৱে ওজন কমি যোৱা, ভোক কমি যোৱা আদি সমস্যা সৃষ্টি হ’ব পাৰে । ভিটামিন চিৰ অভাৱত শৰীৰত থাইৰয়ড হৰম’নৰ নিঃসৰণ বৃদ্ধি পাব পাৰে। যদি আপোনাৰ অস্বাভাৱিকভাৱে ওজন হ্ৰাস পায় আৰু ভোক নলগা সমস্যাৰ সৃষ্টি হয় তেন্তে আপুনি স্বাস্থ্যৰ পৰীক্ষা কৰক ।

ভিটামিন চিৰ অভাৱৰ এটা প্ৰধান লক্ষণ হৈছে ছালৰ সমস্যা । ভিটামিন চিৰ অভাৱত ছালৰ বিভিন্ন ৰোগ হ’ব পাৰে। ছালত খজুৱতি দৰে সমস্যা সৃষ্টি হ’ব পাৰে । ভিটামিন চিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে কলাজেন উৎপাদনত মূল ভূমিকা পালন কৰে। সুস্থ ছালৰ বাবে কলাজেন প্ৰটিন গুৰুত্বপূৰ্ণ।

ভিটামিন চিৰ প্ৰাকৃতিক উৎস

এই সময়ছোৱাত আমাৰ বজাৰ সমূহত বিভিন্ন শাক-পাচলিৰে ভৰি পৰে । ভিটামিন চিৰ বাবে আপুনি অসমীয়া থলুৱা খেতিয়কে জৈৱিক পদ্ধতিৰে উৎপাদন কৰা সেউজীয়া শাক-পাচলি খাব পাৰে। একে সময়তে ভিটামিন চিৰ অভাৱ দূৰ কৰিবলৈ বতৰৰ ফল খাব পাৰে, যেনে -কমলা টেঙা । মনত ৰাখিব ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ঋতুভিত্তিক ৰোগ যেনে- চৰ্দি, জ্বৰ আৰু কাহৰ পৰা মুক্ত কৰাত সহায় কৰে।

স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া
ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?