5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Teacher’s Day ত আপোনাৰ শিক্ষাগুৰুক এই পদ্ধতিৰে বিশেষ অনুভৱ কৰাওক…

যদি আপুনি শিক্ষক দিৱসৰ দিনা আপোনাৰ গুৰুসকলৰ বাবে বিশেষ পৰিকল্পনা কৰিছে, তেন্তে এই টিপছবোৰ উপযোগী হ’ব পাৰে। প্ৰতি বছৰে ভাৰতত ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়। এই দিৱসত শিক্ষকৰ ভূমিকা আৰু তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশৰ বাবে উৎসৰ্গিত কৰা হৈছে। এই বিশেষ দিনটোত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি কৃতজ্ঞতা আৰু শ্ৰদ্ধা প্ৰকাশ কৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ শিক্ষকক বিশেষ অনুভৱ কৰিবলৈ এনেদৰে পৰিকল্পনা কৰিব পাৰে।

Teacher’s Day ত আপোনাৰ শিক্ষাগুৰুক এই পদ্ধতিৰে বিশেষ অনুভৱ কৰাওক…
৫ ছেপ্তেম্বৰত শিক্ষক দিৱস
Follow Us
barasha-misra
Barasha Misra | Updated On: 03 Sep 2024 10:08 AM

ভাৰতত প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিৱসত আমাৰ শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰাৰ এক বিশেষ সুযোগ। ৫ ছেপ্টেম্বৰত ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি তথা শিক্ষক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকী শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষকে আমাক জ্ঞান প্ৰদান কৰাই নহয় জীৱনৰ মূল্যবোধ, নৈতিকতা আৰু চৰিত্ৰ উন্নত কৰাত সহায় কৰে। ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ পথ প্ৰদৰ্শক হোৱাত সহায় কৰে।

শিক্ষক দিৱসৰ এই বিশেষ দিনটোত আমি আমাৰ বিদ্যালয়, মহাবিদ্যালয় আৰু টিউচন শিক্ষকৰ বাবে বিশেষ কৰি তুলিবলৈ এটা পৰিকল্পনা কৰিব পাৰোঁ। যি দেখি তেওঁলোকৰ মুখখন আনন্দত উজ্জ্বল হৈ উঠিব। তলত উল্লেখ কৰা ছাৰপ্ৰাইজ টিপছৰ পৰা আপুনি আইডিয়া ল’ব পাৰে।

নোটচ আৰু কাৰ্ড

নিজে এখন কাৰ্ড বনাই শিক্ষক দিৱসৰ দিনা শিক্ষকক দিয়ক। য’ত আপুনি আপোনাৰ শিক্ষকৰ প্ৰতি আপোনাৰ অনুভৱ প্ৰকাশ কৰে। বহু ধৰণে সজাব পাৰে। যাতে কাৰ্ডখন ধুনীয়া দেখা যায়। ইয়াৰ লগতে শিক্ষকৰ ফটোও তাত দিব পাৰে। ইয়াত আপোনাৰ শিক্ষকৰ বাবে বিশেষ কিছুমান ব্যক্তিগত টোকা বা বিশেষ বস্তু লিখক।

ক্লাছত ছাৰপ্ৰাইজ কৰক

শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এটা সৰু ছাৰপ্ৰাইজ পাৰ্টিৰ পৰিকল্পনা কৰক। ইয়াৰ ভিতৰত কিছুমান খেল, নৃত্য বা গীত আদিও থাকিব পাৰে। লগতে আপোনাৰ ক্লাছটো সজাই তোলক। লগতে ক’লা বৰ্ডত শুভকামনা আৰু ধন্যবাদৰ বাৰ্তা লিখিব পাৰে।

ভিডিঅ’ বাৰ্তা

আজিকালি ডিজিটেলৰ যুগ। এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ পৰা ভিডিঅ’ বাৰ্তা বনাওক য’ত সকলোৱে নিজৰ শিক্ষকৰ প্ৰতি নিজৰ অনুভৱ আৰু শুভেচ্ছা প্ৰকাশ কৰে। আপোনাৰ শিক্ষকৰ বাবে এইটো এটা অতি মৰমলগা উপহাৰ হ’ব পাৰে।

অনুষ্ঠান

বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে একত্ৰিত হৈ শিক্ষকসকলৰ বাবে এটা সৰু অনুষ্ঠানৰ আয়োজন কৰক, য’ত তেওঁলোকে এটা চমু ভাষণ দি শিক্ষকক সন্মান জনাব লাগে। ইয়াৰ ভিতৰত কিছুমান খেল, নৃত্য বা গীত আদিও থাকিব পাৰে।

বিশেষ দুপৰীয়াৰ আহাৰ বা চাহ

স্কুলত বা কেফে বা ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ বা চাহৰ আয়োজন কৰিব পাৰে। য’ত আপোনাৰ শিক্ষকক নিমন্ত্ৰণ কৰি তেওঁৰ বাবে বিশেষ খাদ্য প্ৰস্তুত কৰক।

কিয় পালন কৰা হয়?

১৯৫২ চনত ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ প্ৰথম উপ–ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হয় আৰু ১০ বছৰ পিছত ১৯৬২ চনত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ১৯৬২ চনত ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ পিছত, তেওঁৰ ছাত্ৰসকলে তেওঁৰ জন্মদিনটো উদযাপনৰ অনুমতি বিচাৰি অনুৰোধ জনায়। তেওঁ এই দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ কৈছিল। তেওঁ কৈছিল, ‘‘মোৰ জন্মদিনটো পৃথককৈ পালন কৰাৰ পৰিৱৰ্তে যদি শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেতিয়া বেছি আনন্দ পাম’’। সেয়ে বিশ্বজুৰি ৫ অক্টোবৰত পালন কৰা হ’লেও ভাৰতত ১৯৬২ চনৰ পৰা ৫ ছেপ্টেম্বৰৰ দিনটোত পালন কৰা হয় শিক্ষক দিৱস।

 

Latest News