শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এই কাৰণৰ বাবে ৭৫% যুৱক-যুৱতীৰ আহে হাৰ্ট এটেক, নকৰিব এই ভুল!

Heart attack: আজিকালি যুৱ প্ৰজন্মৰ মাজত হাৰ্ট এটেকৰ সমস্যা বৃদ্ধি পাইছে। কোনোবাই ব্যায়াম কৰি থাকোতে, কোনোবাই অন্য কাম কৰি থকাৰ সময়ত হাৰ্ট এটেক হৈ মৃত্যু বৰণ কৰা দেখা যায়। যোৱা কেইবছৰমানৰ পৰা চাইলেন্ট হাৰ্ট এটেক বৃদ্ধি পাইছে।

এই কাৰণৰ বাবে ৭৫% যুৱক-যুৱতীৰ আহে হাৰ্ট এটেক, নকৰিব এই ভুল!
হাৰ্ট এটেকImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 13 Jan 2025 14:00 PM

দেশত দিনক দিনে বৃদ্ধি পাইছে হাৰ্ট এটেকত আক্ৰান্তৰ সংখ্যা। যুৱৰ পৰা বৃদ্ধলৈ প্ৰায় বিভিন্ন বয়সৰলোকে হাৰ্ট এটেক হোৱাৰ ফলত মৃত্যু বৰণ কৰা দেখা যায়। বিশেষকৈ বিগত কেইটামান বছৰৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। যদি কাৰোবাৰ ব্যায়াম কৰি থাকোতে হাৰ্ট এটেক আহে আন কাৰোবাৰ আকৌ মৰ্ণিং ৱাক কৰি থাকোতে হাৰ্ট এটেক অহা দেখা যায়। আনকি এনে বহু ঘটনা দেখা যায় যে নৃত্য কৰি থকা সময়চ, শিক্ষকসকলে পঢ়ুৱাই থকা সময়ত,কাম কৰি থকা সময়ত হাৰ্ট এটেকত আক্ৰান্ত হয়।

যোৱা কেইবছৰ মানৰ পৰা চাইলেন্ট হাৰ্ট এটেক (Silent heart attack) এটেকৰ ঘটনা বৃদ্ধি হোৱা দেখা গৈছে। এই হাৰ্ট এটেক সন্দৰ্ভত এতিয়ালৈকে কোনো বিশেষ তথ্য নাই যদিও চিকিৎসক আৰু বিশেষজ্ঞৰ মতে কোৰোনা মহামাৰীৰ পিছত জীৱনশৈলীৰ পৰিৱৰ্তন আৰু শৰীৰত প্ৰতিৰোধ ক্ষমতাৰ অভাৱৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে।

অত্যাধিক ব্যায়াম

চিকিৎসকৰ মতে, অত্যধিক ব্যায়াম বা শৰীৰক প্ৰয়োজনতকৈ অধিক ক্লান্তি দিয়াৰ বাবে হাৰ্ট এটেক বৃদ্ধি পাইছে। ইয়াৰোপৰি যুৱক-যুৱতীসকলৰ চাইলেন্ট হাৰ্ট এটেকৰ কাৰণ হ’ল, হৃদযন্ত্ৰৰ শিৰাত ব্লক (ব্লাড ক্লট গঠন, blood clot formation ) ৰূপত প্লেক জমা হ’বলৈ আৰম্ভ কৰে আৰু এটা নিৰ্দিষ্ট সীমাৰ পিছত ই ফাটি যায়। তথ্য অনুসৰি ৭৫% যুৱক- যুৱতীৰ হাৰ্ট এটেক হোৱাৰ কাৰণ প্লেক ফাটি যোৱা। যুৱক-যুৱতীৰ ক্ষেত্ৰত প্লেক আকাৰত ব্লকেজ কম বয়সৰ পৰাই জমা হ’বলৈ আৰম্ভ কৰে। ই হৃদযন্ত্ৰৰ শিৰাৰ বিভিন্ন অংশত গোট খাই ধৰে, যাৰ ফলত তেজৰ সঞ্চালনত সমস্যাৰ সৃষ্টি হয়। প্লেক জমা হ’লে তেজৰ সঞ্চালনত বাধা আহে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত এইবোৰ ফাটি যায়। যাৰ ফলত চাইলেন্ট হাৰ্ট এটেক আহে।

হৃদৰোগ বিশেষজ্ঞ ডাঃ অজিত জৈনে কয় যে কোৰোনা ভাইৰাছ হৃদযন্ত্ৰত প্লেক জমা হোৱাৰ অন্যতম কাৰণ। কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱাসকল হাৰ্ট এটেকৰ বেছিকৈ সন্মুখীন হোৱা দেখা যায়। এই ভাইৰাছৰ বাবে হৃদযন্ত্ৰৰ শিৰা বন্ধ হৈ পৰে আৰু কম বয়সতে প্লেক গঠন হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত হাৰ্ট এটেক আহে। বিগত কেইটামান বছৰৰ পৰা এনে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে এনে দিশৰ পৰা হাত সাৰিবলৈ সকলোৱে কিছু সাৱধানতা অৱলম্বন কৰা দৰকাৰ। ব্যায়াম বা জিম এক নিৰ্দিষ্ট সময়ৰ বাবে কৰিব লাগে। অধিক জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

 

 

Latest News