অস্ত্ৰোপচাৰৰ পাছত ভাৰতত অধিক ৰোগীৰ হয় সংক্ৰমণ, চাঞ্চল্যকৰ তথ্য…

Surgical Site Infection: ভাৰতত বৃদ্ধি পাইছে অস্ত্ৰোপচাৰৰ পাছত হোৱা সংক্ৰমিতৰ সংখ্যা। শেহতীয়াকৈ এক তথ্য পোহৰলৈ আহিছে যে অস্ত্ৰোপচাৰৰ পাছত বহু ৰোগীৰ সংক্ৰমণ হয়।

অস্ত্ৰোপচাৰৰ পাছত ভাৰতত অধিক ৰোগীৰ হয় সংক্ৰমণ, চাঞ্চল্যকৰ তথ্য...

সংক্ৰমণ

Published: 

14 Jan 2025 12:42 PM

যিকোনো ধৰণৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছত সংক্ৰমণৰ আশংকা বেছি থাকে। সেয়ে অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকে ৰোগীক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা এক তথ্য অনুসৰি অস্ত্ৰোপচাৰৰ পাছত ভাৰতত সংক্ৰমণৰ আশংকা অধিক। আইচিএমআৰৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে অস্থিৰোগ অস্ত্ৰোপচাৰ (orthopedic operation) ৰ পাছত সংক্ৰমণৰ হাৰ ৫৪ শতাংশ। অস্ত্ৰোপচাৰৰ পাছত হোৱা সংক্ৰমণক চাৰ্জিকেল চাইট  ইনফেকশ্যন (,Surgical Site Infection, SSI) বুলি কোৱা হয়।

কিন্তু এই সংক্ৰমণৰ হাৰ দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে। এনে সংক্ৰমণ ৰোধ কৰিবলৈ এক নেটৱৰ্ক মুকলি কৰা হৈছে, যিয়ে দেশৰ চিকিৎসালয়সমূহক এনে সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত সহায় কৰে। দিল্লীৰ এইমছ, মণিপাল, কস্তুৰৱা হাস্পাতাল আৰু টাটা মেমৰিয়াল হাস্পাতালে ৩০৯০ জন ৰোগীৰ অস্ত্ৰোপচাৰৰ অধ্যয়নৰ অন্তত তথ্য প্ৰকাশ কৰিছে যে দেশত অস্ত্ৰোপচাৰৰ অন্তত সংক্ৰমণৰ আশংকা অধিক। লগতে অধ্যয়নত প্ৰকাশ পাইছে যে, দুঘণ্টাৰো অধিক সময়ৰ যিকোনো ধৰণৰ অস্ত্ৰোপচাৰৰ পিছত সংক্ৰমণৰ সম্ভাৱনা অধিক। এই সংক্ৰমণৰ পাছত শৰীৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা থাকে।

কেতিয়া হয় চাৰ্জিকেল চাইন ইনফেকশ্যন

আৰ এম এল হাস্পতালৰ ছালৰ ৰোগ বিভাগৰ ডাঃ ভৱুক কুমাৰে কয় যে, অস্ত্ৰোপচাৰ কৰাৰ সময়ত দেহৰ কটা অংশত বিভিন্ন ধৰণৰ বেক্টেৰিয়াই প্ৰৱেশ কৰে আৰু তেতিয়াই চাৰ্জিকেল চাইন ইনফেকশ্যন হোৱাৰ সম্ভাৱনা বেছি থাকে। অস্ত্ৰোপচাৰৰ অন্তত যেতিয়া ৰোগী ঘৰলৈ যায় তেতিয়া এই সংক্ৰমণৰ বিষয়ে গম পায়। ইয়াৰোপৰি যিসকল ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম আৰু অস্ত্ৰোপচাৰৰ সময়ত ভালদৰে চোৱা চিতা নকৰে তেওঁলোকৰ বেছিকৈ এই সংক্ৰমণ হয়।

লক্ষণ

  • অস্ত্ৰোপচাৰ কৰা ঠাইখিনি ফুলি উঠা
  • বিষ অনুভৱ কৰা
  • পূজ ওলাই অহা
  • জ্বৰ হোৱা

চাৰ্জিকেল চাইন ইনফেকশ্যনৰ চিকিৎসা কেনেকৈ হয়

এন্টিবায়টিক ব্যৱহাৰ কৰি সংক্ৰমণ কম কৰিব পাৰি। যদি সংক্ৰমণ হোৱা ঠাইৰ পৰা বেছিকৈ পূজ ওলাই থাকে তেন্তে এয়া ভালদৰে মচি পেলাব লাগে। অন্যথা অন্য ঠাইতো সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। ইযাৰোপৰি যদি অস্ত্ৰোপচাৰৰ স্থানখিনিত বিষ অনুভৱ হয় আৰু ফুলি উঠে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।

 

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!