উজ্বল আৰু ধুনীয়া ছাল বিচাৰে নেকি? তেন্তে জানক আদাৰ এই উপকাৰী গুণৰ বিষয়ে…
আদা অবিহনে খাদ্যৰ খোৱাদ আধৰুৱা। কিন্তু ই কেৱল খাদ্যৰ বাবেই নহয়, ছালৰ বাবেও উপকাৰী। আদা খালে ছালৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।

আদা মচলা হিচাপে ব্যৱহাৰ কৰা হয়। শাক-পাচলি হওক বা মাছ-মাংস, সকলোতে আদা অবিহনে সোৱাদ আধৰুৱা। অৱশ্যে মচলাৰ উপৰি ই কাহ আৰু চৰ্দিৰ দৰৱ হিচাপে ব্যৱহাৰ কৰা হয়। কেৱল ইমানেই নহয়, আদা খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।শীতকালত আদা খালে শৰীৰক উষ্ণতা প্ৰদান কৰে। কিন্তু আপুনি জানেনে যে আদাও ছালৰ বাবে অতি উপকাৰী।
আয়ুৰ্বেদ আৰু আন্ত্ৰিক স্বাস্থ্য বিশেষজ্ঞ ডাঃ ডিম্পল জাংৰাৰ মতে গৰমৰ দিনতো আদা খাব পাৰি। অৱশ্যে ইয়াৰ পৰিমাণৰ প্ৰতি লক্ষ্য ৰখাটো অতি প্ৰয়োজনীয়। ইয়াত এন্টি-অক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে, যিয়ে দাগ কমোৱাৰ লগতে ছালখনক উজ্জ্বল কৰি তোলাৰ কাম কৰে।
এন্টী এজিং গুণ
আদাত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে, যিয়ে আমাৰ ছালখনক অকাল বয়স বৃদ্ধিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ই ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। আদাত থকা জিঞ্জাৰল নামৰ মৌলবোৰে ছালত কলাজেন উৎপাদনত সহায় কৰে।
ছাল ফুলা
আদাই ছাল ফুলা, ৰঙা পৰা, জ্বলা-পুৰা লগা আদি সমস্যাৰ পৰাও সকাহ প্ৰদান কৰে। ইয়াৰ ফলত ছালৰ ৰঙা পৰাৰ সমস্যাও কম হয়। নিয়মিতভাৱে সামান্য পৰিমাণে আদা খাব পাৰে।
শালমইনা
শালমইনা কমোৱাতো আদা অতি উপকাৰী। আদাত থকা এন্টি-বেক্টেৰিয়েল গুণে শালমইনা সৃষ্টি কৰা বেক্টেৰিয়াৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। ইয়াৰোপৰি শালমইনা ওলোৱা অংশত আদাৰ পেষ্ট লগালে অতি উপকাৰী।
ছালৰ উজ্বলতা
আদাত ভিটামিন চি আৰু জিংকৰ দৰে উপাদান পোৱা যায়। এই উপাদানসমূহ ছালৰ বাবে অতি উপকাৰী। ই ছালখনক প্ৰাকৃতিক উজ্বলতা প্ৰদান কৰাত সহায় কৰে। আদাৰ ৰসে ছালৰ ৰং উন্নত কৰি জিলিকাই তোলা সহায় কৰিব পাৰে। ই ছালৰ মৃত কোষবোৰ আঁতৰাই নতুন কোষৰ বৃদ্ধিত সহায় কৰে।
কিমান খাব লাগে
গ্ৰীষ্মকালত আদা মাত্ৰ ৪ৰ পৰা ৫ গ্ৰামহে খাব লাগে। ইয়াতকৈ বেছি আদা খালে পেটৰ ক্ষতি হ’ব পাৰে।