এনেদৰে ছালত ব্যৱহাৰ কৰক কলৰ বাকলি! হৈ পৰিব ধুনীয়া, নোহোৱা হ’ব শালমইনা…

Skin care: কল স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু আপুনি জানেনে কলৰ বাকলিৰো আছে আচৰিত গুণ? ইয়াৰ ফলত আপোনাৰ ছালৰ বিভিন্ন ধৰণৰ সমস্যা ৰোধ পাব পাৰে।

এনেদৰে ছালত ব্যৱহাৰ কৰক কলৰ বাকলি! হৈ পৰিব ধুনীয়া, নোহোৱা হব শালমইনা...

কলৰ বাকলি

Published: 

28 Jan 2025 07:06 AM

আমি প্ৰায় সকলোৱে জানো যে কল আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। কল খোৱাৰ ফলত দেহত শক্তি লাভ কৰা যায় আৰু ই পাচনতন্ত্ৰ শক্তিশালী কৰে। কিন্তু কল খোৱাৰ পাছত বাকলিটো সাধাৰণতে পেলাই দিয়া হয়। কিন্তু আপুনি জানেনে কলৰ বাকলিৰো আছে বহু উপকাৰ? হয়! কলৰ বাকলি ব্যৱহাৰ কৰি আপুনি ছালৰ সমস্যা নোহোৱা কৰিব পাৰে। ইয়াত থকা পুষ্টিকৰ উপাদান আৰু এন্টিঅক্সিডেন্টছ দুণে আপোনাৰ ছাল উজ্বল কৰাত সহায় কৰাৰ লগতে ইয়াক ধুনীয়া আৰু স্বাস্থ্যবান কৰি ৰাখে। তলত কলৰ বাকলিৰ কিছু উপকাৰ উল্লেখ কৰা হ’ল-

শালমইনা

কলৰ বাকলিত এন্টিবেক্টেৰিয়েল আৰু এন্টিইনফ্লেমেটৰী গুণ থাকে, যিয়ে শালমইনা কম কৰাত সহায় কৰে। ই ছালৰ পৰা অতিৰিক্ত তেল আৰু লেতেৰা পদাৰ্থ আঁতৰাই শালমইনাৰ সমস্যা নিয়ন্ত্ৰণ কৰে।

উজ্বল

কলৰ বাকলিত থকা পটেছিয়াম, ভিটামিন চি, এন্টিএক্সিডেন্টছ গুণে ছালত প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যোগান ধৰে। যি ছালৰ জঠৰতা কম কৰে আৰু ছাল উজ্বল কৰাত সহায় কৰে। কলৰ বাকলি ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ ছাল উজ্বল হৈ পৰে।

ক’লা দাগ

যদি আপোনাৰ চকুৰ তলত ক’লা দাগ আছে তেন্তে কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ই চকুৰ তলৰ ক’লা দাগ কম কৰাত সহায় কৰে। ইয়াত থকা পুষ্টিকৰ উপাদানে ছালত হাইড্ৰেট কৰে আৰু এনে কলা দাগ কম কৰাত সহায় কৰে।

বয়সৰ প্ৰভাৱ

কলৰ বাকলি ব্যৱহাৰ কৰাৰ ফলত মুখ উজ্বল হৈ পৰে। যাৰ ফলত ছালত বয়সৰ প্ৰভাৱ নপৰে। ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু এন্টি এজিং গুণে ছালখন টান কৰি বয়সৰ চাপ কমোৱাত সহায় কৰে।

খজুৱতি

যদি আপোনাৰ ছালত খজুৱতি বা জ্বলা-পুৰা হয় তেন্তে কলৰ বাকৰি ব্যৱহাৰ কৰিব পাৰে। খজুৱতি হৈ থকা স্থানত কলৰ বাকলি ব্যৱহাৰ কৰিলে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।

কেনেকৈ লগাব

  • কলৰ বাকলিৰ ভিতৰৰ অংশ ছালত লাহে লাহে লগাব। প্ৰায় ১০-১৫ মিনিট ছালত লগাই কুহুমীয়া পানীৰে ইয়াক ধুই দিব। ইয়াৰ ফলত শালমইনা আৰু কলা দাগ নোহোৱা হয়।
  • কলৰ বাকলি আপুনি থেতেলিয়াই মিহি কৰি লৈ তাত মৌ আৰু নেমু ৰস দি পেক এটা প্ৰস্তুত কৰক। তাৰ পাছত ইয়াক মুখত লগাই প্ৰায় ১৫ মিনিট ৰাথি ধুই দিয়ক। ইয়াৰ ফলত ছাল উজ্বল হয়।
  • কলৰ বাকলি সৰু সৰুকৈ কাটি কলা দাগবোৰত লগাব। ১০-১৫ মিনিট এনেদৰে ৰাখি পাছত পানীৰে ধুব। নিয়মীয়া ব্যৱহাৰ কৰিলে ক’লা দাগবোৰ পাতল হ’বলৈ আৰম্ভ কৰে।
দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?