চৰ্দি- কাহৰ সমস্যা দূৰ কৰিবলৈ চাহত মিহলাই খাওক এইসমূহ সামগ্ৰী…

গ্ৰীষ্মৰ অন্তত শীতকালে মানুহক কিছু সকাহ দিয়ে যদিও এই সময়চোৱাত বহু বেমাৰে লগ দিয়ে। বিভিন্নজনে শীতকালত কাহ, চৰ্দি আদিৰ দৰে সমস্যাত ভোগে।কিন্তু ঘৰতে চাহ বনাই আপুনি ইয়াৰ পৰা কিছু সকাহ পাব পাৰে, অৱশ্যে ইয়াৰ বাবে চাহত মিহলাব লাগিব এইসমূহ সামগ্ৰী।

চৰ্দি- কাহৰ সমস্যা দূৰ কৰিবলৈ চাহত মিহলাই খাওক এইসমূহ সামগ্ৰী...

কাহ- চৰ্দি

Published: 

10 Dec 2024 06:53 AM

প্ৰচণ্ড গৰমৰ অন্তত সকলোৱে অপেক্ষা কৰি থাকে শীতকাললৈ। কিন্তু ঠাণ্ডাৰ দিন অহাৰ লগে লগে মানুহৰ চৰ্দি, জ্বৰ, কাহ আদি সমস্যাই দেখা দিয়ে। এনে সময়ত মানুহে প্ৰায়ে চাহ খাব বিচাৰে। শীতকালত চাহ খোৱাৰ সময়ত কিছুমান বস্তু চাহত মিহলাই দিলে কাহ, চৰ্দি আদিৰ পৰা কিছু পৰিত্ৰাণ পোৱা যায়। ই কাহ, চৰ্দি ভাল কৰাৰ লগতে পেটৰ সমস্যাও দূৰ কৰে। বিশেষ কথা এয়াই যে, এই সামগ্ৰীসমূহ সকলোৰে পাকঘৰত সহজে উপলব্ধ।

আজি আমি আপোনালোকক এনে কিছুমান বস্তুৰ বিষয়ে জনাম যি চাহত মিহলাই খালে চৰ্দি, কাহৰ সমস্যা বহু পৰিমাণে কম হয়। ইয়াৰ বিষয়ে সবিশেষ তলত উল্লেখ কৰা হ’ল-

আদা চাহ

ঠাণ্ডা হওক গৰম হওক, প্ৰতিটো সময়তে আদা দিয়া চাহ খাব পাৰি। অৱশ্যে শীতকালত ই বেছি উপকাৰী। আদা গৰম হোৱা বাবে গ্ৰীষ্ম দিনত ই কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে কিন্তু ঠাণ্ডা দিনত ই অত্যন্ত ভাল। আদাত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী পোৱা যায়। গতিকে ইয়াক চাহত আদা মিহলাই ইয়াক সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হোৱাৰ লগতে কাহ আৰু চৰ্দিৰ পৰাও সকাহ দিয়ে।

তুলসী পাতৰ চাহ

কাহ আৰু চৰ্দিৰ পৰা উপশম পোৱাৰ বাবে তুলসী চাহ খোৱাতো অত্যন্ত ভাল। তুলসীত এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণ পোৱা যায়, যাৰ ফলত চৰ্দি আৰু কাহৰ পৰা উপশম পোৱা যায়। ইয়াৰ উপৰিও ই সংক্ৰমণৰো প্ৰতিৰোধ কৰে। শীতকালত কাহ- চৰ্দিৰ দৰে সমস্যা দূৰ কৰাতো তুলসী উপযোগী। এয়া বনাবলৈ ইয়াত আপুনি নেমু, দালচেনিৰ গুড়ি আৰু মৌ ব্যৱহাৰ কৰিব পাৰে।

লেমন গ্ৰাছ

লেমন গ্ৰাছ চাহ খোৱাটোও শীতকালত ভাল। এই চাহ খালে ঠাণ্ডা দিনত হোৱা কাহ আৰু চৰ্দিৰ পৰা উপশম পোৱা যায়।  ইয়াত বেক্টেৰিয়া বিৰোধী আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ পোৱা যায়। যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত হয়। এই চাহৰ সোৱাদও বৰ ভাল।

জালুক

শীতকালত কাহ আৰু চৰ্দিৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে জালুকৰ চাহ খোৱা অত্যন্ত উপকাৰী। ক’লা জালুকত পাইপেৰিন নামৰ যৌগ থাকে যিয়ে চৰ্দি আৰু কাহৰ পৰা উপশম দিয়ে।

লং চাহ

লং চাহে চৰ্দি আৰু কাহৰ পৰা উপশম দিয়ে। ইয়াৰ উপৰিও এই চাহ খোৱাৰ ফলত পাচনতন্ত্ৰও সবল হৈ থাকে। ইয়াক বনাবলৈও যথেষ্ট সহজ। মাত্ৰ এটা পাত্ৰত পানী ৰাখি তাৰ পিছত তাত চাহপাত, মৌ বা গুৰ আৰু লং দি উতলাই ল’ব লাগিব। ইয়াক আপুনি ৰঙা চাহ বা গাখীৰ চাহ হিচাপেও সেৱন কৰিব পাৰে।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?