ভিটামিন ডিৰ অভাৱৰ ফলত শৰীৰত কি কি লক্ষণে দেখা দিয়ে ?

ভিটামিন ডিৰ অভাৱৰ ফলত শৰীৰত দেখা দিয়া লক্ষণবোৰ কি কি ? আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে বুলি আপুনি কেনেকৈ বুজিব ? জানোঁ আহক..

ভিটামিন ডিৰ অভাৱৰ ফলত শৰীৰত কি কি লক্ষণে দেখা দিয়ে ?

প্ৰতীকী ফটো

Published: 

02 Mar 2025 06:57 AM

ৰ’দৰ পোহৰে আমাৰ শৰীৰত ভিটামিন ডিৰ যোগান ধৰে । ৰাতিপুৱা ৰ’দৰ পোহৰৰ দ্বাৰা ভটামিন ডিৰ অভাৱ পূৰণ কৰিব পাৰি । যদি শৰীৰত ভিটামিন ডিৰ অভাৱ হয়, তেন্তে শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে । ইয়াৰ ফলত ভিটামিন ডিৰ পৰিপূৰক বা ভিটামিন ডি সমৃদ্ধ খাদ্য খোৱাৰ প্ৰয়োজন আহি পৰে ।

পিছে ভিটামিন ডিৰ অভাৱৰ ফলত শৰীৰত দেখা দিয়া লক্ষণবোৰ কি কি ? আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে বুলি আপুনি কেনেকৈ বুজিব ? জানোঁ আহক..

শৰীৰত ভিটামিন ডিৰ অভাৱৰ লক্ষণ

শৰীৰত ভিটামিন ডিৰ অভাৱ হ’লে সকলো সময়তে ভাগৰুৱা অনুভৱ কৰাটো এটা ডাঙৰ লক্ষণ। ৰাতি ভাল টোপনিৰ পিছতো ৰাতিপুৱা মনত টোপনিৰ এটা ভাৱ থাকিব পাৰে। অলপ কষ্ট কৰাৰ পাছতে ভাগৰুৱা অনুভৱ কৰিব । যদি একেৰাহে কেইবাদিনো এই সমস্যাৰ সৃষ্টি হয়, তেন্তে আপুনি বুজিব যে আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে।

ভিটামিন ডিৰ অভাৱ হ’লে শৰীৰত লগা ঘাঁবোৰ সহজে শুকাব নিবিচাৰে। ঘাঁ বা শৰীৰৰ আঘাত ভাল হ’বলৈ বহু সময়ৰ প্ৰয়োজন হয় ।

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। শৰীৰ দুৰ্বল হয়। গতিকে এনে পৰিস্থিতিত আপুনি সঘনাই বেমাৰত পৰিব পাৰে। চৰ্দি আৰু কাহৰ সমস্যা হ’ব পাৰে।

ৰাতি টোপনিৰ সময়ত ভৰিৰ হঠাৎ পেশীবোৰ জঠৰ হ’ব পাৰে। খোজ কঢ়াৰ সময়ত ভৰিৰ মাংসপেশী টানি ধৰিব পাৰে । ইয়াৰ লগতে তীব্ৰ বিষ হ’ব পাৰে।

শৰীৰৰ বিভিন্ন গাঁঠিত তীব্ৰ বিষ হ’ব পাৰে। আঁঠু, কঁকালত এই অংশবোৰত অধিক বিষ অনুভৱ কৰিব পাৰে। গতিকে ভিটামিন ডি অভাৱ পূৰণ কৰিবলৈ উপযুক্ত খাদ্যাভ্যাস গ্ৰহণ কৰক ।

ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী
Holi 2025: ফাকুৱা বা হোলী উৎসৱ কিয় পালন কৰা হয় জানক
কিদৰে পাালন কৰিব লাগে ৰমজানৰ ৰোজা? জানক সবিশেষ