চাহ-কফিয়ে হ্ৰাস কৰে কৰ্কট ৰোগৰ আশংকা! গৱেষণাত প্ৰকাশ গুৰুত্বপূৰ্ণ দাবী
কৰ্কট ৰোগ সন্দৰ্ভত সমগ্ৰ বিশ্বতে অবিৰত গৱেষণা চলি আছে। শেহতীয়াকৈ এই সন্দৰ্ভত এক গৱেষণা প্ৰকাশ পাইছে। এই গৱেষণাত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰা হৈছে। গৱেষণা মতে, চাহ বা কফি খালে মূৰ, ডিঙি, মুখ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পায়।
সমগ্ৰ বিশ্বতে ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। এই ৰোগৰ চিকিৎসা ব্যৱস্থা পূৰ্বতকৈ সম্প্ৰতি যথেষ্ট সহজলভ্য হৈছে যদিও এতিয়াও সম্পূৰ্ণ ৰূপে কৰ্কট নিৰাময়ৰ কোনো ঔষধ চিকিৎসা বিজ্ঞানত উপলব্ধ হোৱা নাই। কৰ্কট ৰোগ সন্দৰ্ভত সমগ্ৰ বিশ্বতে অবিৰত গৱেষণা চলি আছে। শেহতীয়াকৈ এই সন্দৰ্ভত এক গৱেষণা প্ৰকাশ পাইছে। এই গৱেষণাত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰা হৈছে। গৱেষণা মতে, চাহ বা কফি খালে মূৰ, ডিঙি, মুখ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পায়।
কেঞ্চাৰ জাৰ্নেলত প্ৰকাশিত এই গৱেষণাত উল্লেখ কৰা মতে প্ৰতিদিনে তিনি-চাৰি কাপ কফি খালে মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা ১৭ শতাংশ হ্ৰাস পায়, আনহাতে একাপ চাহ খালে ৯ শতাংশ হ্ৰাস পায়। পূৰ্বে প্ৰকাশিত গৱেষণা অনুসৰি কফি আৰু চাহত থকা কেফেইনৰ দৰে জৈৱ সক্ৰিয় যৌগসমূহৰ প্ৰদাহ নিবাৰণকাৰী ‘এন্টিঅক্সিডেন্ট’ গুণ থাকে যিয়ে ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।
শেহতীয়াকৈ কৰা এক অধ্যয়নতো কোৱা হৈছে যে সীমিত পৰিমাণত কফি খালে সুস্থ জীৱন যাপন কৰিব পৰা যায়। আমেৰিকাৰ ইউটা বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনত কৰ্মৰত এই অধ্যয়নৰ জ্যেষ্ঠ লেখিকা ইউয়ান-চিন এমি লীয়ে কয় যে কফি তথা চাহ সেৱন আৰু কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাসৰ ওপৰত পূৰ্বে গৱেষণা কৰা হৈছে। কিন্তু এই অধ্যয়নত কেঞ্চাৰৰ আশংকাৰ ক্ষেত্ৰত কফি আৰু চাহৰ বিভিন্ন প্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰা হৈছে।
এই অধ্যয়নৰ বাবে গৱেষকসকলে মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত প্ৰায় ৯৫৫০ জন আৰু ১৫৮০০ গৰাকী আন সাধাৰণ ৰোগত আক্ৰান্ত ৰোগীক লৈ ১৪টা অধ্যয়নৰ তথ্য বিশ্লেষণ কৰে। দৈনিক চাৰি কাপতকৈ অধিক কেফেইনযুক্ত কফি খোৱা লোকসকলৰ মূৰ আৰু ডিঙিৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা মদ্যপান নকৰা লোকৰ তুলনাত ১৭ শতাংশ কম হোৱা দেখা গৈছে।
ইয়াৰ উপৰিও মুখৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৩০ শতাংশ কম আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা ২২ শতাংশ কম হোৱা দেখা গৈছে। তদুপৰি তিনিৰ পৰা চাৰিকাপ কেফেইনযুক্ত কফি খালে হাইপ’ফেৰিঞ্জিয়াল কেঞ্চাৰ (ডিঙিৰ তলৰ অংশত হোৱা এক প্ৰকাৰৰ কেঞ্চাৰ)ৰ সম্ভাৱনা ৪১ শতাংশ হ্ৰাস পায় আৰু আনহাতে, কেফেইনবিহীন কফি খালে ‘মুখগহ্বৰৰ কেঞ্চাৰ’ৰ সম্ভাৱনা ২৫ শতাংশ হ্ৰাস পায় বুলি কোৱা হৈছে।
ইফালে একাপ চাহ খালে মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৯ শতাংশ আৰু হাইপ’ফেৰিংছৰ সম্ভাৱনা ২৭ শতাংশ হ্ৰাস পায়। কিন্তু দিনটোত একাপতকৈ অধিক চাহ খালে লেৰিংছ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা ৩৮ শতাংশ বৃদ্ধি পায় বুলিও গৱেষণাত দাবী কৰা হৈছে। অৱশ্যে গৱেষকসকলে লগতে তেওঁলোকে বিশ্লেষণ কৰা অধ্যয়নসমূহ মূলতঃ উত্তৰ আমেৰিকা আৰু ইউৰোপৰ আছিল বুলি আঙুলিয়াই আন স্থানৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহ’বও পাৰে বুলি উল্লেখ কৰে।