Rongali Bihu: অসমৰ জাতীয় জীৱনৰ ঐতিহ্যৰ পৰিচয় জাপি, অসমত কোনে প্ৰথম জাপিৰ ব্যৱহাৰ কৰিছিল?
হেঁপাহৰ ৰঙালী বিহুটি আহিলেই সমাদৰ বৃদ্ধি পায় জাপিৰ । অসমীয়া কৃষ্টি-সংস্কৃতিৰ অন্যতম বাহক এই ফুলাম জাপি। কিন্তু আপুনি জানেনে এই জাপি শিল্পীসকলে কেনেকৈ নিৰ্মাণ কৰে?

ৰঙালী বিহুত জাপিক প্ৰাধান্য দিয়া হয়। দৈনিক জাপি শিল্পীসকলে সাজি উলিয়াই হাজাৰ হাজাৰ ফুলাম জাপিৰ লগতে হালোৱা জাপি । এই জাপিৰ চাহিদা অসমৰ লগতে দিল্লী,কলকাতা,মুম্বাই আদিতো বৃদ্ধি পাইছে । সেয়েহে ৰঙালী বিহু আহিলেই এই সকল জাপি শিল্পীয়ে আনন্দত আত্মহাৰা হৈ পৰে ।
“জাপি “শব্দটিৰ উৎপত্তি ‘জাপʼ শব্দৰ পৰা হৈছে। যাৰ অৰ্থ টকৌ পাতৰে ভৰ্ত্তি হৈ থকা দম। জাপি অসমীয়া সংস্কৃতিৰ বাহক, অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীক ৰূপে সৰ্বজনবিদিত। প্ৰথমে জাপি দেখিবলৈ টুপিৰ দৰে আছিল। কালক্ৰমত তাৰ আকাৰ, ৰং, সজাৰ অৰ্থাৎ তৈয়াৰী কৰা সঁজুলি ভিন্ন ধৰণৰ হ’ল। বাঁহ, বেত, গছৰ পাত জাপি সজাৰ ঘাই উপকৰণ। কোনো কোনো দেশত গছপাত আৰু জন্তুৰ ছালেৰেও জাপি সজা হয়। ৰূপ-সজ্জাৰ ফালৰপৰা ইয়াৰ ভাগ দুটা-ফুলাম জাপি আৰু উকা জাপি। জাপিৰ ইতিহাস বহু পুৰণি। আগৰ দিনত জাপিৰ বিভিন্ন প্ৰকাৰৰ জাপি ব্যৱহাৰ হৈছিল। বৰদৈয়া জাপি, সৰুদৈয়া জাপি আদিও আছিল। ইয়াৰোপৰি পানীজাপি, গৰখীয়া জাপি আদিৰ প্ৰচলন আছিল। জাপি সাধাৰণতে টকৌপাতেৰে তৈয়াৰ কৰা হয়।
২০১৭ চনত ভাৰতীয় ডাক বিভাগে ভাৰতীয় মানুহে মূৰত পৰিধান কৰা ১৬ টা টুপিৰ ডাকটিকট প্ৰচলন কৰিছিল য’ত অসমৰ জাপিয়েও স্থান পাইছিল।
কোনে প্ৰথম ব্যৱহাৰ কৰিছিল?
হিউৱেন চাঙক ৰজা ভাস্কৰ বৰ্মনে হালিলি নামৰ জাপি এটা উপহাৰ দিছিল। ইয়াৰ পাছত জাপিৰ উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়। ১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ ৰূপৰ জাপি উপহাৰ দিছিল। ইয়াৰ পাছত চুহুংমুঙ ৰজাই চুতীয়া ৰাজধানী শদিয়া দখল কৰি বহুতো জাপি লাভ কৰিছিল। চুতীয়া ৰজাৰ দিনত জাপি নিৰ্মাণ কৰিবলৈ জাপিসজিয়া বুলি এটা খেল ৰাখিছিল যিটো খেলৰ লোকে পাছলৈ আহোম ৰজা সকলৰ কাৰণেও জাপি নিৰ্মাণ কৰিছিল। ইয়াৰ বাহিৰে মধ্য অসমৰ বাৰ ভূঞা সকলেও জাপি ব্যৱহাৰ কৰিছিল। সাতসাৰী বুৰঞ্জীৰ মতে আহোম ৰজা সকলে বচুৱাল, তঙালি আৰু টকৌ-পতীয়া জাপি ভূঞা সকলৰ পৰা ল’বলৈ শিকিছিল। আহোমৰ দিনত ডা-ডাঙৰীয়াসকলে মৰ্য্যাদা অনুসৰি বিভিন্ন জাপি ব্যৱহাৰ কৰিছিল। যেনে- বুঢ়াগোহাঁই, বৰপাত্ৰগোহাঁই, বৰগোহাঁয়ে সোণৰ চুলাৰে পানী জাপি আৰু টুপি জাপি। বৰফুকন সকলে ৰুপৰ চুলাৰ জাপি, উকা বৰজাপি ব্যৱহাৰ কৰিছিল।
কেনেকৈ নিৰ্মাণ কৰে?
বাঁহ আৰু তাল গছৰ পাত বা টকৌ গছৰ পাত ব্যৱহাৰ কৰি জাপি তৈয়াৰ কৰা হয়। জাপিৰ আকাৰ বিভিন্নধৰণৰ আছে- বৰ জাপি, সৰু জাপি। খেতি-পথাৰত ব্যৱহাৰ কৰা জাপিৰ আকাৰ বৰ জাপিতকৈ সক বহল ঘূৰণীয়া (বৃত্তাকাৰ)। মাজ অংশটোত হালোৱাজনৰ মূৰত খাপ-খাই পৰাকৈ এটা জোঙা কৰা অংশ থাকে। প্ৰথমতে ঘূৰণীয়া আকৃতিৰ (চালনি আকৃতি) মাজত সৰু সৰু ফাক থকা দুখন ছাল (জালি) বৈ তৈয়াৰ কৰি লোৱা হয়, এই চালনি আকৃতিৰ ছাল দুখন বওঁতে একেবাৰে কেন্দ্ৰবিন্দুৰ পৰা আৰম্ভ কৰি ৮ ইঞ্চিমান বৈ হোৱাৰ পাছত এটা অলপ ডাঠ ঘূৰণীয়া শলিৰে বান্ধি ওপৰৰ অংশ জোঙা কৰা হয়। এনেকৈ দুয়োখন ছাল বৈ হোৱাৰ পাছত টকৌ পাত বা তাল পাত ঘূৰণীয়াকৈ কাটি দুইখন ছালৰ মাজত পাৰি দিয়া হয় আৰু ঠায়ে ঠায়ে গাঠি দিয়া হয়।
জাপিৰ ব্যৱহাৰ
“জাপিৰ” ব্যৱহাৰ বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। খেতিয়ক সকলে পৰিধান কৰে কৃষি কাৰ্য্যত বৰ্তি থকাৰ সময়ত ৰʼদ বৰষুণৰ পৰা ৰক্ষা পাবলৈ। বিহু নচাৰ সময়ত ইয়াৰ শোভা বঢ়াবৰ কাৰণে কৰে। অতিথিক আদৰণি জনোৱাৰ চিহ্ন স্বৰূপে তথা সজোৱা বস্তু হিচাপে ইয়াক চʼৰা ঘৰত ৰখা হয়। সাধাৰণ বা অনালংকৃত “জাপি” খেতিয়ক সকলৰ সুৰক্ষাৰ বাবে নিৰমিত হয়। আনহাতে, অলংকৃত “জাপি” অসমীয়া ৰাজ পৰিয়ালৰ লোকসকলে নিজৰ স্থিতাৱস্থাৰ প্ৰতীক চিহ্ন হিচাপে প্ৰয়োগ কৰিছিল।