5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Solar Eclipse: ২ অক্টোবৰত বছৰৰ অন্তিমটো সূৰ্য গ্ৰহণ, জানক এই সময়ত কি কি কৰিব নালাগে…

Solar Eclipse: যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজেৰে পাৰ হৈ যায় তেতিয়া সূৰ্যৰ কিছু অংশ আৱৰি যায়। এই পৰিঘটনাত জ্যোতিৰ্বিজ্ঞানত সূৰ্য গ্ৰহণ বুলি কোৱা হয়।

Solar Eclipse: ২ অক্টোবৰত বছৰৰ অন্তিমটো সূৰ্য গ্ৰহণ, জানক এই সময়ত কি কি কৰিব নালাগে…
সূৰ্য গ্ৰহণ
barasha-sarma
Barasha Sarma | Published: 30 Sep 2024 18:45 PM

বছৰটোৰ দ্বিতীয়টো সূৰ্য গ্ৰহণ হ’ব অক্টোবৰ মাহত। যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজেৰে পাৰ হৈ যায় তেতিয়া সূৰ্যৰ কিছু অংশ আৱৰি যায়। এই পৰিঘটনাত জ্যোতিৰ্বিজ্ঞানত সূৰ্য গ্ৰহণ বুলি কোৱা হয়। অক্টোবৰ মাহত হ’বলগীয়া এই সূৰ্য গ্ৰহণ বছৰৰ অন্তিম সূৰ্য গ্ৰহণ হ’ব। যেতিয়া সূৰ্য গ্ৰহণ হয়, তেতিয়া আকাশত বিৰল দৃশ্য দেখিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে জুইৰ আঙুঠি। এইবোৰা সূৰ্য গ্ৰহণৰ সময়ত ৰিং অৱ ফায়াৰ অৰ্থাৎ জুইৰ আঙুঠি দেখা যাব।

সূৰ্য গ্ৰহণ ৩ প্ৰকাৰ। ইয়াৰে প্ৰথমটো পূৰ্ণ সূৰ্য গ্ৰহণ। এই গ্ৰহণৰ সময়ত চন্দ্ৰই পৃথিৱীখন সম্পূৰ্ণৰূপে আবৰি ৰাখে। এই সময়ত চন্দ্ৰ পৃথিৱীৰ অতি ওচৰত থাকে। এই সময়ত পৃথিৱীত আন্ধাৰ দেখা যায়। দ্বিতীয় সূৰ্য গ্ৰহণক আংশিক সূৰ্য গ্ৰহণ বুলি জনা যায়। ইয়াত চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ৰাখিব নোৱাৰে আৰু ইয়াৰ আংশিক ছাঁহে পৃথিৱীত পৰে। এই পৰিস্থিতিক আংশিক সূৰ্য গ্ৰহণ বোলা হয়। তৃতীয়টো সূৰ্য গ্ৰহণক বলয়াকাৰ সূৰ্য গ্ৰহণ বুলি কোৱা হয়। ইয়াত সূৰ্য আৰু পৃথিৱীৰ মাজত বহু দূৰত্বৰ পৰা চন্দ্ৰৰ উন্মেষ ঘটে। এই সূৰ্যগ্ৰহণত চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি নাৰাখে আৰু তাৰ ছাঁ সূৰ্যৰ মাজত পৰে।

তাৰিখ আৰু সময়

বছৰৰ অন্তিমটো সূৰ্য গ্ৰহণ হ’ব ২ অক্টোবৰত। ভাৰতীয় সময় অনুসৰি সূৰ্য গ্ৰহণ হ’ব নিশা ৯ বাজি ১৩ মিনিট আৰু ই ৩ অক্টোবৰৰ পুৱতি নিশা ৩ বাজি ১৭ মিনিটলৈ চলিব। সূৰ্য গ্ৰহণৰ সময়ত ভাৰতত নিশা হৈ থাকিব বাবে ই ভাৰতৰ পৰা দৃশ্যমান নহ’ব।গতিকে এইবাৰ ভাৰতীয়ই ৰিং অৱ ফায়াৰো চাব নোৱাৰিব। এই সূৰ্য গ্ৰহণ আৰ্জেণ্টিনা, পেৰু, দক্ষিণ আমেৰিকা আদি ঠাইত দেখা যাব।

ৰিং অৱ ফায়াৰ কি

বলয়াকাৰ সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰৰ ছাঁ সূৰ্যৰ ওপৰত পৰিলে আঙঠি আকৃতিৰ দৃশ্যৰ দৰে দেখা যায়। ই অতি উজ্বলভাৱে জিলিকি থাকে। বিজ্ঞানৰ ভাষাত ইয়াক Annular Solar Eclipse বুলি কোৱা হয়। অৱশ্যে প্ৰতিটো সূৰ্য গ্ৰহণতে এনে দৃশ্য দেখা নাযায়।

জ্যেতিষ শাস্ত্ৰ অনুসৰি সূৰ্য গ্ৰহণৰ সময়ত কি কি কৰিব নালাগে

  • শুব নালাগে, এনে কৰিলে স্বাস্থ্যত বেয়া প্ৰভাৱ পৰে।
  • এই সময়ত খাদ্য ৰান্ধিব আৰু খাব নালাগে।
  • মন্দিৰৰ দুৱাৰ বন্ধ ৰাখিব লাগে।
  • শুভ কামৰ আৰম্ভ কৰিব নালাগে।
  • গৰ্ভৱতী মহিলাসকলে গ্ৰহণ চাব নালাগে।
  • গ্ৰহণৰ অন্তত গা ধুব লাগে।

উল্লেখ্য যে, হিন্দু ধৰ্মত সূৰ্য গ্ৰহণৰ বিশেষ মান্যতা আছে। এইবাৰ সূৰ্য গ্ৰহণৰ সময়ত ভাৰতত বিশেষ প্ৰভাৱ নপৰে। গতিকে সূৰ্য গ্ৰহণৰ সময়ত এইবাৰ বিশেষ নিয়ম পালন নকৰিলেও হ’ব।

Latest News