এনজাইটি তথা ডিপ্ৰেছনত ভুগিছে নেকি? এনে প্ৰাকৃতিক উপায়েৰে লাভ কৰিব সকাহ….
প্ৰায়ে এনজাইটি তথা ডিপ্ৰেছনত ভোগা লোকসকলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ঔষধৰ আশ্ৰয় লয়। অৱশ্যে চিকিৎসকৰ পৰামৰ্শ নিশ্চিতভাৱে এনে পৰিস্থিতিত গ্ৰহণ কৰা উচিত। কিন্তু আয়ুৰ্বেদ আৰু প্ৰাকৃতিক প্ৰতিকাৰেও এই সমস্যা দূৰ কৰাত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। চাওঁ আহক এনে কিছুমান পাকৃতিক উপায়ৰ বিষয়ে।

সাম্প্ৰতিক সময়ৰ ব্যস্ততাপূৰ্ণ জীৱনত মানসিক চাপ, উদ্বেগ, হতাশা আদি মানসিক সমস্যাবোৰ অধিকাংশ ব্যক্তিৰ ক্ষেত্ৰতে সাধাৰণ হৈ পৰিছে। কৰ্মৰ চাপ, ব্যক্তিগত জীৱনৰ সমস্যা, অস্বাস্থ্যকৰ জীৱনশৈলী ইত্যাদি বিভিন্ন কাৰণত বহু লোকে মানসিকভাৱে অস্থিৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। এনে ধৰণৰ সমস্যাৰ পৰা নিজকে মুক্ত কৰাটো প্ৰতিগৰাকী লোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ দীৰ্ঘদিনীয়া এনজাইটি তথা ডিপ্ৰেছনে শাৰীৰিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।
প্ৰায়ে এনজাইটি তথা ডিপ্ৰেছনত ভোগা লোকসকলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ঔষধৰ আশ্ৰয় লয়। অৱশ্যে চিকিৎসকৰ পৰামৰ্শ নিশ্চিতভাৱে এনে পৰিস্থিতিত গ্ৰহণ কৰা উচিত। কিন্তু আয়ুৰ্বেদ আৰু প্ৰাকৃতিক প্ৰতিকাৰেও এই সমস্যা দূৰ কৰাত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। চাওঁ আহক এনজাইটি তথা ডিপ্ৰেছনৰ পৰা সকাহ লাভ কৰাত সহায়ক হোৱা কিছুমান পাকৃতিক উপায়ৰ বিষয়ে-
অশ্বগন্ধা
আয়ুৰ্বেদত অশ্বগন্ধাক অত্যন্ত প্ৰভাৱশালী বনৌষধি হিচাপে গণ্য কৰা হয়। অশ্বগন্ধাই ষ্ট্ৰেছ হৰম’ন কৰ্টিছল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই মানসিক চাপ কমায়, মনক শান্ত কৰি ৰাখে আৰু শৰীৰত শক্তি বজাই ৰাখে। অশ্বগন্ধা গুড়ি বা কেপচুলৰ ৰূপত সেৱন কৰিব পাৰি।
তুলসী
তুলসীক এক উৎকৃষ্ট এডাপ্টোজেন বুলি গণ্য কৰা হয়, যি শৰীৰক মানসিক চাপৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। ই মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে আৰু স্নায়ুতন্ত্ৰক শান্ত কৰে। প্ৰতিদিনে পুৱা খালী পেটত তুলসীৰ পাত পানীত উতলাই খোৱাৰ অভ্যাসে মানসিক শান্তি প্ৰদান কৰে বুলি কোৱা হয়।
ঘিউ আৰু হালধি
দেশী ঘিউ আৰু হালধিৰ মিশ্ৰণে মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে আৰু মানসিক স্বাস্থ্য উন্নত কৰে। ঘিউত থকা ওমেগা-৩ ফেটি এচিড আৰু হালধিত থকা কাৰকুমিনত প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যি মগজুৰ প্ৰদাহ হ্ৰাস কৰি ডিপ্ৰেছনৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায় কৰে। এনে উপকাৰিতা লাভৰ বাবে দৈনিক এক চামুচ ঘিউৰ লগত হালধি সেৱন কৰিব পাৰে।
যোগ নিদ্ৰা
যোগ নিদ্ৰাই মনক শান্ত কৰি মানসিক চাপ মুক্ত কৰে। দৈনিক ২০-৩০ মিনিট যোগ নিদ্ৰা কৰিলে উদ্বেগ আৰু মানসিক চাপ দূৰ হয় আৰু লগতে টোপনিও ভাল হয়।
আয়ুৰ্বেদিক মালিচ
আয়ুৰ্বেদিক মালিচ সমগ্ৰ শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰি মানসিক চাপ কমায়। সপ্তাহত দুবাৰকৈ তিল তেল, নাৰিকল তেল বা অশ্বগন্ধা তেলেৰে মালিচ কৰিলে স্নায়ুতন্ত্ৰ শিথিল হয় আৰু বিষণ্ণতাৰ লক্ষণসমূহ হ্ৰাস পায়।