দ্ৰুত গতিৰে খোজ কাঢ়ে নেকি? যদি কাঢ়ে, এই খবৰে পোহৰাই তুলিব আপোনাৰ মন…

স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পুৱা বা গধূলি খোজ কাঢ়িব পাৰিলে ভাল, কিন্তু যদি সময় নাথাকে তেন্তে দিনত কামৰ সময়তে যিমান দূৰ সম্ভৱ খোজ কাঢ়িবলৈ চেষ্টা কৰিব লাগে। পিছে আপুনি যদি কিছু দ্ৰুতগতিত খোজ কাঢ়ে, তেতিয়াহ’লে আপুনি এই অভ্যাসৰ বাবে নজনাকৈয়ে স্বাস্থ্যৰ বাবে দুগুণ উপকাৰ লাভ কৰি আছে। শেহতীয়াকৈ চলোৱা এক অধ্যয়নে এনে এক কথাই প্ৰমাণ কৰি তুলিছে।

দ্ৰুত গতিৰে খোজ কাঢ়ে নেকি? যদি কাঢ়ে, এই খবৰে পোহৰাই তুলিব আপোনাৰ মন…

দ্ৰুত গতিৰে খোজ কাঢ়িলে লাভ কৰিব অনন্য উপকাৰিতা

Updated On: 

23 Dec 2024 07:22 AM

এক সুস্থ, সবল আৰু নিৰোগী দেহৰ বাবে আমি শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটো অত্যন্ত প্ৰয়োজনীয়। প্ৰতিদিনে কিছু সময়ৰ শাৰীৰিক ক্ৰিয়া-কলাপে আমাৰ দেহৰ অসামান্য উপকাৰ সাধন কৰিব পাৰে। এইক্ষেত্ৰত আটাইতকৈ সহজতম পন্থাটো হৈছে খোজ কঢ়া। সাধাৰণ যেন লগা এই শাৰীৰিক ক্ৰিয়াৰ দ্বাৰা আমাৰ স্বাস্থ্যৰ অত্যন্ত উপকাৰ পোৱা যায়। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পুৱা বা গধূলি খোজ কাঢ়িব পাৰিলে ভাল, কিন্তু যদি সময় নাথাকে তেন্তে দিনত কামৰ সময়তে যিমান দূৰ সম্ভৱ খোজ কাঢ়িবলৈ চেষ্টা কৰিব লাগে।

আপুনি যদি কিছু দ্ৰুতগতিত খোজ কাঢ়ে, তেতিয়াহ’লে আপুনি এই অভ্যাসৰ বাবে নজনাকৈয়ে স্বাস্থ্যৰ বাবে দুগুণ উপকাৰ লাভ কৰি আছে। শেহতীয়াকৈ চলোৱা এক অধ্যয়নে এনে এক কথাই প্ৰমাণ কৰি তুলিছে। এই অধ্যয়নে দ্ৰুত গতিত খোজ কঢ়া লোকৰ ক্ষেত্ৰত বহু ৰোগৰ আশংকা হ্ৰাস পায় বুলি উল্লেখ কৰিছে। অধ্যয়নটোত মানুহৰ খোজ কঢ়াৰ গতি জোখা হৈছিল আৰু ইয়ায় পিছত প্ৰকাশ পাইছে এই তথ্য।

জাপানৰ দোশিছা বিশ্ববিদ্যালয়ত মেদবহুলতা, অতিৰিক্ত চৰ্বিযুক্ত দেহ বা দুয়োটা সমস্যাত ভুগি থকা ২৫ হাজাৰ লোকৰ ওপৰত এই অধ্যয়ন কৰা হৈছিল। এই অধ্যয়নত মানুহক তেওঁলোকৰ খোজ কঢ়াৰ গতি আৰু বয়স সম্পৰ্কে সোধা হৈছিল। এই ভিত্তিত কৰা অধ্যয়নত প্ৰকাশ পাইছে যে যিসকল লোকে বেগেৰে খোজ কাঢ়ে তেওঁলোকৰ হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা, ডায়েবেটিছ আদিৰ আশংকা বহু কম।

চাইন্টিফিক ৰিপ’ৰ্টছ নামৰ আলোচনীখনত প্ৰকাশিত এই অধ্যয়নত খোজ কঢ়াৰ গতি আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত তথ্য সংগ্ৰহ কৰা হৈছে। অধ্যয়নত দেখা গৈছে যে দ্ৰুতগতিত খোজ কঢ়া লোকসকলৰ ডায়েবেটিছ ৰোগৰ সম্ভাৱনা ৩০ শতাংশ কম। ইয়াৰ উপৰিও দ্ৰুত খোজ কাঢ়িলে উচ্চ ৰক্তচাপ আৰু ডিছলিপিডেমিয়া অৰ্থাৎ তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰাও হ্ৰাস পায়।

দ্ৰুত গতিত খোজ কঢ়াৰ ফলত কাৰ্ডিঅ’ৰেস্পিৰেটৰী ফিটনেছ, অৰ্থাৎ শাৰীৰিক কাৰ্যকলাপৰ সময়ত পেশীৰ মাইট’কণ্ড্ৰিয়ালৈ শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ অক্সিজেন যোগান ধৰাৰ ক্ষমতা উন্নত হয়। ইয়াৰ ফলত অক্সিডেটিভ চাপ আৰু প্ৰদাহ হ্ৰাস পায়। দোশিছা বিশ্ববিদ্যালয়ৰ স্বাস্থ্য আৰু ক্ৰীড়া বিজ্ঞান বিভাগৰ অধ্যাপক কোজিৰো ইছিয়ে এই অধ্যয়নৰ মুখ্য গৱেষক হিচাপে ভূমিকা গ্ৰহণ কৰিছিল।

এই অধ্যয়নত স্পষ্ট হৈ পৰিছে যে মেদবহুলতাত আক্ৰান্ত লোকসকলৰ বিপাকীয় ৰোগৰ সম্ভাৱনা অধিক বুলি অধ্যাপক কোজিৰো ইছিয়ে উল্লেখ কৰে। দ্ৰুত গতিত খোজ কঢ়া লোকে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, ডিছলিপিডেমিয়া অৰ্থাৎ তেজত থকা বেয়া চৰ্বিৰ মাত্ৰা হ্ৰাস কৰিব পাৰে আৰু মেদবহুলতাত আক্ৰান্তসকলৰ বাবে ই বিশেষভাৱে উপকাৰী বুলি তেও লগতে কয়।

দীঘল আৰু ঘন চুলি বিচাৰে নেকি? তেন্তে সৰিয়হ তেলৰ সৈতে এই সামগ্ৰী মিহলাই কৰক ব্যৱহাৰ...
শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...
চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন