Skin care: ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া, ঘৰতে তৈয়াৰ কৰি ব্যৱহাৰ কৰক এই ফেচ পেক…
Skin care: সকলো মানুহে বিচাৰে ধুুনীয়া আৰু উজ্বল ছাল। ইয়াৰ বাবে বহুতে বজাৰত উপলব্ধ সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু আপুনি ঘৰত সাধাৰণ সামগ্ৰী ব্যৱহাৰ কৰিয়ে ছাল ধুনীয়া কৰি ৰাখিব পাৰে।
সকলো মানুহে বিচাৰে ধুনীয়া আৰু উজ্বল ছাল। কিন্তু বয়স বৃদ্ধিৰ লগে লগে মানুহৰ ছালত বিভিন্ন সমস্যাই দেখা দিয়ে। এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া যদিও ছালৰ সঠিক যত্ন ল’লে বাৰ্ধক্যৰ লক্ষণ কম হ’ব পাৰে। বহুতে বজাৰত উপলব্ধ কিছুমান সামগ্ৰী মুখত ব্যৱহাৰ কৰে। কিন্তু এইসমূহে ছালৰ ক্ষতিও কৰিব পাৰে। এনে পৰিস্থিতি প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ সৰ্বোত্তম বুলি গন্য কৰা হয়। যদি আপুনিও ছালখন ধুনীয়া আৰু উজ্বল কৰি ৰাখিব বিচাৰে তেন্তে তলত দিয়া ধৰণে ছালৰ যত্ন ল’ব পাৰে।
মাখানা কেৱল স্বাস্থ্যৰ বাবে নহয়, ই ছালৰ বাবেও উপকাৰী। ইয়াত থকা এন্টিঅক্সিডেন্ট, প্ৰটিন আৰু ভিটামিনে ছালখনক পুষ্টি প্ৰদান কৰে আৰু ছাল ধুনীয়া- উজ্বল কৰি ৰখাত সহায় কৰে। মাখানাৰ পৰা তৈয়াৰী ৪টা ফলপ্ৰসূ ফেচ পেকৰ বিষয়ে তলত উল্লেখ কৰা হ’ল। যিয়ে আপোনাৰ ছালত বয়সৰ প্ৰভাৱ পৰাত বাধা দিয়াৰ লগতে ছাল ধুনীয়া কৰে।
মখানা আৰু গাখীৰ
যদি আপোনাৰ ছালখন শুকান আৰু নিস্তেজ হৈ পৰিছে তেন্তে মখানা আৰু গাখীৰৰ ফেচ পেকে ইয়াক মইশ্ব’ৰাইজ কৰি আৰ্দ্ৰতা পুনৰ ঘূৰাই অনাত সহায় কৰিব। এই ফেচপেক ছালৰ বাবে অত্যন্ত উপকাৰী। ই ছালক হাইড্ৰেট কৰে। লগতে ই ছালত বয়সৰ প্ৰভাৱ পৰাত বাধা প্ৰদান কৰে। ইয়াৰ ফলত ছাললৈ উজ্বলতা আহে।
কেনেকৈ লগাবঃ ৫-৬ টা মখানা মিহি কৰি ২ চামুচ কেঁচা গাখীৰত মিহলাই লওক। যদি ছালখন অতি শুকান হয়, তেন্তে আধা চামুচ মৌও দিব পাৰে। এই পেষ্টটো মুখ আৰু ডিঙিত লগাই ১৫ মিনিটমান পাছত হাতেৰে মালিচ কৰি ধুই পেলাব।
মখানা আৰু হালধি
হালধিত বাৰ্ধক্য প্ৰতিৰোধী গুণ আছে। ইয়াক মখানাৰ লগত মিহলি কৰি ছালত লগালে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰি প্ৰাকৃতিক উজ্জ্বলতা আনে।
কেনেকৈ লগাবঃ এক চামুচ মখানা পাউদাৰ লৈ তাত আধা চামুচ হালধী আৰু ১ চামুত দৈ মিহলি কৰি লওক। পাছত ইয়াক মুখত লগাই ১৫ মিনিট পাছত কুহুমীয়া পানীৰে ধুই দিব।
মখানা আৰু এলোভেৰা জেল
যদি ছালৰ উজ্বলতা হ্ৰাস পাই, তেন্তে মখানা আৰু এলোভেৰাৰ ফেচ পেক এটা অতি উপকাৰী। এই পেকে ডিপ ক্লিন কৰি দাগ কম কৰাত সহায় কৰে। যাৰ ফলত ছালত উজ্বলতা আহে।
কেনেকৈ লগাবঃ ১ চামুচ মখানা পাউদাৰত ১ চামুচ এলোভেৰা জেল মিহলাই লওক। লগতে তাত ৪-৫ চামুচ গুলাপ জল মিহলাই লওক। পাছত ইয়াত মুখত লগাই ২০ মিনিটমান ৰাখি ধুই দিব লাগে।
মখানা আৰু মৌ
মৌয়ে ছালখন মইশ্ব’ৰাইজ কৰি ৰখাত সহায় কৰে। যাৰ ফলত ইয়াক ছালত লগালে ছালখন ধুনীয়া হৈ পৰে। মখানা আৰু মৌ মিহলি কৰি লগালে ছালত বয়সৰ প্ৰভাৱ পৰাত বাধা দিয়ে।
কেনেকৈ লগাবঃ১ চামুচ মখানা পাউদাৰ, ১ চামুচ মৌ আৰু ১ চামুচ নেমু ৰস মিহলি কৰি লওক। ইয়াক ১৫ মিনিটমান মুখত লগাই ৰাখি পাছত ধুই দিব।