খাদ্যৰ তালিকাত চয়াবিন অন্তৰ্ভুক্ত কৰক, দূৰ হ'ব এই সমস্যা... | Soybean Health Benefits in assamese Assam news - Assam Tv9

Soybean Health Benefits : আপুনি নিৰামিষভোজী নেকি ? যদি হয় তেন্তে খাদ্যৰ তালিকাত চয়াবিন অন্তৰ্ভুক্ত কৰক, দূৰ হ’ব এই সমস্যা…

Published: 

14 Aug 2024 20:07 PM

দুৰ্বল অনুভৱ কৰিছে নেকি ? গাঁঠি বা পেশীৰ বিষ অনুভৱ কৰিছে নেকি ? এই সমস্যাৰ কাৰণ হ’ব পাৰে প্ৰ’টিন, ভিটামিনৰ অভাৱ। বহুতে মাছ, মাংস, কণী নাখায়। কেৱল নিৰামিষ খাদ্য খায় । তেওঁলোকৰ শৰীৰত প্ৰ’টিন আৰু ভিটামিনৰ অভাৱ হোৱাৰ সম্ভাৱনা অধিক। কিন্তু নিৰামিষ খাদ্য খোৱা সকলে প্ৰ’টিন, ভিটামিনৰ অভাৱ দূৰ কৰিবলৈ কি খাদ্য খাব ? প্ৰ’টিনৰ অভাৱ দূৰ কৰিবলৈ আপুনি চয়াবিন খাব পাৰে ।

1 / 8দুৰ্বল অনুভৱ কৰিছে নেকি ? গাঁঠি বা পেশীৰ বিষ অনুভৱ কৰিছে নেকি ? এই সমস্যাৰ কাৰণ হ’ব পাৰে প্ৰ’টিন, ভিটামিনৰ অভাৱ।

দুৰ্বল অনুভৱ কৰিছে নেকি ? গাঁঠি বা পেশীৰ বিষ অনুভৱ কৰিছে নেকি ? এই সমস্যাৰ কাৰণ হ’ব পাৰে প্ৰ’টিন, ভিটামিনৰ অভাৱ।

2 / 8

বহুতে মাছ, মাংস, কণী নাখায়। কেৱল নিৰামিষ খাদ্য খায় । তেওঁলোকৰ শৰীৰত প্ৰ’টিন আৰু ভিটামিনৰ অভাৱ হোৱাৰ সম্ভাৱনা অধিক। কিন্তু নিৰামিষ খাদ্য খোৱা সকলে প্ৰ’টিন, ভিটামিনৰ অভাৱ দূৰ কৰিবলৈ কি খাদ্য খাব ?

3 / 8

প্ৰ’টিনৰ অভাৱ দূৰ কৰিবলৈ আপুনি চয়াবিন খাব পাৰে । ইয়াত প্ৰটিন, ভিটামিন আৰু বিভিন্ন খনিজ পদাৰ্থ থাকে। নিৰামিষভোজী সকলে খাদ্যত চয়াবিন অন্তৰ্ভুক্ত কৰিলে বহু শাৰীৰিক সমস্যাৰ সমাধান কৰাৰ বাবে সহায়ক হ'ব ।

4 / 8

প্ৰটিনৰ এটা ভাল উৎস হ’ল চয়াবিন। আমেৰিকান ইনষ্টিটিউট অৱ কেন্সাৰ ৰিচাৰ্চৰ তথ্য অনুসৰি, চয়াবিনে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা কমোৱাত সহায় কৰে। ডায়েবেটিছ ৰোগীৰ বাবেও ইয়াক উপকাৰী বুলি গণ্য কৰা হয় ।

5 / 8

চয়াবিনত প্ৰটিন, ভিটামিন বি, চি, কেৰ উপৰিও কেলচিয়াম, মেগনেছিয়াম আৰু জিংক থাকে। ইয়াৰ উপৰিও চয়াবিনত পৰ্যাপ্ত পৰিমাণে ফলিক এচিড থাকে।

6 / 8

শৰীৰৰ বাবে ভিটামিন-কে অতি গুৰুত্বপূৰ্ণ। শৰীৰত এই ভিটামিনৰ অভাৱ হ’লে আঘাত বা অস্ত্ৰোপচাৰৰ পিছত ৰক্তক্ষৰণ বন্ধ নহয়। গতিকে এই ভিটামিনৰ অভাৱ হ’লে দৈনন্দিন খাদ্যত চয়াবিন অন্তৰ্ভুক্ত কৰক ।

7 / 8

স্বাস্থ্যৰ বাবে ভিটামিন-চি অতি গুৰুত্বপূৰ্ণ। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে দাঁত আৰু আঁঠু সুস্থ কৰি ৰখাতো চয়াবিন অতি উপকাৰী।

8 / 8

চয়াবিনত প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থৰ উত্তম উৎস। গতিকে দুৰ্বলতাৰ পৰা পেশী-গাঁঠিৰ বিষ নিৰাময়তো ই উপযোগী। নিৰামিষ খাদ্য খোৱাসকলে খাদ্যত চয়াবিন অন্তৰ্ভুক্ত কৰিব লাগে ।

সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?