5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দেহত এলাৰ্জী কিয় হয় জানেনে? চাওঁ আহক, কি কয় বিশেষজ্ঞই…

কোনো ব্যক্তিৰ এলাৰ্জী হোৱা বস্তুৰ সংস্পৰ্শলৈ অহাৰ পিছত বা সেই বস্তুটো খোৱাৰ পিছত কিছু সময়ৰ ভিতৰতে দেহত এলাৰ্জীৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। দিল্লীৰ আৰ এম এল হাস্পতালৰ জ্যেষ্ঠ আৱাসী ডাঃ অংকিত কুমাৰে কয় যে এলাৰ্জীৰ বহু কাৰণ আছে। এজন ব্যক্তিৰ বিভিন্ন ধৰণে এলাৰ্জি হ’ব পাৰে।

দেহত এলাৰ্জী কিয় হয় জানেনে? চাওঁ আহক, কি কয় বিশেষজ্ঞই…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Updated On: 06 Sep 2024 00:09 AM

বৰ্তমান সময়ত মানুহৰ মুখত সততে শুনা এক দৈহিক সমস্যা এলাৰ্জী। কোনো বিশেষ বস্তুৰ সংস্পৰ্শলৈ অহাৰ পিছত ছালত হোৱা খজুৱতি তথা সৰু ফোহাৰ পৰা আৰম্ভ কৰি হাঁচিও এই এলাৰ্জীৰ লক্ষণ।  শিশুৰ পৰা বৃদ্ধলৈকে যিকোনো বয়সৰ লোক এলাৰ্জীৰ সমস্যাত পৰিব পাৰে। সাধাৰণতে কিছুমান মানুহৰ কিছুমান খাদ্য সামগ্ৰীৰ বাবে এলাৰ্জী হয়, আনহাতে কিছুমানৰ আকৌ কোনো বিশেষ বস্তু, বতৰ বা জন্তুৰ বাবে এলাৰ্জি হ’ব পাৰে।

কোনো ব্যক্তিৰ এলাৰ্জী হোৱা বস্তুৰ সংস্পৰ্শলৈ অহাৰ পিছত বা সেই বস্তুটো খোৱাৰ পিছত কিছু সময়ৰ ভিতৰতে দেহত এলাৰ্জীৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। দিল্লীৰ আৰ এম এল হাস্পতালৰ জ্যেষ্ঠ আৱাসী ডাঃ অংকিত কুমাৰে কয় যে এলাৰ্জীৰ বহু কাৰণ আছে। এজন ব্যক্তিৰ বিভিন্ন ধৰণে এলাৰ্জি হ’ব পাৰে।

যেতিয়া কোনো ধৰণৰ ভাইৰাছ বা বেক্টেৰিয়া শৰীৰত প্ৰৱেশ কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতাই এই ভাইৰাছ বা বেক্টেৰিয়াবিধক চিনিব পাৰি ইয়াত আক্ৰমণ কৰে। এই সময়ত শৰীৰত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ঘটে, যেনে হাঁচি, মৃদু জ্বৰ আদি। এনে লক্ষণসমূহে এলাৰ্জীৰ উমান দিয়ে। প্ৰকৃততে এলাৰ্জী হৈছে এক প্ৰকাৰৰ অতি সংবেদনশীলতা বিকাৰ।

এনে পৰিস্থিতিত আমাৰ শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাই শৰীৰৰ সংস্পৰ্শলৈ অহা কিছুমান বিশেষ পদাৰ্থক ক্ষতিকাৰক বুলি বিবেচনা কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। কোনো পদাৰ্থৰ বিৰুদ্ধে প্ৰতিৰক্ষা ব্যৱস্থাই দিয়া এই বিক্ৰিয়াক এলাৰ্জিক প্ৰতিক্ৰিয়া বুলি কোৱা হয় আৰু শৰীৰে যিবোৰ পদাৰ্থৰ প্ৰতি ক্ৰিয়া কৰিছে তাক এলাৰ্জী বুলি কোৱা হয়।

সাধাৰণতে এলাৰ্জীৰ বহু প্ৰকাৰ দেখা যায়। এইসমূহৰ বিষয়ে চাওঁ আহক-

ঔষধৰ এলাৰ্জী

কিছুমান ঔষধৰ ফলত হোৱা এলাৰ্জীক ড্ৰাগ এলাৰ্জী বুলি কোৱা হয়। ইয়াত ব্যক্তিজনৰ কোনো বিশেষ ঔষধৰ প্ৰতি এলাৰ্জী হ’ব পাৰে। প্ৰকৃততে ঔষধত থকা যিকোনো পদাৰ্থৰ প্ৰতি ব্যক্তিজনৰ এই এলাৰ্জী হ’ব পাৰে।

খাদ্য এলাৰ্জী

কোনো বিশেষ ধৰণৰ খাদ্য খোৱাৰ পিছত আমাৰ দেহত ৰোগ প্ৰতিৰোধ ব্যৱস্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। বহু লোকৰ ঘেঁহু বা উচ্চ প্ৰটিনযুক্ত খাদ্যৰ ক্ষেত্ৰতো এলাৰ্জী হয়।

ঋতুভিত্তিক এলাৰ্জী

কিছুমান লোকৰ বতৰৰ পৰিৱৰ্তনৰ বাবেও এলাৰ্জী হোৱা দেখা যায়। বতৰৰ বিশেষ পৰিৱৰ্তন হ’লে বহু লোকে অস্বস্তি অনুভৱ কৰে। জ্বৰ হাঁচিৰ লগতে আন কিছুমান অনুৰূপ লক্ষণেও এইক্ষেত্ৰত দেখা দিব পাৰে।

কনটেক্ট ডাৰ্মাটাইটিছ এলাৰ্জী

কোনো বিশেষ বস্তুৰ স্পৰ্শ বা সংস্পৰ্শলৈ অহাৰ ফলত ছালত ৰঙা দাগ ওলাবলৈ আৰম্ভ কৰে। এনে সমস্যাক কনটেক্ট ডাৰ্মাটাইটিছ এলাৰ্জী বুলি ধৰিব পাৰো। জীৱ-জন্তু, কাপোৰ আদিৰ বাবে ব্যক্তিৰ দেহত এনে এলাৰ্জীৰ প্ৰভাৱ দেখা যায়।

ধূলিৰ এলাৰ্জী

বৰ্তমান সময়ত ধূলিৰ এলাৰ্জী খুবেই সাধাৰণ। অধিকাংশ লোকেই আজিৰ সময়ত এই সমস্যা হয়। যেতিয়া ধূলিত থকা সৰু সৰু কণাবোৰ আমাৰ নাকত প্ৰৱেশ কৰে তেতিয়া নাকত হাঁচি, খজুৱতি আৰু জ্বলা-পোৰা অনুভৱ হয়।

প্ৰসাধন এলাৰ্জী

ছালত ব্যৱহাৰ কৰা বহুতো প্ৰসাধন সামগ্ৰীত থকা ৰাসায়নিক পদাৰ্থৰ বাবেও বহু লোকৰ এলাৰ্জী হ’ব পাৰে। এনে পৰিস্থিতিত এই এলাৰ্জিজনিত পদাৰ্থবোৰৰ বাবে ছালত ফুলা আৰু ৰঙা ফোহা ওলাবলৈ আৰম্ভ কৰে, সেয়েহে বহু সামগ্ৰী ব্যৱহাৰ কৰাৰ আগতে ছালৰ পৰীক্ষা কৰাটো বাঞ্ছনীয়।

Latest News