শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৪০ বছৰ বয়সতো আপোনাৰ ছালখন দেখাব উজ্জ্বল, মাত্ৰ কৰক এইকেইটা কাম

বয়স বৃদ্ধিৰ লগে লগে ছালত বহু ধৰণৰ সমস্যা দেখা দিবলৈ আৰম্ভ কৰে, যেনে ছালখন শুকান হোৱা,ছালত বয়সৰ ৰেখা পৰা ইত্যাদি। প্ৰতিগৰাকী মহিলাই কম বয়সীয়া দেখাব বিচাৰে। যদি আপোনাৰ বয়স ৪০ বছৰ বা তাতকৈ অধিক, তেন্তে সুস্থ ছালৰ বাবে দৈনন্দিন জীৱনত কিছুমান টিপচ্ মানি চলিব।

৪০ বছৰ বয়সতো আপোনাৰ ছালখন দেখাব উজ্জ্বল, মাত্ৰ কৰক এইকেইটা কাম
৪০ বছৰ বয়সতো আপোনাৰ ছালখন দেখাব উজ্জ্বল
barasha-misra
Barasha Misra | Published: 13 Jan 2025 22:07 PM

আজিকালি সকলোৱে নিজকে সুন্দৰ দেখাব বিচাৰে। ইয়াৰ বাবে মহিলাসকলে বহু ধৰণৰ ছালত প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে ৰু কিছুমানে ছালৰ চিকিৎসাও কৰায়। এনে ক্ষেত্ৰত ছালখন সুস্থ কৰি ৰখাটো অলপ কঠিন হৈ পৰে। কেৱল অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবেই নহয় বয়স বৃদ্ধিৰ লগে লগে ছালখন শোতোৰা পৰিবলৈ আৰম্ভ কৰে।

যিবোৰ মহিলাৰ বয়স ৪০ বছৰৰো অধিক, তেওঁলোকে নিজৰ দৈনন্দিন কাম-কাজৰ মাজত কিছুমান পদ্ধতি অন্তৰ্ভুক্ত কৰিব পাৰে। যিবোৰৰ সহায়ত বাৰ্ধক্যৰ লক্ষণ কম হয় আৰু ছালখন সুস্থ হৈ জিলিকি থাকে।

আজিকালি বহুতো কম বয়সীয়া লোকৰ মুখত শোতোৰা পৰা দেখা যায়। ইয়াৰ মুখ্য কাৰণ হৈছে বিভিন্ন ধৰণৰ সৌন্দৰ্য সামগ্ৰী, দীঘলীয়া সময় সূৰ্যৰ পোহৰত থাকিলে, ধূমপান, প্ৰদূষণ, Vitamin D3ৰ অভাৱ আৰু অধিক তেলযুক্ত খাদ্যৰ ব্যৱহাৰ। গতিকে এই সমস্যাৰ উপায় হিচাপে কিছুমান পৰামৰ্শ আলোচনা কৰো আহক যি কোনো অস্ত্ৰোপচাৰ আৰু ঔষধ ব্যৱহাৰ নকৰাকৈ সমাধান পাব পাৰি।

হাইড্ৰেচন গুৰুত্বপূৰ্ণ

শৰীৰক সতেজ কৰি ৰখাটো অতি প্ৰয়োজনীয়। শৰীৰত পানীৰ অভাৱৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি আপুনি যথেষ্ঠ পানী খায় আৰু শৰীৰক হাইড্ৰেটেড কৰি ৰাখে তেন্তে ৪০ বছৰ বয়সতো আকৰ্ষণীয় হৈ জিলিকি থাকিব।

সঠিক খাদ্য

এন্টিঅক্সিডেন্ট থকা ফল-মূল, যেনে জামু, কচু, বিলাহী খাব লাগে। এইবোৰে ছালখনক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। ওমেগা-৩ ফেটি এচিড (যেনে মাছ, আখৰোট) খোৱাটো ছালৰ বাবে উপকাৰী। অধিক চেনিযুক্ত খাদ্য খাব নালাগে, কিয়নো ইয়াৰ ফলত ছালৰ পানী নোহোৱা হৈ বয়সৰ ৰেখা দেখা দিবলৈ আৰম্ভ কৰে।

চিন্তা আঁতৰাওক

সকলোৰে জীৱনত কোনো ধৰণৰ চিন্তা (Tension) থাকে। কিন্তু চিন্তা পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। আপুনি চিন্তাত থাকিলে ই আপোনাৰ মনতকৈ মুখখন বেছি প্ৰভাৱিত কৰে। আচলতে, চিন্তাৰ ফলত আপোনাৰ শৰীৰৰ কৰ্টিচল হ’ৰমন (Cortisol Hormone) বৃদ্ধি হয়, এই হৰমনবোৰে আপোনাৰ ছালৰ উজ্বলতা বজাই ৰখাত সহায় কৰা কোলাজেন ভাঙি দিয়ে।

ছানস্ক্ৰীণৰ ব্যৱহাৰ

সূৰ্য্যৰ ক্ষতিকাৰক UV ৰশ্মিয়ে ছালৰ ক্ষতি কৰিব পাৰে। বতৰ যিয়েই নহওক কিয়, সদায় এছ পি এফ ৩০ বা তাৰ ওপৰৰ ছানস্ক্ৰীণ লগাব লাগে।

Latest News