Skin care tips: উজ্বল আৰু ধুনীয়া হ’ব বিচাৰে নেকি? তেন্ত ব্যৱহাৰ কৰক এই সামগ্ৰী…

Skin care tips: সকলোৱে বিচাৰে ধুনীয়া আৰু সুন্দৰ ছাল। ইয়াৰ বাবে মানুহে বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু কিছুমান সাধাৰণ পদ্ধতিৰেও আপুনি ছালৰ যত্ন ল'ব পাৰে।

Skin care tips: উজ্বল আৰু ধুনীয়া হব বিচাৰে নেকি? তেন্ত ব্যৱহাৰ কৰক এই সামগ্ৰী...

ছালৰ যত্ন

Published: 

11 Mar 2025 07:02 AM

সকলোৱে বিচাৰে ধুনীয়া আৰু সুন্দৰ ছাল। ইয়াৰ বাবে বিভিন্নজনে মুখত বহু ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰে। এতিয়া লাহে লাহে গৰম পৰিবলৈ আৰম্ভ হৈছে, আৰু এই সময়চোৱাত গৰম- ঘামে ছালৰ উজ্বলতা কাঢ়ি নিয়ে। এনে পৰিস্থিতিত পিগমেণ্টেচন আৰু টেনিংৰ পৰা হাত সাৰিবলৈ স্বাস্থ্যসন্মত খাদ্যৰ লগতে ছালৰ সঠিক যত্ন লোৱা দৰকাৰ। ছালক হাইড্ৰেট কৰি ৰাখিলে ছাল কোমল হৈ থাকে। গৰমৰ দিনত আপুনি ছালত কিছুমান বিশেষ বস্তু ব্যৱহাৰ কৰিব পাৰে। যিয়ে আপোনাক ধুনীয়া কৰি ৰখাত সহায় কৰিব।

ছানস্ক্ৰীণ

প্ৰত্যক্ষ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে UV ৰশ্মিৰ বাবে ছালৰ ক্ষতি হ’ব পাৰে, যাৰ ফলত টেনিং আৰু ফ্ৰেকল হ’ব পাৰে। গতিকে প্ৰতি ২-৩ ঘণ্টাৰ মূৰে মূৰে SPF ৩০ বা তাতকৈ অধিক পৰিমাণৰ ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগে। ই ছালখনক সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ৰক্ষা কৰে।

নাৰিকল তেল

নাৰিকল তেল এক প্ৰকাৰৰ প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ। গৰম দিনত ছালক হাইড্ৰেট কৰি ৰাখিবলৈ আৰু শুকানৰ পৰা আঁতৰাই ৰাখিবলৈ ই সহায় কৰে। নিশা শুৱাৰ পূৰ্বে আপুনি মুখত নাৰিকল তেল লগাব পাৰে। ই ছালক কোমল কৰি ৰখাৰ লগতে উজ্বলতাও আনে।

এলোভেৰা জেল

এলোভেৰা জেলে ছালত শীতলতা আৰু আৰ্দ্ৰতা প্ৰদান কৰে। গৰমৰ দিনত এলোভেৰা জেল লগাব পাৰে। ই ছালক তেজতা আৰু গ্লো প্ৰদান কৰাত সহায় কৰে। সতেজ এলোভেৰা পাতৰ পৰা উলিয়াইও পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰে।

তেল

ঘামৰ বাবে প্ৰায়ে মুখত ব্ৰণ বা পিম্পল দেখা দিয়ে। এনে পৰিস্থিতিত চাহ গছৰ তেল অতি ফলপ্ৰসূ হ’ব পাৰে। ই ছালৰ সংক্ৰমণ দূৰ কৰাত সহায় কৰে। ভাল কেৰিয়াৰ অইল (যেনে নাৰিকল তেল বা অলিভ অইল) মিহলাই লগাব লাগে  আৰু পাছত ছালত লগাব পাৰে।

ভিটামিন চি ছিৰাম

ভিটামিন চি ছালৰ বাবে এক উৎকৃষ্ট এন্টিঅক্সিডেন্ট, যিয়ে ছালৰ টেনিং আৰু ক’লা দাগ কমায়। ভিটামিন চি ছিৰামে ছালত কলাজেনৰ উৎপাদন বৃদ্ধি কৰে, যাৰ ফলত ছালৰ স্থিতিস্থাপকতা বৃদ্ধি পায়।

 

অন্য খবৰ পঢ়কঃ সঘনাই মুখত ঘাঁ হৈ থাকে নেকি? তেন্তে নকৰিব আওকান, হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?