শীতল পানীয় সেৱনৰ ফলত ডায়েবেটিছৰ কৱলত ২২ লাখ লোক, পোহৰলৈ আহিছে আচৰিত তথ্য

শীতল পানীয় সকলোৰে প্ৰিয়। বিশেষকৈ গৰমত আমাৰ শৰীৰৰ পৰা ঘাম ওলোৱাৰ কাৰণে দেহত পানীৰ পৰিমাণ কমি যায় আৰু আমাৰ পিয়াহ লাগে। শৰীৰক অলপ আৰাম দিবলৈ বহুতে শীতল পানীয়ৰ আশ্ৰয় লয়। কিন্তু এক প্ৰতিবেদত পোহৰলৈ আহিছে, শীতল পানীয় সেৱনৰ ফলত ডায়েবেটিছৰ কৱলত পৰিছে ২২ লাখ লোক।

শীতল পানীয় সেৱনৰ ফলত ডায়েবেটিছৰ কৱলত ২২ লাখ লোক, পোহৰলৈ আহিছে আচৰিত তথ্য

শীতল পানীয় সেৱনৰ ফলত ডায়েবেটিছৰ কৱলত ২২ লাখ লোক

Published: 

29 Jan 2025 16:55 PM

যেতিয়াই আপুনি বাহিৰত কিবা খাবলৈ যায় তেতিয়াই প্ৰায়ে শীতল পানীয় খায়। কিন্তু আপুনি জানেনে, আপুনি খোৱা শীতল পানীয়বোৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে? এটা গৱেষণাত পোহৰলৈ আহিছে যে, হাই চুগাৰ লেবেল থকা পানীয় খোৱাৰ ফলত মানুহৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিছে।

গৱেষণাৰ তথ্য

শেহতীয়াকৈ নেচাৰ মেডিচিনে এক গৱেষণা প্ৰকাশ কৰিছে, যিয়ে দেখুৱাইছে ২০২০ চনত হাই চুগাৰ লেবেলৰ শীতল পানীয় সেৱনৰ ফলত বিশ্বজুৰি প্ৰায় ২২ লাখ লোক টাইপ ২ ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে। এই গৱেষণাত নেচাৰ মেডিচিনে ১৮৪খন দেশৰ সমীক্ষা চলাইছিল। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে,অধিক চেনিযুক্ত শীতল পানীয় খোৱাৰ বাবে বিশ্বজুৰি কিমানজন লোক ডায়েবেটিছ আৰু হৃদৰোগৰ কৱলত পৰিছিল। টাইপ ২ ডায়েবেটিছ ৰোগীৰ উপৰিও গৱেষকসকলে অনুমান কৰিছে যে, হৃদৰোগৰ ১২ লাখ ৰোগী শীতল পানীয় সেৱনৰ সৈতে জড়িত।

এই অধ্যয়নত প্ৰকাশ পাইছে যে, বিশ্বজুৰি পুৰুষে মহিলাতকৈ অধিক শীতল পানীয় সেৱন কৰে। ইয়াৰ উপৰিও যুৱক-যুৱতীসকলেও অধিক শীতল পানীয় সেৱন কৰে। বিশ্বৰ বিভিন্ন অঞ্চলত শীতল পানীয়ৰ ফলত হোৱা ৰোগৰ মাত্ৰা বেলেগ বেলেগ। গৱেষণাত কোৱা হৈছে যে, সৰ্বাধিক পৰিমাণৰ শীতল পানীয় খোৱাৰ বাবে লেটিন আমেৰিকা, কেৰিবিয়ান আৰু উপ-চাহাৰা আফ্ৰিকাত সৰ্বাধিক লোক অসুস্থ হৈ পৰিছে।

ক’ত অধিক ৰোগীৰ খবৰ পোৱা গৈছে?

উপ-চাহাৰা আফ্ৰিকাৰ ২১ শতাংশ লোক শীতল পানীয় সেৱনৰ বাবে ডায়েবেটিছৰ বলি হয়। লেটিন আমেৰিকা আৰু কেৰিবিয়ানত ২৪ শতাংশ ডায়েবেটিছ আৰু ১১ শতাংশ হৃদৰোগৰ তথ্য পোৱা গৈছে।

গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, ২০২০ চনত কলম্বিয়াত ৫০ শতাংশ ডায়েবেটিছ ৰোগীৰ কাৰণ আছিল চেনিযুক্ত শীতল পানীয়। আমেৰিকাতো শীতল পানীয় খোৱাৰ বাবে টাইপ ২ ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা জানিব পৰা গৈছে। আমেৰিকাত ১৯৯০ চনৰ পৰা ২০২০ চনলৈ প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ৬৭১ জন ডায়েবেটিছ ৰোগী হৈছে। মধ্যবিত্তীয় দেশসমূহত চেনিযুক্ত শীতল পানীয়ৰ বজাৰ বৃহৎ পৰিসৰত কৰা হয়। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত যথেষ্ঠ প্ৰভাৱ পৰে।

দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?