5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভালদৰে ব্ৰাছ কৰাৰ পিছতো দূৰ নহয় নেকি মুখৰ দুৰ্গন্ধ? আঁৰত থাকিব পাৰে এনে সমস্যা

মুখৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোকে মাউথ ফ্ৰেছনাৰ আৰু ঘৰুৱা উপায় যেনে ইলাচি খোৱা, চফ চোবাই খোৱা আদি সাধাৰণ প্ৰতিকাৰৰ সহায় লয়। কিন্তু এই সমস্যাৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাবলৈ হ’লে ইয়াৰ আঁৰৰ কাৰণটো জনাটো অতি প্ৰয়োজনীয়। মুখ ভালদৰে পৰিষ্কাৰ কৰিলেও আন বহু কাৰণত মুখৰ দুৰ্গন্ধ ওলাব পাৰে। এই বিষয়ে চাওঁ আহক।

ভালদৰে ব্ৰাছ কৰাৰ পিছতো দূৰ নহয় নেকি মুখৰ দুৰ্গন্ধ? আঁৰত থাকিব পাৰে এনে সমস্যা
এনে কিছুমান কাৰণত হ’ব পাৰে মুখৰ দুৰ্গন্ধ
monjit-dutta
Monjit Dutta | Updated On: 04 Jan 2025 10:27 AM

বহু লোকৰ ক্ষেত্ৰতে মুখৰ দুৰ্গন্ধৰ সমস্যা থকা দেখা পোৱা যায়। মুখৰ দুৰ্গন্ধৰ বাবে এই লোকসকলে হতাশাত ভোগাটো তেনেই স্বাভাৱিক। সাধাৰণতে এই সমস্যাৰ প্ৰধান কাৰণ হৈছে মুখ ভালদৰে পৰিষ্কাৰ নকৰা। ইয়াৰ বাহিৰেও মৌখিক সমস্যা জিঞ্জিভাইটিছো (লক্ষণ – প্লেক জমা হোৱা, দাঁতৰ আঁঠুত ফুলা, বিষ) এনে সমস্যাৰ কাৰণ হ’ব পাৰে আৰু সঠিক সময়ত ইয়াৰ যত্ন নল’লে ই পেৰিঅ’ড’ণ্টাইটিছ বা পায়েৰিয়ালৈ পৰিণত হ’ব পাৰে। পায়েৰিয়াৰ ক্ষেত্ৰত মুখৰ দুৰ্গন্ধৰ উপৰিও দাঁতবোৰো দুৰ্বল হৈ পৰে।

পিছে মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ আৰু পায়েৰিয়াৰ উপৰিও আন বহুতো কাৰণত মুখৰ দুৰ্গন্ধই আপোনাক আমনি কৰিব পাৰে। মুখৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোকে মাউথ ফ্ৰেছনাৰ আৰু ঘৰুৱা উপায় যেনে ইলাচি খোৱা, চফ চোবাই খোৱা আদি সাধাৰণ প্ৰতিকাৰৰ সহায় লয়। কিন্তু এই সমস্যাৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাবলৈ হ’লে ইয়াৰ আঁৰৰ কাৰণটো জনাটো অতি প্ৰয়োজনীয়। এই বিষয়ে চাওঁ আহক-

কম পানী খোৱা

পানী কমকৈ খালেও মুখৰ দুৰ্গন্ধৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। আচলতে ডিহাইড্ৰেচন হ’লে মুখখন শুকান হ’বলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণে লেলাৱতি কমি যায় আৰু মুখত বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে, যাৰ ফলত মুখৰ দুৰ্গন্ধৰ সৃষ্টি হয়।

পেট ভালদৰে চাফা নহ’লে

যিসকল লোকৰ পেট ভালদৰে চাফা নহয়, অৰ্থাৎ কোষ্ঠকাঠিন্যৰ সমস্যা থাকে, তেওঁলোকৰ মুখৰ দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। ইয়াৰ উপৰিও গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্স আৰু অন্ত্ৰৰ সমস্যায়ো মুখৰ দুৰ্গন্ধৰ সৃষ্টি কৰে। পাচনতন্ত্ৰ আৰু অন্ত্ৰত উপস্থিত বেক্টেৰিয়াই হাইড্ৰ’জেন ছালফাইড গঠন কৰাৰ ফলত দুৰ্গন্ধৰ সৃষ্টি হয়। ইয়াৰ ফলত আন বহুতো সমস্যাও হ’ব পাৰে।

অত্যধিক কেফেইন সেৱন

কফি, চাহ আদি কেফেইন জাতীয় খাদ্য বেছিকৈ খোৱা লোকৰো মুখৰ দুৰ্গন্ধ হ’বলৈ আৰম্ভ কৰে। কেফেইনে মুখৰ লেলাৱতি শুকুৱাই দিব পাৰে, যাৰ ফলত বেক্টেৰিয়াৰ বৃদ্ধি হয়। ইয়াৰ দ্বাৰা মুখৰ দুৰ্গন্ধ ওলোৱাৰ লগতে দাঁতৰ ইনামেলৰ ক্ষতিসাধন হয়। এনে কাৰণতে দাঁতৰ প্ৰাকৃতিক ৰঙো ম্লান হৈ যাব পাৰে।

কম টোপনি আৰু শোৱাৰ সময়ত নাক বজোৱা

যদি আপুনি শোৱাৰ সময়ত নাক বজায় বা শ্লিপ এপনিয়াত ভুগিছে ​​তেন্তে আপোনাৰো মুখৰ দুৰ্গন্ধৰ সমস্যা হ’ব পাৰে। আচলতে এনে পৰিস্থিতিত মানুহে নাকৰ সলনি মুখেৰে উশাহ লয় আৰু ইয়াৰ ফলত মুখৰ লেলাৱতি শুকাবলৈ আৰম্ভ কৰে। এই কাৰণেই মুখৰ দুৰ্গন্ধ আৰম্ভ হয়।

ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰতো হ’ব পাৰে

ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ইনচুলিন উৎপাদন প্ৰক্ৰিয়াত প্ৰভাৱ পৰে আৰু ইয়াৰ বাবে মুখৰ দুৰ্গন্ধৰ সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও যিকোনো ধৰণৰ ঔষধ সেৱন কৰিলেও মুখৰ দুৰ্গন্ধৰ সৃষ্টি হ’ব পাৰে।

Latest News