ৰন্ধাৰ আগত শাক-পাচলিৰ বীজাণু আঁতৰাবলৈ কি কৰিব ? | Simple ways to clean leafy vegetables in Assamese Assam news - Assam Tv9

Leafy Vegetables: বাৰিষাৰ শাক-পাচলিত বীজানুৱে ঠাই লয় ! ৰন্ধাৰ আগত বীজাণু আঁতৰাবলৈ কি কৰিব ?

Published: 

05 Aug 2024 21:22 PM

বাৰিষাৰ সময়ত শাক পাচলিত বীজাণুৱে ঠাই ল'ব পাৰে । গতিকে এই সময়ত শাক-পাচলি খোৱাৰ আগতে অলপ সাৱধানতা অৱলম্বন কৰিব । এই বতৰত জধেমধে শাক-পাচলি খালে ডায়েৰিয়া আৰু পেট বেয়া হোৱাৰ সম্ভাৱনা থাকে। বাৰিষা শাক-পাচলি ভালকৈ চাফা কৰি খাব লাগে। যদি আপুনি শাক-পাচলি চাফা কৰাৰ সঠিক নিয়ম নাজানে তেন্তে ই বিপদজনক।

1 / 8বাৰিষাৰ সময়ত শাক পাচলিত বীজাণুৱে ঠাই ল'ব পাৰে । গতিকে এই সময়ত শাক-পাচলি খোৱাৰ আগতে অলপ সাৱধানতা অৱলম্বন কৰিব ।

বাৰিষাৰ সময়ত শাক পাচলিত বীজাণুৱে ঠাই ল'ব পাৰে । গতিকে এই সময়ত শাক-পাচলি খোৱাৰ আগতে অলপ সাৱধানতা অৱলম্বন কৰিব ।

2 / 8

এই বতৰত জধেমধে শাক-পাচলি খালে ডায়েৰিয়া আৰু পেট বেয়া হোৱাৰ সম্ভাৱনা থাকে।

3 / 8

বাৰিষা শাক-পাচলি ভালকৈ চাফা কৰি খাব লাগে। যদি আপুনি শাক-পাচলি চাফা কৰাৰ সঠিক নিয়ম নাজানে তেন্তে ই বিপদজনক।

4 / 8

পচি যোৱা শাক-পাচলি আঁতৰাই ৰাখক । পোক-পৰুৱাৰে আক্ৰান্ত পাতবোৰ কাটি পেলাওক। শাকৰ সেউজীয়া পাতবোৰ পৰিষ্কাৰ পানীত ধুব লাগে। পাৰিলে শাক-পাচলি অলপ সময় পানীত ডুবাই ৰাখিব । ই মলি, ৰাসায়নিক পদাৰ্থ পৰিষ্কাৰ কৰিব।

5 / 8

৩ কাপ পানীত ১ কাপ ভিনেগাৰ মিহলাই লওক। তাৰ পিছত শাক-পাচলি ডুবাই দিব। ১০ মিনিটৰ পিছত পাচলিখিনি উলিয়াই ঠাণ্ডা আৰু পৰিষ্কাৰ পানীত ধুব। ভিনেগাৰে সেউজীয়া শাকত থকা সকলো বেক্টেৰিয়াক নিধন কৰে।

6 / 8

ঠাণ্ডা পানীত ১-২ চামুচ বেকিং চোডা মিহলাই লওক। এই মিশ্ৰণত শাক-পাচলি ৫-১০ মিনিট তিয়াই থব পাৰে। ইয়াৰ পিছত আকৌ ঠাণ্ডা পানীত শাক-পাচলি ধুব।

7 / 8

শাক-পাচলি চাফা কৰিবলৈ বজাৰত তৰল চাবোন পোৱা যায়। ইয়াক ব্যৱহাৰ কৰি শাক-পাচলি ধুব পাৰে। এই তৰল চাবোনেৰে ফলমূল আৰু অন্যান্য শাক-পাচলিও পৰিষ্কাৰ কৰিব পাৰে।

8 / 8

শাক-পাচলি সিজোৱাৰ আগতে গৰম পানীত ডুবাই ল'ব পাৰে । সেই পানী পেলাই দিয়ক। তাৰ পিছত শাক-পাচলি ৰান্ধিব। ই শাক-পাচলিত থকা সকলো বীজাণু পৰিষ্কাৰ কৰিব।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!