গৰমৰ দিনত ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! মাত্ৰ ব্যৱহাৰ কৰক এইসমূহ ঘৰুৱা বস্তু…
Skin care in summer: গৰমৰ দিনত ছালৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। গতিকে গৰমৰ দিনত ছালৰ যত্ন লোৱা অত্যন্ত আৱশ্যক। আপুনি ঘৰুৱা উপায়ৰ দ্বাৰাও ছালৰ যত্ন ল'ব পাৰে।

গৰমৰ দিনত ছালৰ যত্ন লোৱা অত্যন্ত আৱশ্যক। কিয়নো প্ৰখৰ ৰ’দ, ঘাম, গৰম আদিৰ বাবে ছালৰ লগত জড়িত বহু সমস্যাই দেখা দিয়ে। ইয়াৰ ফলত ছাল জ্বলা-পোৰা, ৰঙা পৰা আদি সমস্যাৰ সৃষ্টি হয়। ইয়াৰোপৰি গৰমত ঘামৰ বাবে মুখৰ উজ্বলতা নোহোৱা হোৱা দেখা যায়। গতিকে এনে সময়ত ছালৰ যত্ন লোৱা অত্যন্ত আৱশ্যক। গৰমত আপুনি ঘৰুৱা কিছুমান সামগ্ৰীৰে ছালৰ যত্ন ল’ব পাৰে। যাৰ ফলত আপোনাৰ ছাল কোমল হৈ পৰাত সহায় কৰিব। গতিকে কি কি সামগ্ৰী আপুনি ছালত লগাব পাৰে এই লেখাটোত উল্লেখ কৰা হ’ল-
গোলাপ জল
আপুনি গোলাপ জল টোনাৰৰ দৰে ব্যৱহাৰ কৰিব পাৰে। তুলাৰ সহায়ত আপুনি গোলাপ জল মুখত লগাব পাৰে। ইয়াৰ ফলত ছাল হাইড্ৰেইট হৈ থাকে আৰু ছিদ্ৰবোৰ টান কৰাত সহায় কৰে। ইয়াক প্ৰাকৃতিক টোনাৰ বুলিও ক’ব পাৰি। ই ছালক সতেজ কৰি ৰাখে আৰু গৰমৰ ফলত ছালত হ’ব পৰা জ্বলা পোৰাৰ পৰা ৰক্ষা কৰে।
এলোভেৰা জেল
পুৱা ফেচ ৱাচ কৰাৰ পাছত মুখত এলোভেৰা জেল লগাব পাৰে। ইয়াৰ ফলত ছাল ঠাণ্ডা হয় । লগতে কোমল আৰু উজ্বল কৰি তোলাত সহায় কৰে। যদি আপোনাৰ ছাল তেলেতীয়া তেন্তে এলোভেৰা জেল আপোনাৰ বাবে মইশ্বৰাইজাৰৰ দৰে কাম কৰিব আৰু ছাল ছিপচিপিয়া নালাগিব।
তিঁয়হ
ঠাণ্ডা ফলৰ ভিতৰত তিঁয়হ অন্যতম। তিঁয়হৰ দৰে ঘৰুৱা টোনাৰৰ দৰে কাম কৰে। ই ছালক হাইড্ৰেইট আৰু ঠাণ্ডা কৰে। লগতে ছালত উজ্বলতা অনাত ই সহায় কৰে। ইয়াত এন্টি অক্সিডেন্ট আৰু এন্টি ইনফ্লেমেটৰী গুণ থাকে। যিয়ে ফুলা, ৰঙা পৰা, শালমইনা আদিৰ পৰা ৰক্ষা পোৱাত সহায় কৰে।
কেঁচা গাখীৰ
কেঁচা গাখীৰত লেক্টিক এচিড থাকে। ই মৃত ছালবোৰ আঁতৰ কৰাত সহায় কৰে আৰু ছালত এক্সোফোলিয়েট কৰাত সহায় কৰে। ইয়াৰ ফলত ছাল উজ্বল হৈ পৰে লগতে ছালৰ মইশ্বৰাইজ কৰাত সহায় কৰে।
ইয়াৰোপৰি আপুনি আপোনাৰ ছাল অনুসৰি মইশ্বৰাইজ আৰু এছ পি এফ লগাব লাগে। তেলেতীয়া ছালৰ বাবে জেল বা পনীয়া মইশ্বৰাইজাৰ আৰু এছ পি এফ ভাল। ইয়াৰোপৰি সপ্তাহত ২ বাৰ স্ক্ৰাইব কৰিব লাগে। যাৰ ফলত ধূলি-বালি ছালৰ পৰা নোহোৱা হয়।
অন্য খবৰ পঢ়কঃ পুৱাৰ সময়ত আজিয়েই ত্যাগ কৰক এই অভ্যাস! অন্যথা হ’ব ওজন বৃদ্ধি, জানক সকলো…