শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সোৱাদতহে তিতা, গুণত তুলনাবিহীন নিমঃ জানেনে ইয়াৰ উপকাৰিতাৰ বিষয়ে…

ঔষধি গুণেৰে সমৃদ্ধ নিম পাত আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। অৰ্থাৎ সোৱাদত তিতা হ’লেও নিম পাত উপকাৰিতাৰ দিশৰ পৰা এক কথাত তুলনাবিহীন। চাওঁ আহক নিম পাতৰ কিছু উপকাৰিতাৰ বিষয়ে।

সোৱাদতহে তিতা, গুণত তুলনাবিহীন নিমঃ জানেনে ইয়াৰ উপকাৰিতাৰ বিষয়ে…
নিম পাতৰ উপকাৰিতা
monjit-dutta
Monjit Dutta | Published: 31 Mar 2025 21:32 PM

ক্ৰমাৎ সলনি হৈছে বতৰ। ঠাণ্ডা দিনৰ পৰা লাহে লাহে বতৰ গৰমৰ ফালে আগবাঢ়িছে। সাধাৰণতে গৰমৰ দিনত ছালৰ নানা সমস্যা হোৱা দেখা যায়। খজুৱতি, ব্ৰণ, শালমন আদি বিভিন্ন ধৰণৰ ছালৰ সমস্যা হয়। এনে সমস্যাসমূহৰ পৰা হাত সাৰিবলৈ সহজে পোৱা ঔষধ হৈছে নিম পাত। এই বনৌষধি ব্যৱহাৰ কৰি আমি ছালৰ বহু সমস্যাৰ পৰা ৰেহাই পাব পাৰোঁ। ঔষধি গুণেৰে সমৃদ্ধ নিম পাত আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। অৰ্থাৎ সোৱাদত তিতা হ’লেও নিম পাত উপকাৰিতাৰ দিশৰ পৰা এক কথাত তুলনাবিহীন।

নিম পাত মিহলি পানীৰে গা ধুলে বহু ধৰণৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। এন্টিবেক্টেৰিয়েল আৰু এন্টিচেপ্টিক গুণেৰে ভৰপূৰ নিমপাত। ১ লিটাৰ পানীত কেইখিলামান নিম পাত দি কিছুসময় উতলাই তাৰ পিছত সেই পানীৰে গা ধুব পাৰে। লগতে নিম পাত ঠাণ্ডা পানীত প্ৰায় ১ ঘণ্টামান সময় ৰাখি এই পানীৰে গা ধুব পাৰে। নিম মিহলি পানীৰে গা ধুলে ছাল পৰিষ্কাৰ হোৱাৰ লগতে ঘামৰ ফলত হোৱা দুৰ্গন্ধৰ সমস্যাও হ্ৰাস পায়। নিমৰ এন্টিবেক্টেৰিয়েল গুণে ছালখন সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে।

গ্ৰীষ্মকালত ব্ৰণ, শালমন আদি সমস্যাৰ পৰা হাত সাৰিবলৈ নিম পাতৰ পৰা তৈয়াৰী ফেচ মাস্ক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে ২ চামুচ সতেজ নিম পাতৰ পেষ্ট, ১ চামুচ মুলতানি মাটি, আৰু আধা চামুচ মৌ মিহলাই ফেচ মাস্ক বনাওক আৰু তাৰ পিছত গোটেই মুখত লগাওক। এই ফেচ মাস্ক নিয়মিত ব্যৱহাৰ কৰিলে ছালৰ বহু সমস্যাৰ পৰা মুক্তি পোৱাত সহায়ক হয় আৰু লগতে মুখখনলৈ প্ৰাকৃতিক উজ্জলতা আহিব পাৰে।

গ্ৰীষ্মকালত নিমৰ পাত খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হয়। নিম এবিধ প্ৰাকৃতিক ঔষধি উদ্ভিদ, ইয়াত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপকাৰিতা থাকে। ইয়াৰ এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল, আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে।

দৈনিক নিম পাত চোবাই খালে মুখৰ ঘা, ব্ৰণ, শালমন আদিৰ সমস্যা কম হয়। নিমৰ এন্টিবেক্টেৰিয়েল গুণে মুখৰ সংক্ৰমণ দূৰ কৰাত সহায় কৰে। ইয়াৰ পাত চোবাই খালে মুখৰ সমস্যা যেনে মুখৰ ঘা, দাঁতৰ সংক্ৰমণ আদিৰ পৰা উপশম পোৱা যায়।