5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Teacher’s day 2024: শিক্ষক দিৱসৰ ভাষণ, এনেদৰে শিক্ষাগুৰুক জনাওক শুভেচ্ছা…

Teachers day 2024: ৫ ছেপ্টেম্বৰত পালন কৰা হ'ব শিক্ষক দিৱস। শিক্ষক দিৱসত কিছুমান এনে বিষয়ৰ ওপৰত ভাষণ দিব পাৰি যাৰ ফলত  ছাত্ৰ- ছাত্ৰী আৰু শিক্ষকৰ সম্পৰ্ক মধুৰ হয়। শিক্ষক দিৱসত ভাষণ দিব পৰা কেইটামান বিষয় তলত উল্লেখ কৰা হ'ল-

Teacher’s day 2024: শিক্ষক দিৱসৰ ভাষণ, এনেদৰে শিক্ষাগুৰুক জনাওক শুভেচ্ছা…
শিক্ষক দিৱসৰ শুভেচ্ছা
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 04 Sep 2024 10:34 AM

প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। দেশৰ প্ৰাক্তন উপ- ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মতিথিত এই শিক্ষক দিৱস পালন কৰা হয়। এই দিনটোত দেশৰ প্ৰত্যেক শিক্ষানুষ্ঠানতে শিক্ষক দিৱস পালন কৰা হয়। এই অনুষ্ঠানত ছাত্ৰ- ছাত্ৰীসকলে শিক্ষক- শিক্ষয়িত্ৰীক শিক্ষক দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে ভাষণো দিয়ে। ছাত্ৰ- ছাত্ৰীসকলে শিক্ষকসকলকৰ বাবে গান গাই, উপহাৰ দি বা বিভিন্ন ধৰণে শুভেচ্ছা জনোৱা দেখা যায়।

শিক্ষক দিৱসত কিছুমান এনে বিষয়ৰ ওপৰত ভাষণ দিব পাৰি যাৰ ফলত  ছাত্ৰ- ছাত্ৰী আৰু শিক্ষকৰ সম্পৰ্ক মধুৰ হয়। শিক্ষক দিৱসত ভাষণ দিব পৰা কেইটামান বিষয় তলত উল্লেখ কৰা হ’ল-

ভাষণৰ পদ্ধতি

ভাষণৰ আৰম্ভণীতে প্ৰথমে নিজৰ পৰিচয় দিব লাগে। তাৰ পাছত সভাত উপস্থিত থকা শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ- ছাত্ৰীসকলোকে সন্মান জনাই ভাষণ আৰম্ভ কৰিব লাগে। কিছুমান শিক্ষক সম্বন্ধীয় শ্লোকৰ দ্বাৰাও ভাষণৰ আৰম্ভ কৰিব ৰাখে। তাৰ পাছত শিক্ষক দিৱস কিয় পালন কৰা হয় তাৰ বিষয়ে উল্লেখ কৰিব। লগতে সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ বিষয়ে কিছু আলোকপাত কৰিব।

দেশৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এগৰাকী বিখ্যাত দাৰ্শনিক আৰু শিক্ষাবিদ। ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুৰ এখন সৰু গাঁও তিৰুমণিত জন্মগ্ৰহণ কৰা ড°  ৰাধাকৃষ্ণনে ২৭ বাৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল। ১৯৫৪ চনত ভাৰতৰত্ন বঁটা লাভ কৰিছিল। তেওঁ এজন মহান দাৰ্শনিক শিক্ষকো আছিল । ৪০ বছৰ শিক্ষক হিচাপে কাম কৰিছিল। জীৱনকালত তেওঁ আছিল এজন মেধাৱী ছাত্ৰ, এজন প্ৰখ্যাত শিক্ষক, আৰু এজন প্ৰখ্যাত লেখক আৰু প্ৰকাশক আছিল।

ইয়াৰ লগতে শিক্ষকে কৰা উপকাৰ, আপোনাৰ জীৱনত তেওঁলোকৰ প্ৰভাৱ আদিৰ বিষয়ে উল্লেখ কৰিব পাৰে। কোন শিক্ষকৰ কৰ্মৰাজিয়ে আপোনাক প্ৰভাৱিত কৰে সেয়া উল্লেখ কৰিব পাৰে। শেষত আপুনি পুনৰবাৰ সভাত উপস্থিত থকা সকলোকে সন্মান জনাই ভাষণ সামৰিব পাৰে।

এনেদৰে জনাব পাৰে শুভেচ্ছা-

  • শিক্ষক দিৱসৰ শুভেচ্ছা। মহান দাৰ্শনিক, শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক তেখেতৰ এই পুণ্য তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছো। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ মোৰ শ্ৰদ্ধা…
  • গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈশ্রী গুৰুৱে নমঃ।। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো।
  • যি দেশত আপোনালোকৰ দৰে শিক্ষাগুৰু আছে সেই দেশৰ ভৱিষ্যত উজ্বল হবই। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ শুভেচ্ছা ।
  • শিক্ষাগুৰুসকল আমাৰ সমাজৰ প্ৰকৃত পথ প্ৰদৰ্শক। অজ্ঞানতাৰ অন্ধকাৰ আঁতৰাই তেওঁলোকে জ্ঞানৰ পোহৰ বিলায়। এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ শুভেচ্ছা।
  • শিক্ষাগুৰুসকলে জীৱনৰ আদিপাঠ প্ৰদান কৰি কৰ্মপথাৰত সফল হোৱাকৈ আমাক শিক্ষাৰ পোহৰেৰে উজলাই তোলে। শিক্ষাদানৰ দৰে মহৎ সেৱাত ব্ৰতী হৈ দেশৰ ভেটি গঢ়া প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীলৈ ‘শিক্ষক দিৱস’ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
  • শিক্ষক দিৱসৰ বহুত শুভেচ্ছা। আপুনি আনৰ বাবে এজন সাধাৰণ শিক্ষক হলেও মোৰ দৰে অনেক ছাত্ৰ- ছাত্ৰীৰ বাবে এজন হিৰো। মোৰ পদ প্ৰদৰ্শন কৰাৰ বাবে ধন্যবাদ।
  • মোৰ জীৱনত শিক্ষা প্ৰদান কৰা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ মোৰ আন্তৰিক শুভেচ্ছা।

সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বাণী

  • শিক্ষক হৈছে এ়ডাল মমবাটিৰ দৰে যি নিজে জ্বলি আনক পোহৰ দিয়ে- সৰ্বপল্লী ৰাধাকৃষ্ণণ
  • জ্ঞানে আমাক শক্তি দিয়ে, প্ৰেমে আমাক পূৰ্ণতা দিয়ে-সৰ্বপল্লী ৰাধাকৃষ্ণণ
  • কিতাপ হৈছে আমাৰ সংস্কৃতিৰ মাজত দলং গঢ়ি তোলাৰ মাধ্যম।
  • প্ৰকৃত শিক্ষক সেইসকল যিয়ে আমাক নিজৰ বাবে চিন্তা কৰাত সহায় কৰে।
  • যেতিয়াই আমি সকলো জানো বুলি ভাবো, তেতিয়াই আমাৰ শিকা বন্ধ হৈ যায়।

Latest News