বতৰৰ বাবে ছাল শুকান হৈ পৰিছে নেকি? তেন্তে ব্যৱহাৰ কৰক এই সামগ্ৰী, হ’ব ধুনীয়া আৰু উজ্বল…

সকলোৱে ধুনীয়া আৰু সুন্দৰ ছাল বিচাৰে। গ্ৰীষ্মকালত বিভিন্নজনে ছালৰ সমস্যাত ভোগে। এনে ক্ষেত্ৰত ঘৰুৱা কিছুমান উপায় অৱলম্বন কৰি আপুনি এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

বতৰৰ বাবে ছাল শুকান হৈ পৰিছে নেকি? তেন্তে ব্যৱহাৰ কৰক এই সামগ্ৰী, হব  ধুনীয়া আৰু উজ্বল...

ছালৰ যত্ন

Published: 

23 Mar 2025 12:17 PM

গ্ৰীষ্মকালত বিভিন্ন ছালৰ সমস্যাই দেখা দিয়ে। ৰ’দৰ পোহৰৰ বাবে ছাল শুকান আৰু নিস্তেজ হৈ পৰে। কিছুমানে ভাৱে যে গ্ৰীষ্মকালত তেলেতীয়া ছালৰ লোকসকলহে সমস্যাৰ সন্মুখীন হয়, কিন্তু তেনে নহয়। গৰমৰ দিনত শুকান ছালৰ লোকসকলেও সমস্যাত পৰিব পাৰে। শৰীৰত হাইড্ৰেশ্যনৰ অভাৱ, অত্যধিক ঘাম ওলোৱা আৰু মুখখন সঘনাই ধোৱাৰ ফলত ছালৰ প্ৰাকৃতিক মইশ্ব’ৰাইজ হেৰুৱাই পেলায়। যাৰ ফলত ছালৰ উজ্বলতা নোহোৱা হৈ পৰে।

যদি আপোনাৰ ছালখনো গ্ৰীষ্মকালত শুকান আৰু উজ্বলতা কমি যায় তেন্তে দামী সামগ্ৰীত ধন খৰচ কৰাৰ প্ৰয়োজন নাই। কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি আপোনাৰ ছাল হাইড্ৰেটেড, কোমল আৰু গ্ল’য়িং কৰি তুলিব পাৰে। গতিকে তলত ইয়াৰ কেইটামান উপায় দিয়া হ’ল-

নাৰিকল তেল

নাৰিকল তেলত প্ৰাকৃতিক মইশ্ব’ৰাইজিং গুণ আছে, যিয়ে ছালখনক গভীৰভাৱে হাইড্ৰেট কৰে। গতিকে গা ধোৱাৰ আগতে অলপ নাৰিকল তেল গৰম কৰি প্ৰতিদিনে মুখমণ্ডল আৰু শৰীৰত লগালে ছালখন কোমল হৈ থাকে। নিশা শুৱাৰ আগতে মুখ আৰু শৰীৰত নাৰিকল তেল লগাই লাহে লাহে হাতেৰে মালিচ কৰিব লাগে। পিছদিনা সাধাৰণ ফেচ ৱাশ্বেৰে মুখখন ধুই দিব লাগে। শুকান ছাল থকা লোকৰ বাবে এইটোৱেই উত্তম প্ৰাকৃতিক সমাধান।

এলোভেৰা জেল

এলোভেৰা হৈছে প্ৰাকৃতিক হাইড্ৰেটৰ, যিয়ে ছালৰ আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ই ছালখন ঠাণ্ডা কৰে আৰু গ্ৰীষ্মকালীন ৰ’দৰ ফলত হোৱা ছানবাৰ্ণ আৰু শুকান হোৱাৰ পৰা ৰক্ষা কৰে। আপুনিও এলোভেৰাৰ পৰা জেল উলিয়াই মুখত লগাব পাৰে। এলোভেৰা জেল মুখত লগাই ২০ মিনিট ৰাখিব আৰু পাছত ঠাণ্ডা পানীৰ ধুই দিব। এনে কৰিলে ছাল হাইড্ৰেটেড আৰু উজ্বল হৈ থাকিব।

গাখীৰ আৰু মৌ

গাখীৰত থকা লেক্টিক এচিডে ছালখন কোমল আৰু মসৃণ কৰি তোলে, আনহাতে মৌৱে ছালত গভীৰ হাইড্ৰেচন প্ৰদান কৰে। গতিকে এই দুয়োবিধ একেলগে লগালে শুকান ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। ইয়াৰ বাবে ২ চামুচ কেঁচা গাখীৰত ১ চামুচ মৌ মিহলাই লওক, পাছত মুখ আৰু শৰীৰত ১০-১৫ মিনিটমান সময় লগাব। । পাছত কুুহুমীয়া পানীৰে ধুই মইশ্ব’ৰাইজাৰ লগাব।

দৈ আৰু বেচন

দৈয়ে ছালখনক হাইড্ৰেট কৰাৰ লগতে ইয়াক কোমল আৰু উজ্জ্বল কৰি তোলে। আনহাতে বেচনে ছালৰ পৰা মৃত কোষবোৰ আঁতৰাই পেলোৱাত সহায় কৰে। এই মিশ্ৰণ লগাবলৈ ২ চামুচ দৈত ১ চামুচ বেচন মিহলাই ফেচ পেক বনাব । পাছত মুখ আৰু ডিঙিত লগাওক আৰু ১৫ মিনিটৰ পিছত হাতেৰে লাহে লাহে ধুই দিব। সপ্তাহত ২-৩ দিন এনেকৈ ব্যৱহাৰ কৰিব পাৰে।

গা ধুৱা পানীত গ্লিচাৰিন দিয়ক

গ্লিচাৰিনে প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ হিচাপে কাম কৰে আৰু ছালখন শুকান হোৱাৰ পৰা ৰক্ষা কৰে। এনে পৰিস্থিতিত গৰমৰ দিনত ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি। ইয়াক ব্যৱহাৰ কৰাৰ উপায় হ’ল গা ধোৱাৰ পানীত কেইটোপালমান গ্লিচাৰিন দিব লাগে।

শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?
Hanuman Janmotsav 2025: হনুমান জয়ন্তী কেতিয়া? জানক পূজাৰ শুভ সময়