শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Rongali Bihu at Rang Ghar: আহোম স্বৰ্গদেউৰ দিনৰে পৰা প্ৰচলিত ৰংঘৰৰ বাকৰিৰ বিহু পৰম্পৰা, জানক ৰংঘৰৰ ইতিহাস আৰু স্থাপত্যৰ বিষয়ে…

ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। এসময়ত ৰাজ-পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল।

Rongali Bihu at Rang Ghar: আহোম স্বৰ্গদেউৰ দিনৰে পৰা প্ৰচলিত ৰংঘৰৰ বাকৰিৰ বিহু পৰম্পৰা, জানক ৰংঘৰৰ ইতিহাস আৰু স্থাপত্যৰ বিষয়ে…
আহোম স্বৰ্গদেউৰ দিনৰে পৰা প্ৰচলিত ৰংঘৰৰ বাকৰিৰ বিহু পৰম্পৰা
barasha-misra
Barasha Misra | Published: 11 Apr 2025 22:06 PM

পদূলিমুখত হেঁপাহৰ ৰঙালী। বাপতি সাহোন ৰঙালী বিহুকলৈ ব্যস্ত ৰাজ্যবাসী ৷ পহিলা ব’হাগৰ দিনাই ঢোল-পেঁপাৰ মাতত উদুলি-মুদুলি হৈ পৰে ঐতিহাসিক ৰংঘৰৰ বাকৰি। ৰংঘৰৰ বাকৰিত ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰা হয় বিহু।

একালৰ গছৰ তলৰ আৰু কৃষিপথাৰৰ বিহুক আহোম স্বৰ্গদেউসকলে ৰংঘৰ বাকৰিলৈ আদৰি আনি ৰজা-প্রজা উভয়ৰে আনন্দ উৎসৱত পৰিণত কৰিছিল। বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ সমাহাৰত প্ৰাণৱন্ত হৈছিল ৰংঘৰৰ চোতাল। কিন্তু আপুনি জানেন আহোম যুগৰ ৰংঘৰৰ স্থাপত্য কোনে নিৰ্মাণ কৰিছিল?

ৰংঘৰ হ’ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। এসময়ত ৰাজ-পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম’হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত। এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেও প্ৰমত্ত সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল। ই তলাতল ঘৰৰ উত্তৰে, জয়সাগৰৰ পশ্চিমে, অসম ট্ৰাঙ্ক ৰোডৰ দাঁতিত অৱস্থিত।

ৰংঘৰৰ নিৰ্মাণ-শৈলীত ইচলামিক স্থাপত্যৰ প্ৰভাৱ পৰিছে। ইয়াৰ কেন্দ্ৰীয় গাঁথনি চতুৰ্ভূজ আকৃতিৰ। দুই মূৰ আগবঢ়াই ইয়াক ট্ৰেপেজিয়ামৰ আকৃতি দিয়া হৈছে। সামগ্ৰিক ভাৱে ৰংঘৰৰ গাঁঠনিয়ে এটা অষ্টভূজৰ ৰূপ লৈছে। ৰংঘৰৰ চাল অৰ্দ্ধ-বৃত্তাকৃতিৰ, এটা ওভতাই থোৱা দীঘলীয়া আকৃতিৰ বাতিৰ দৰে। কিছুমান বৃহদাকৃতিৰ স্তম্ভ আৰু ধেনুভেৰীয়া গাঁঠনিয়ে চালখনক ধৰি ৰাখিছে। চূড়াত নিৰ্মাণ কৰা আহোম ড্ৰেগন ঙি ঙাও খামে ৰংঘৰৰ সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে। পোৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰত কোনো ধাতুৰ ব্যৱহাৰ কৰা হোৱা নাই। ইটা জোৰা লগাবলৈ মাটিমাহ, হাঁহকণী, বৰা চাউল আদি সামগ্ৰীৰে কৰাল তৈয়াৰ কৰা হৈছিল।

ৰংঘৰৰ ইতিহাসৰ বিষয়ে জানো আহক

সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল যদিও পূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰে স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ খ্ৰীষ্ঠাব্দত। ৰংঘৰ নিৰ্মাণ কাৰ্য সাধাৰণতে থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰিছিল। বিশেষকৈ বৰালি মাছ,বৰা চাউল,হাঁহ কণী,মাটি মাহ অন্যান্য কিছুমান বস্তুৰ সংমিশ্ৰণক বিশেষ ভাৱে চিমেণ্ট প্ৰস্তুত কৰাৰ লগতে মাটিৰে তৈয়াৰী ইটাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। ইয়াৰ দেৱালসমূহত দেৱ-দেৱীৰ, সিংহ, হাতী আদি বিভিন্ন চিত্ৰ অংকন কৰিছিল। ৰংঘৰৰ আকৃতি দুই খলপীয়া ইটাবৰণীয়া এটা খেল উপভোগ কৰা ঘৰ। ই দেখিবলৈ হাঁহ কণীৰ দৰে। ৮৮ফুট আৰু ৩৬.৫ফুট বহল পেভিলিয়নত একেলগে বহি আহোম ৰাজপৰিয়ালে উপভোগ কৰিছিল খেল আৰু বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহূৰ্ত। ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ আধাৰত অসমক শাসনলৈ অনা পাছত ব`থান নামৰ ইংৰাজ বিষয়াজনে ১,৩০০টকাত ৰংঘৰ আৰু তলাতল,কাৰেংঘৰ বেৰ দুখন কেনকণ আলিক বিক্ৰী কৰিছিল। ৰংঘৰৰ সন্মুখত আন এটা সৰু পকী ৰংঘৰ আছিল, যিটো কেৰকণ আলিয়ে ধ্বংস কৰিলে।