5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাখীবন্ধন কেতিয়াৰ পৰা পালন কৰা হয়? জানক কোনে কাক প্ৰথম ৰাখী পিন্ধাইছিল…

আজি পৱিত্ৰ ৰাখী বন্ধন। এই দিনটোত ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী পিন্ধাই তেওঁলোকৰ দীৰ্ঘ আৰু নিৰোগী জীৱনৰ কামনা কৰে। ভাতৃ–ভগ্নীৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ এই উৎসৱ পালন কৰা হয়।

ৰাখীবন্ধন কেতিয়াৰ পৰা পালন কৰা হয়? জানক কোনে কাক প্ৰথম ৰাখী পিন্ধাইছিল…
ৰাখীবন্ধন কেতিয়াৰ পৰা পালন কৰা হয়?
Follow Us
barasha-misra
Barasha Misra | Published: 16 Aug 2024 16:19 PM

ৰাখীবন্ধন ভাৰতৰ এটা বিশেষ উৎসৱ। হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয়। এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে। এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা। লগতে লুকাই থাকে দাদায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। সেয়ে ককায়েক বা ভায়েক জনৰ বায়েক বা ভনীয়েক জনীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয়।

কেতিয়াৰ পৰা আৰম্ভ ৰাখীবন্ধন?

ৰাখী এই উৎসৱটো কেতিয়াৰ পৰা আৰম্ভ হ’ল এই কথা কোনেও সঠিককৈ ক’ব নোৱাৰে। পুৰণি এটা আখ্যান মতে— দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতাসকল দুৰ্বলৰ দৰে অনুভৱ হ’ল; তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিল। বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তেওঁ এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিলে। সংযোগ ক্ৰমে সেই দিনা শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে।

মহাভাৰতত আছে কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাত প্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিলে। এই কাৰ্যত কৃষ্ণ অভিভূত হৈ যায়। তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱাত দ্ৰৌপদীক কৌৰৱৰ ৰাজসভাত অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিবলৈ যাওঁতে কৃষ্ণই দ্ৰৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল। কিছু লোকৰ মতে এইদৰেই ৰাখীবন্ধন প্ৰচলন হ’ল।

অন্য প্ৰচলিত মত অনুসৰি— দৈতৰাজ বলি বিষ্ণুৰ ভক্ত আছিল। বিষ্ণুয়ে বৈকুণ্ঠ এৰি বলিৰ ৰাজ্য ৰক্ষা কৰিবলৈ আহে। বিষ্ণুৰ স্ত্ৰী লক্ষ্মী দেৱীয়ে স্বামীক পুনৰ ঘূৰাই নিবৰ বাবে এজনী সাধাৰণ মহিলাৰ ৰূপ ধৰে। লক্ষ্মী দেৱীয়ে বলিক কয় যে যোৱা বহু দিনৰ পৰা তেওঁৰ স্বামী নিৰুদ্দেশ, তেওঁ যেতিয়ালৈকে স্বামীক বিচাৰি নাপায় তেতিয়ালৈকে যাতে বলিয়ে তেওঁৰ ঘৰত এই দুখীয়া মহিলাগৰাকীক থাকিবলৈ দিয়ে। বলিৰজাই ছদ্মবেশী লক্ষ্মী দেৱীক আশ্ৰয় দিবলৈ ৰাজি হ’ল। শাওণ মাহৰ পূৰ্ণিমা উৎসৱ লক্ষ্মী দেৱীয়ে বলি ৰজাৰ হাতত ৰাখী বান্ধি দিয়ে। সাধাৰণ মহিলাগৰাকীয়ে বলি ৰজাৰ হাতত ৰাখী বন্ধাৰ কাৰণ সুধোঁতে লক্ষ্মী দেৱীয়ে নিজৰ আত্ম পৰিচয় দিলে আৰু সকলো কথা বলি ৰজাৰ আগত বিৱৰি ক’লে। তেওঁৰ চতুৰালিত মুগ্ধ হৈ বলি ৰজাই বিষ্ণুক বৈকুণ্ঠলৈ যাবলৈ অনুৰোধ জনায়। বহু লোকৰ মতে সেই কাৰণেও ৰাখীবন্ধন পালন কৰা হয়।

ৰাণী কৰ্ণৱতী আৰু সম্ৰাট হুমায়ুনৰ কাহিনী

ৰাজপুতসকল যেতিয়া যুদ্ধৰ বাবে ওলায় তেতিয়া তেওঁলোকৰ স্ত্ৰীয়ে যুঁজাৰুসকলৰ মূৰত তিলক লগাইছিল আৰু হাতত ৰেচমৰ সূতা এঠাল বান্ধি দিছিল। তেওঁলোকে এই সূতা ডালক বিশ্বাস কৰিছিল যে এই সূতা ডালেই তেওঁলোকৰ স্বামীক বিজয়ীৰ লগতে যুদ্ধৰ পৰা জীৱিত ৰূপত ঘৰলৈ আনিব।

এটা জনপ্ৰিয় গল্প অনুযায়ী, চিতোৰৰ ৰাণী কৰ্ণৱতীয়ে ১৫৩৫ খ্ৰীষ্টাব্দত গুজৰাটৰ ৰজা চুলতান বাহাদুৰ শ্বাহে চিতোৰ আক্ৰমণ কৰিলে, বিধবা ৰাণী কৰ্ণৱতীয়ে অসহায় বোধ কৰিলে আৰু মোগল সম্ৰাট হুমায়ুনলৈ এডাল ৰাখী পঠাই দিয়ে আৰু তাইক সহায় কৰিবলৈ প্ৰৰ্থনা কৰে। ৰাণী কৰ্ণৱতীৰ ৰাখীত অভিভূত হৈ হুমায়ুনে চিতোৰ ৰক্ষাৰ অৰ্থে তেওঁৰ সৈন্য প্ৰেৰণ কৰে। হুমায়ুনৰ সৈন্যয়ে চিতোৰ ৰক্ষা কৰি দিয়ে।

মহামতি আলেকজেণ্ডাৰ আৰু পুৰু ৰজা

এটা কিংবদন্তী অনুযায়ী, ৩২৬ খ্ৰীষ্টপূৰ্বত মহামতি আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিলে। আলেকজেণ্ডাৰৰ স্ত্ৰীয়ে পুৰু ৰজালৈ এডাল সূতা পঠিয়ায় আৰু তেওঁক অনুৰোধ জনায় যে আলেকজেণ্ডাৰৰ যেন ক্ষতি নকৰে। আৰু পুৰু ৰজাই হাতত বন্ধা ৰাখী ডালক সন্মান কৰি আলেকজেণ্ডাৰক জীৱন দান দিলে। কোনো কোনো লোকৰ বিশ্বাস যে তেতিয়াৰ পৰাই এই প্ৰথা প্ৰচলনহৈ আহিছে। (তথ্য- ৱিকিপিডিয়া)

কোনো সঠিক তথ্য নাই যদিও প্ৰচলিত বিবাদ অনুসৰি ৰাখীবন্ধনৰ আৰম্ভণি ধৰা হয়। এই দিনটোত নিয়ম-নীতিৰ মাজেৰে প্ৰতিগৰাকী ভাতৃৰ হাতত ভগ্নীয়ে বান্ধে বিশ্বাসৰ বান্ধোন।

 

Latest News