ঠাণ্ডাৰ দিনত শুকান হৈ পৰিছে নেকি ছাল? তেন্তে প্ৰতিদিনে কৰক এই কাম…

আৰম্ভ হৈছে শীতকাল। এই সময়চোৱাত মানুহৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে। বিশেষকৈ এই সময়ত ছাল শুকান হৈ পৰে। ছালৰ এই সমস্যা দূৰ কৰিবলৈ কিছুমান অভ্যাস গঢ়ি তুলিব পাৰে।

ঠাণ্ডাৰ দিনত শুকান হৈ পৰিছে নেকি ছাল? তেন্তে প্ৰতিদিনে কৰক এই কাম...

শীতকাল

Published: 

15 Dec 2024 06:59 AM

শীতকাল আৰম্ভ হোৱাৰ লগে লগে বিভিন্নজনৰ শুকান ছালৰ সমস্যাৰ সৃষ্টি হয়।  ঠাণ্ডাৰ দিনত ছালৰ আৰ্দ্ৰতা কমিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ বাবে খজুৱতি, খোঁচনি, ছালত বগা উফি আদি সমস্যা বৃদ্ধি হয়। কিন্তু শীতকালতো ছালৰ যত্ন লোৱা প্ৰয়োজন।  আপুনি ঘৰতেই প্ৰাকৃতিক উপাদেনেৰে ছালৰ যত্ন ল’ব পাৰে।

প্ৰথমে কি কৰিব

ছালখন শুকান হোৱাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান কথা মনত ৰখাটো প্ৰয়োজনীয়। সদায় প্ৰচুৰ পৰিমাণে পানী খাব লাগে যাতে ছালখন ভিতৰৰ পৰা হাইড্ৰেটেড হৈ থাকে। ইয়াৰ বাহিৰেও সুগন্ধিযুক্ত চাবোন আৰু এলক’হলযুক্ত প্ৰডাক্টৰ ব্যৱহাৰ কম কৰিব লাগে। যদি ছাল শুকান হৈ পৰে তেন্তে নখেৰে চুব নালাগে। ইয়াৰ লগতে খাদ্যত ভিটামিন চি সমৃদ্ধ ফল-মূল অন্তৰ্ভুক্ত কৰিব লাগে।

বডি ৱাছ

শীতকালত ছাল শুকান নহ’বলৈ বডি ৱাছ সলনি কৰক। সদায় ছালৰ হিচাপ অনুসৰি বডি ৱাছ ব্যৱহাৰ কৰিব লাগে। ঠাণ্ডাৰ দিনত  এনে চাবোন, বডি ৱাছ আৰু ফেচ ৱাছ ব্যৱহাৰ কৰিব লাগে যিয়ে ছালখন শুকুৱাই নিদিয়ে বৰঞ্চ মইশ্ব’ৰাইজ কৰি ৰাখে। প্ৰতিদিনে নিশা মুখখন চাফা কৰাৰ পিছত টোনিং আৰু মইশ্ব’ৰাইজিং কৰিব লাগে।

গা ধুৱাৰ পূৰ্বে

ছালক ভালদৰে ৰাখিবলৈ বা শুকান হোৱাৰ পৰা ৰক্ষা কৰিবলৈ পূৰ্বৰে পৰা কিছু পদ্ধতি গ্ৰহণ  কৰি অহা হৈছে। গা ধোৱাৰ কমেও আধা ঘণ্টা আগতে ছালত কিছু ভাল তেল যেনে নাৰিকল তেল বা অলিভ অইল লগাব লাগে। এনে কৰিলে ছাল শুকান নহয়।

কাপোৰ

ঠাণ্ডাৰ দিনত বহুতৰে খজুৱতিৰ সমস্যাই দেখা দিয়ে।  ইয়াৰ বাবে গা বা মুখ মচিবৰ বাবে কোমল কাপোৰ ব্যৱহাৰ কৰিব লাগে। ভুলতে ঘঁহি ঘঁহি মুখখন মচিব নালাগে। লগতে আনে ব্যৱহাৰ কৰা কাপোৰ ব্যৱহাৰ কৰিব নালাগে।

গৰম পানী

শীতকালত বেছিভাগ মানুহেই গৰম পানীৰে গা ধুবলৈ ভাল পায় যদিও ইয়াৰ ফলত ছালখন শুকান হৈ পৰে। যদি আপুনি ছালখন কোমল কৰি ৰাখিব বিচাৰে তেন্তে গা ধুবলৈ বা মুখ ধুবলৈ ঠাণ্ডা পানী ব্যৱহাৰ কৰক। বেছি ঠাণ্ডা পৰিলে কুহুমীয়া পানী ব্যৱহাৰ কৰক। বেছি গৰম পানী ছালৰ বাবে বেয়া।

মইশ্ব’ৰাইজ

ছাল অনুযায়ী মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰক আৰু গা ধোৱাৰ পিছত ছালখন মইশ্ব’ৰাইজ কৰক। লগত এটা সৰু মইশ্ব’ৰাইজাৰ ৰাখক যাতে অফিচত বা যিকোনো ঠাইত হাত ধোৱাৰ সময়ত ছালত লগাব পাৰে। ছালত মইশ্ব’ৰাইজাৰ লগাই থকা অত্যন্ত জৰুৰীষ

কোমল ছাল

সকলোৱে বিচাৰে উজ্বল আৰু কোমল ছাল। শীতকালত ছাল ভালে ৰাখিবলৈ ফেচপেক ব্যৱহাৰ কৰিব পাৰে। যেনে, দৈনন্দিন কামত দৈত অলপক হালধী মিহলাই মুখত লগাব লাগে। ইয়াৰ ফলত ছালখন কোমল হোৱাৰ লগতে উজ্বল হয় আৰু শালমইনা আদিৰ সমস্যা নোহোৱা হয়। ইয়াৰোপৰি আলমণ্ড পিহি তাত মৌ মিহলাই মুখত লগাব পাৰে। লগতে এলোভেৰাত আলমণ্ড অইল অলপ মিহলাই মুখত লগাব পাৰে।

বছৰৰ শেষৰ পূৰ্ণিমাৰ দিনা ভাগ্য ফুলিব এই ৪ ৰাশিৰ, বৃদ্ধি হ'ব ধন-সম্পত্তি, সুখ-শান্তি
ক'ত আছে দেশৰ আটাইতকৈ বিপদজনক জে'লখন?
মূলা আৰু গাজৰ একেলগে খালে পৰিব নেকি কোনো সমস্যাত? বিশেষজ্ঞই কি কয় চাওক…
ঘৰৰ পৰা ধনৰ অভাৱ দূৰ কৰিব বিচাৰে নেকি? নিতৌ কৰক এই কাম!