সমীক্ষাত প্ৰকাশ গুৰুত্বপূৰ্ণ তথ্যঃ মাছে বৃদ্ধি কৰিব স্মৃতিশক্তি, প্ৰতিৰোধ কৰিব পাৰে এনে ৰোগ.. | Study says eating fish may prevent Dementia Alzheimer diseases Assam news - Assam Tv9

সমীক্ষাত প্ৰকাশ গুৰুত্বপূৰ্ণ তথ্যঃ মাছে বৃদ্ধি কৰিব স্মৃতিশক্তি, প্ৰতিৰোধ কৰিব পাৰে এনে ৰোগ..

Published: 

27 Sep 2024 22:46 PM

এজিং ক্লিনিকেল এণ্ড এক্সপেৰিমেণ্টেল ৰিচাৰ্চত প্ৰকাশিত এই অধ্যয়নত দেখা গৈছে যে মাছ খোৱা লোকৰ স্মৃতিশক্তি হেৰুৱাৰ সম্ভাৱনা মাছ নোখোৱা লোকৰ তুলনাত কম। এই অধ্যয়নে নিয়মীয়াকৈ মাছ খালে ডিমেনচিয়া আৰু এলজাইমাৰৰ দৰে ৰোগ প্ৰতিৰোধ কৰিব পৰা যায় বুলিও দাবী কৰিছে।

সমীক্ষাত প্ৰকাশ গুৰুত্বপূৰ্ণ তথ্যঃ মাছে বৃদ্ধি কৰিব স্মৃতিশক্তি, প্ৰতিৰোধ কৰিব পাৰে এনে ৰোগ..

প্ৰতিনিধিত্বমূলক ছবি

Follow Us On

সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে মানুহৰ স্মৃতিশক্তি হ্ৰাস পায়, দেখা দিয়ে ডিমেনচিয়া আৰু এলজাইমাৰৰ দৰে ৰোগে। এই দুয়োটা ৰোগ পৃথক যদিও ৰোগ দুবিধৰ লক্ষণৰ কিছু মিল আছে। ডিমেনচিয়া আৰু এলজাইমাৰ ৰোগক বয়স বৃদ্ধিৰ ৰোগ বুলি গণ্য কৰা হয় যদিও এতিয়া কম বয়সীয়া লোকো এই ৰোগত আক্ৰান্ত হোৱা দেখা পোৱা গৈছে। এই ৰোগৰ আঁৰত জিনীয় কাৰণো থাকিব পাৰে। তদুপৰি অত্যধিক ধূমপান, মদ্যপান, ডায়েবেটিছ, হাই কলেষ্টেৰল আদি কাৰকেও এলজাইমাৰ আৰু ডিমেনচিয়া ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

পিছে শেহতীয়াকৈ প্ৰকাশ পোৱা এক অধ্যয়নে দাবী কৰিছে যে নিয়মীয়াকৈ মাছ খালে ডিমেনচিয়া আৰু এলজাইমাৰৰ দৰে ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। এজিং ক্লিনিকেল এণ্ড এক্সপেৰিমেণ্টেল ৰিচাৰ্চত প্ৰকাশিত এই অধ্যয়নত দেখা গৈছে যে মাছ খোৱা লোকৰ স্মৃতিশক্তি হেৰুৱাৰ সম্ভাৱনা মাছ নোখোৱা লোকৰ তুলনাত কম। সেয়েহে নিয়মীয়াকৈ মাছ খালে ডিমেনচিয়া আৰু এলজাইমাৰ ৰোগৰ আশংকা হ্ৰাস কৰিব পৰা যায় বুলি বিশ্বাস কৰা হৈছে।

এই অধ্যয়নত গৱেষকসকলে সমগ্ৰ বিশ্বৰ ৮ লাখ ৪৯ হাজাৰ লোকৰ খাদ্যাভ্যাস নিৰীক্ষণ কৰে। নিৰীক্ষণৰ সময়ত গৱেষকসকলে লক্ষ্য কৰে যে নিয়মিতভাৱে মাছ খোৱাসকলৰ স্মৃতিশক্তি হেৰুৱাৰ সম্ভাৱনা কম। লগতে স্বাস্থ্যকৰ জীৱনশৈলী আৰু সঠিক খাদ্যাভ্যাসৰ দ্বাৰা মগজুক সুস্থ কৰি ৰাখিব পাৰি আৰু ইয়াৰ ফলত এই ৰোগবোৰৰ সম্ভাৱনা হ্ৰাস যায় বুলিও গৱেষণাটোত উল্লেখ কৰা হৈছে।

গৱেষণাটোৰ মতে, মাছ নিয়মীয়াকৈ খালে ডিমেনচিয়া ৰোগৰ সম্ভাৱনা ১৮ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে এলজাইমাৰ ৰোগৰ সম্ভাৱনা ১৫ শতাংশ হ্ৰাস পায়। অৱশ্যে মাছ খোৱাৰ অভ্যাস গঢ়ি তুলি এই ৰোগৰ প্ৰতিৰোধমূলক বিকল্প হিচাপে গ্ৰহণ কৰিব পাৰি যদিও জিনীয় কাৰণত বা মূৰত আঘাত পোৱা আদি কাৰণত যদি এই সমস্যা হয়, তেনে দিশসমূহ আওকাণ কৰিব নোৱাৰি বুলিও কোৱা হৈছে অধ্যয়নত।

উল্লেখ্য যে মাছ ভাল প্ৰটিনৰ এক উৎকৃষ্ট উৎস। মাছত ওমেগা ৩ ফেটি এচিড যথেষ্ট পৰিমাণে পোৱা যায়, ই মগজুৰ কোষসমূহক সুৰক্ষা দিয়াত সহায় কৰে। ইয়াৰ উপৰিও মাছত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যি ব্যক্তিক মানসিকভাৱে সুস্থ কৰি ৰখাই নহয় শাৰীৰিক স্বাস্থ্যও বজাই ৰখাত সহায় কৰে।

সাম্প্ৰতিক সময়ত কম বয়সীয়া লোকৰ ক্ষেত্ৰতো ডিমেনচিয়া আদি ৰোগ দেখা পোৱা গৈছে। এই সন্দৰ্ভত স্বাস্থ্য বিশেষজ্ঞ সমীৰ ভাটিয়ে কয় যে কম বয়সতে এনে ৰোগৰ আক্ৰমণৰ বাবে অস্বাস্থ্যকৰ জীৱনশৈলী বহুলাংশে দায়ী। তদুপৰি ওজন নিয়ন্ত্ৰণতো গুৰুত্ব দিব লাগে বুলি তেওঁ পৰামৰ্শ আগবঢ়াইছে। সুস্থ মগজুৰ বাবে ভিটামিন বি ১২ৰ অভাৱ হ’ব নালাগে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে।

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version