বাৰিষাৰ সময়ত শাক পাচলিত বীজাণুৱে ঠাই ল'ব পাৰে । গতিকে এই সময়ত শাক-পাচলি খোৱাৰ আগতে অলপ সাৱধানতা অৱলম্বন কৰিব ।
এই বতৰত জধেমধে শাক-পাচলি খালে ডায়েৰিয়া আৰু পেট বেয়া হোৱাৰ সম্ভাৱনা থাকে।
বাৰিষা শাক-পাচলি ভালকৈ চাফা কৰি খাব লাগে। যদি আপুনি শাক-পাচলি চাফা কৰাৰ সঠিক নিয়ম নাজানে তেন্তে ই বিপদজনক।
পচি যোৱা শাক-পাচলি আঁতৰাই ৰাখক । পোক-পৰুৱাৰে আক্ৰান্ত পাতবোৰ কাটি পেলাওক। শাকৰ সেউজীয়া পাতবোৰ পৰিষ্কাৰ পানীত ধুব লাগে। পাৰিলে শাক-পাচলি অলপ সময় পানীত ডুবাই ৰাখিব । ই মলি, ৰাসায়নিক পদাৰ্থ পৰিষ্কাৰ কৰিব।
৩ কাপ পানীত ১ কাপ ভিনেগাৰ মিহলাই লওক। তাৰ পিছত শাক-পাচলি ডুবাই দিব। ১০ মিনিটৰ পিছত পাচলিখিনি উলিয়াই ঠাণ্ডা আৰু পৰিষ্কাৰ পানীত ধুব। ভিনেগাৰে সেউজীয়া শাকত থকা সকলো বেক্টেৰিয়াক নিধন কৰে।
ঠাণ্ডা পানীত ১-২ চামুচ বেকিং চোডা মিহলাই লওক। এই মিশ্ৰণত শাক-পাচলি ৫-১০ মিনিট তিয়াই থব পাৰে। ইয়াৰ পিছত আকৌ ঠাণ্ডা পানীত শাক-পাচলি ধুব।
শাক-পাচলি চাফা কৰিবলৈ বজাৰত তৰল চাবোন পোৱা যায়। ইয়াক ব্যৱহাৰ কৰি শাক-পাচলি ধুব পাৰে। এই তৰল চাবোনেৰে ফলমূল আৰু অন্যান্য শাক-পাচলিও পৰিষ্কাৰ কৰিব পাৰে।
শাক-পাচলি সিজোৱাৰ আগতে গৰম পানীত ডুবাই ল'ব পাৰে । সেই পানী পেলাই দিয়ক। তাৰ পিছত শাক-পাচলি ৰান্ধিব। ই শাক-পাচলিত থকা সকলো বীজাণু পৰিষ্কাৰ কৰিব।