নিৰামিষ খাদ্যই কম কৰে নেকি হৃদৰোগৰ সম্ভাৱনা! কি কয় গৱেষণাই, চাওক…

আমিষ খাদ্য অধিক উপযোগী নে নিৰামিষ খাদ্য অধিক উপকাৰী, এই বিষয়ত বহু সময়ত বাদ বিবাদ হোৱা আপুনিও নিশ্চয় দেখিছে। আমিষ আৰু নিৰামিষ খাদ্যক কেন্দ্ৰ কৰি হোৱা এই চৰ্চা হৃদৰোগৰ ক্ষেত্ৰতো প্ৰায়ে হোৱা দেখা যায়। এই ক্ষেত্ৰত গৱেষণাই কি কয় চাওঁ আহক।

নিৰামিষ খাদ্যই কম কৰে নেকি হৃদৰোগৰ সম্ভাৱনা! কি কয় গৱেষণাই, চাওক…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

07 Dec 2024 10:16 AM

খাদ্যৰ প্ৰকাৰক লৈ আৰু খাদ্যৰ দ্বাৰা হ’ব পৰা উপকাৰ-অপকাৰক কেন্দ্ৰ কৰি আমাৰ মাজত সততে কিছুমান চিন্তাৰ উন্মেষ ঘটে। আমিষ খাদ্য আৰু নিৰামিষ খাদ্যক কেন্দ্ৰ কৰি এনে চৰ্চা অধিক হোৱা সাধাৰণতে পৰিলক্ষিত হয়। আমাৰ দেহৰ বাবে আমিষ খাদ্য অধিক উপযোগী নে নিৰামিষ খাদ্য অধিক উপকাৰী, এই বিষয়ত বহু সময়ত বাদ বিবাদ হোৱা আপুনিও নিশ্চয় দেখিছে। আমিষ আৰু নিৰামিষ খাদ্যক কেন্দ্ৰ কৰি হোৱা এই চৰ্চা হৃদৰোগৰ ক্ষেত্ৰতো প্ৰায়ে হোৱা দেখা যায়।

নিৰামিষ নে আমিষ- কোনবিধ খাদ্যই আমাৰ হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে, এই লৈ চৰ্চা হোৱা পৰিলক্ষিত হয়। গৱেষণা মতে পিছে যদি আপুনি আপোনাৰ খাদ্যত বেছিকৈ নিৰামিষ খাদ্য অন্তৰ্ভুক্ত কৰে আৰু আমিষ খাদ্য কম পৰিমাণে গ্ৰহণ কৰে, তেন্তে আপোনাৰ হৃদৰোগৰ সম্ভাৱনা কম হ’ব পাৰে। ইংলেণ্ড আৰু স্কটলেণ্ডত কৰা গৱেষণাত এই কথা প্ৰমাণিত হৈছে।

এই গৱেষণাৰ পৰা দেখা গৈছে যে আমিষভোজী লোকৰ তুলনাত নিৰামিষভোজী লোকৰ হৃদৰোগত মৃত্যুৰ সম্ভাৱনা ৩২ শতাংশ কম। নিৰামিষ খাদ্যত থকা ফাইবাৰ আৰু খনিজ পদাৰ্থ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। আমিষ খাদ্যৰ তুলনাত নিৰামিষ খাদ্যৰ দ্বাৰা কলেষ্টেৰলৰ মাত্ৰা কম পৰিমাণে বৃদ্ধি পায় বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায় আৰু এইদৰে হাৰ্ট এটেকৰ সম্ভাৱনাও কমি আহে।

গৱেষণাৰ পৰা দেখা গৈছে যে নিৰামিষ খাদ্যত চেচুৰেটেড ফেট কম পৰিমাণে থাকে। যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়। নিৰামিষ ডায়েটত থকা এন্টিঅক্সিডেন্টৰ অধিক পৰিমাণে হৃদৰোগৰ পৰা ৰক্ষা কৰে। ইংলেণ্ড আৰু স্কটলেণ্ডৰ প্ৰায় ৪৫ হাজাৰ লোকৰ খাদ্যাভ্যাসৰ ওপৰত ভিত্তি কৰি এবছৰীয়া গৱেষণাৰ অন্তত দাবী কৰা হৈছে যে আমিষ খাদ্যতকৈ নিৰামিষ খাদ্য হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অধিক উপকাৰী।

গতিকে যদি আপুনি আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে, তেন্তে নিৰামিষ খাদ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত হ’ব বুলি গৱেষণাত কোৱা হৈছে। আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনে কয় যে পশু ভিত্তিক খাদ্যৰ তুলনাত উদ্ভিদ ভিত্তিক খাদ্য খোৱাৰ ফলত হাৰ্ট এটেক আৰু হৃদৰোগৰ সম্ভাৱনা কম হয়। উদ্ভিদ ভিত্তিক খাদ্যই ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ লগতে হৃদযন্ত্ৰৰ পেশীবোৰকো শক্তিশালী কৰি ৰাখে বুলি বিশেষজ্ঞসকলে জানিবলৈ দিছে।

বিগত কেইটামান বৰ্ষৰ পৰা সমগ্ৰ বিশ্বতে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বয়োজ্যেষ্ঠ সকলৰ পৰা আৰম্ভ কৰি কম বয়সীয়া শিশুও হৃদৰোগৰ চিকাৰ হৈছে। এনে পৰিস্থিতিত আমি যাতে সজাগ হৈ থাকিব পাৰো, তাৰ বাবে হৃদৰোগৰ লক্ষণসমূহৰ বিষয়ে জনা প্ৰয়োজন। হৃদৰোগৰ কিছুমান সাধাৰণ লক্ষণ আৰু হৃদৰোগ প্ৰতিৰোধৰ কিছুমান সাধাৰণ কৌশলৰ বিষয়ে জানো আহক-

হৃদৰোগৰ লক্ষণ-

সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা

শ্বাস-প্ৰশ্বাসজনিত অসুবিধা

বুকুৰ বিষ

বমি হোৱাৰ দৰে অনুভৱ

নিম্ন বা উচ্চ ৰক্তচাপ

হৃদস্পন্দন হঠাতে বৃদ্ধি পোৱা

হৃদৰোগ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি-

দৈনিক ব্যায়াম কৰক

খাদ্যৰ যত্ন লওক

মানসিক চাপ গ্ৰহণ নকৰিব

প্ৰতি ৬ মাহৰ মূৰে মূৰে লিপিড প্ৰফাইল পৰীক্ষা কৰাব লাগে

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে