ছাল হৈ পৰিব ধুনীয়া আৰু উজ্বলঃ পুৱা উঠি কৰক এই কাম…
Skin care: মহিলাসকলে ছাল সুন্দৰ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰে। কিন্তু ঘৰুৱা কিছু পদ্ধতিৰে আপুনি ছালৰ যত্ন ল'ব পাৰে। ইয়াৰ ফলত ছাল ধুনীয়া হৈ উঠে।
প্ৰতিগৰাকী মহিলাই ভাল আৰু উজ্বল ছাল বিচাৰে। ইয়াৰ বাবে মহিলাসকলে বিভিন্ন ধৰণে ছালৰ যত্ন লয়। কোনোবাই যদি বিভিন্ন বিউটি প্ৰডাক্ট ব্যৱহাৰ কৰে আন কোনোবাই আকৌ চিকিৎসকৰ পৰমৰ্শ গ্ৰহণ কৰে। কিন্তু কিছুমানে কেমিকেলযুক্ত বিউটি প্ৰডাক্টে ছালত বেয়া প্ৰভাৱো পেলায়। অৱশ্যে এইসমূহ সামগ্ৰীক বাদ দি আপুনি ঘৰতে ছালৰ বিশেষ যত্ন ল’ব পাৰে। ই ছাল সুন্দৰ আৰু ধুনীয়া কৰি ৰখাত সহায় কৰে। ইয়াৰোপৰি বয়সৰ লগে লগে কিছুমানৰ ছালত বহু সমস্যাই দেখা দিয়ে। গতিকে এনে উপায়সমূহে আপোনাৰ ছালত বয়সৰ প্ৰভাৱ পৰাত বাধা প্ৰদান কৰে।
গতিকে বয়স বৃদ্ধি হোৱাৰ পাছতো আপুনোৰ ছাল কেনেদৰে স্বাস্থ্যবান আৰু উজ্বল কৰি ৰাখিব পাৰি সেই সন্দৰ্ভত এই লেখাটোত উল্লেখ কৰা হ’ল। পুৱা উঠি এইসমূহ কাম কৰা ছালৰ বাবে উপকাৰী বুলি ধৰা হয়।
হাইড্ৰেশ্যন
শৰীৰৰ হাইড্ৰেট কৰি ৰখা অতি আৱশ্যক। শৰীৰত পানীৰ অভাৱে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। শৰীৰত হোৱা পানীৰ অভাৱৰ বাবে ছালত বেয়া প্ৰভাৱ পৰে। গতিকে শৰীৰ সুস্থ আৰু ছাল সুন্দৰ কৰি ৰাখিবলৈ পানী খাব লাগে। সঠিক পৰিমাণত পানী খালে ৪০ বছৰ বয়সতো আপোনাৰ ছাল উজ্বল হৈ থাকিব। ইয়াৰ ফলত ছালৰ দাগবোৰ নোহোৱা হয় আৰু ছাল ধুনীয়া হৈ পৰে। পুৱা উঠি সদায় পানী খোৱা ভাল।
ভাল খাদ্য
উজ্বল ছালৰ বাবে ভাল খাদ্য খোৱা আৱশ্যক। এন্টিঅক্সিডেন্ট সমৃদ্ধ ফল-মূল, যেনে জামু, বিলাহী, বিলাহী আদি খাব লাগে। এইবোৰে ছালখনক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। ওমেগা-৩ ফেটি এচিড (যেনে মাছ, আখৰোট আদি) সেৱন ছালৰ বাবে উপকাৰী। গতিকে এনে বস্তু আপুনি খাব পাৰে। অত্যধিক প্ৰচেছড আৰু চেনিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক । ই ছালৰ বাবে উপকাৰী নহয়।
কেঁচা গাখীৰ
কেঁচা গাখীৰে এক উৎকৃষ্ট হাইড্ৰেটৰ আৰু ক্লিনজাৰ হিচাপে কাম কৰে। গতিকে কপাহৰ দ্বাৰা আপুনি মুখত গাখীৰ ব্যৱহাৰ কৰিব পাৰে। ই ছালখনক আৰ্দ্ৰতা প্ৰদান কৰাৰ লগতে কোমল কৰি ৰখাত সহায় কৰে। গতিকে পুৱা সাৰ পোৱাৰ পিছত মুখত গাখীৰ লগালে ছালৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।
এলোভেৰা জেল
মুখত এলোভেৰা জেল লগালে বহু উপকাৰ পোৱা যায় । ই ছালখনক হাইড্ৰেট কৰা আৰু আৰ্দ্ৰতা প্ৰদান কৰাত সহায় কৰে। এলোভেৰাৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে ছালৰ বিভিন্ন সমস্যা ৰোধ কৰাত সহায় কৰে।
টি বেগ
কেতিয়াবা অত্যধিক ভাগৰুৱা হোৱাৰ বাবে মুখখন নিস্তেজ যেন লাগে। এনে পৰিস্থিতিত টি বেগ ব্যৱহাৰ কৰিব পাৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ প্ৰথমে টি বেগটোৰ ওপৰত গৰম পানী ঢালি ঠাণ্ডা হ’বলৈ দিয়ক। ঠাণ্ডা টি বেগটো ছালত লগাব পাৰে। ইয়াৰোপৰি ইয়াৰোপৰি ই চকুৰ তলৰ ফুলা আৰু ভাগৰ কমোৱাত ই সহায়ক বুলি কোৱা হয় । ই ছালক ধুনীয়া কৰাতো সহায় কৰে।