গৰমৰ দিনত মহৌষধি পদূনাঃ কেৱল পেটৰ ক্ষেত্ৰতে নহয়, ছালতো পেলায় এনে প্ৰভাৱ
পেটৰ সমস্যাৰ ক্ষেত্ৰত আমি আটাইতকৈ সুলভ ঔষধ হিচাপে পদূনাৰ ব্যৱহাৰ কৰি আহিছো। পিছে কেৱল পেটৰ ক্ষেত্ৰতহে যে পদূনাই উপকাৰিতা প্ৰদান কৰে, এনে নহয়। আমাৰ ছালৰ স্বাস্থ্যতো আচৰিত ধৰণৰ প্ৰভাৱ পেলায় পদূনাই। এনে উপাকাৰিতা লাভৰ বাবে আপুনি পদূনা কিদৰে ব্যৱহাৰ কৰিব পাৰে, চাওঁ আহক।

পদূনাৰ ঔষধি গুণৰ বিষয়ে আমি সকলোৱে জ্ঞাত। পেটৰ সমস্যাৰ ক্ষেত্ৰত আমি আটাইতকৈ সুলভ ঔষধ হিচাপে পদূনাৰ ব্যৱহাৰ কৰি আহিছো। পিছে কেৱল পেটৰ ক্ষেত্ৰতহে যে পদূনাই উপকাৰিতা প্ৰদান কৰে, এনে নহয়। আমাৰ ছালৰ স্বাস্থ্যতো আচৰিত ধৰণৰ প্ৰভাৱ পেলায় পদূনাই। আমি গ্ৰীষ্মকালত ভিন্ন ধৰণে পদূনা খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। একেদৰে পদূনা প্ৰাকৃতিক মেন্থলে হিচাপেও গৰমত ব্যৱহৃত হয়। পদূনাই ছালৰ কোষক সজীৱ কৰি তোলাৰ লগতে ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰে।
ভিটামিন চি পদূনাত প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ উপৰিও ইয়াত মেগনেছিয়াম, কেলচিয়াম, আইৰণ, পটাছিয়াম, ফাইবাৰ, ভিটামিন বি কমপ্লেক্সৰ লগতে আন কেইবাটাও ভিটামিন আৰু শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে। পদূনাই ছাল ঠাণ্ডা কৰাৰ লগতে গৰমৰ ফলত হোৱা ফোহা, খজুৱতি ইত্যাদি সমস্যা দূৰ কৰাতো সহায় কৰে। গতিকে পদূনা খোৱাৰ লগতে আমি সৌন্দৰ্য চৰ্চাৰ সামগ্ৰী হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ।
ছালখনক সতেজ প্ৰাকৃতিক উজ্জলতা প্ৰদান কৰাত পদূনা যথেষ্ট সহায়ক হিচাপে বিবেচিত হয়। এনে উপাকাৰিতা লাভৰ বাবে আপুনি পদূনা কিদৰে ব্যৱহাৰ কৰিব পাৰে, চাওঁ আহক-
পদূনাৰ টোনাৰ
গৰমত সতেজ ছালৰ উজ্জলতা পাবলৈ আপুনি পদূনা টোনাৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত ছালৰ ছিদ্ৰবোৰ টান হোৱাৰ লগতে অতিৰিক্ত তেল দূৰ কৰে আৰু এইদৰে পিম্পলছৰ সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰে। পদূনা ভালদৰে ধুই পানীত উতলাই লওক। এই পানী ভালদৰে ফিল্টাৰ কৰি ঠাণ্ডা কৰাৰ পিছত গোলাপ জল দি স্প্ৰে’ বটলত ভৰাই ফ্ৰীজত ৰাখিব আৰু টোনাৰৰ দৰে লগাব পাৰিব।
ফেচ পেক
মুখৰ দাগ কমোৱাৰ উপৰিও পদূনাই উজ্জলতা প্ৰদান কৰে আৰু ছাল কোমল কৰি তোলে। ৰ’দত পোৰাৰ দৰে সমস্যা কমোৱাতো ই সহায়ক। পদূনা পাত পিহি তাত কেইটোপালমান নেমু, তিহঁয়ৰ ৰস আৰু চন্দনৰ গুড়ি দিব। ১৫ৰ পৰা ২০ মিনিট মুখত লগাই ৰাখিব। ইয়াৰ পিছত মুখখন ঠাণ্ডা পানীৰে ধুব। এই পেকটো সপ্তাহত দুবাৰকৈ লগাব পাৰে।
পদূনা চাহ
দেহৰ লগতে ছালৰ স্বাস্থ্যৰ উপকাৰিতাৰ বাবে পদূনাৰ চাহ বনায়ো খাব পাৰে। ইয়াৰ ফলত শৰীৰ ঠাণ্ডা পৰিব আৰু লগতে দেহৰ পৰা বিষাক্ত পদাৰ্থও নিষ্কাশিত হ’ব। পদূনা ভিটামিন চিৰ উৎস, গতিকে পদূনাৰ চাহ কলাজেন বৃদ্ধিতো উপকাৰী হ’ব। এইদৰে ই বয়স বৃদ্ধিৰ লক্ষণ যেনে বলিৰেখা, ছাল নিস্তেজ হোৱা আদি সমস্যাও ৰোধ কৰে। পদূনা পাত, জোখ অনুসাৰে জালুক আৰু সেউজীয়া ইলাচি পিহি পানীত ভালদৰে উতলাই সামান্য নেমু ৰস দি চাহ হিচাপে খাব পাৰে।
তদুপৰি গ্ৰীষ্মকালত আপুনি বিভিন্ন ধৰণে খাদ্য তালিকাত পদূনা অন্তৰ্ভুক্ত কৰিব পাৰে, যাৰ ফলত আপোনাৰ ছালৰ লগতে আপোনাৰ স্বাস্থ্যও উপকৃত হ’ব।