শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চকুৰ তলত ক’লা দাগ পৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে এনেকৈ কৰক আঁতৰ…

প্ৰায়ভাগ মানুহৰে চকুৰ তলত ক'লা দাগ পৰে। টোপনিৰ অভাৱ, মানসিক চাপ বা বিভিন্ন কাৰণত এই দাগ পৰিব পাৰে। কিন্তু আপুনি ঘৰুৱা উপায় অৱলম্বন কৰিয়ে এই দাগ আঁতৰ কৰিব পাৰে।

চকুৰ তলত ক’লা দাগ পৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে এনেকৈ কৰক আঁতৰ…
চকুৰ তলৰ দাগImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 20 Feb 2025 07:00 AM

চকুৰ তলৰ ক’লা দাগ পৰা এক সাধাৰণ সমস্যা। প্ৰায় মানুহৰে চকুৰ তলত ক’লা দাগ পৰে। মানসিক চাপ, টোপনিৰ অভাৱ, অস্বাস্থ্যকৰ খাদ্য আৰু আন বহু কাৰণত মানুহে এই সমস্যত ভোগে। ইয়াৰ প্ৰভাৱ মানুহৰ সৌন্দৰ্যত পৰে। চকুৰ তলৰ ক’লা দাগৰ বাবে মুখৰ উজ্বলতা নাইকীয়া হৈ যায়। এনে পৰিস্থিতিত একাংশলোকে দাগসমূহ আঁতৰ কৰিবলৈ চিকিৎসকৰ পৰামৰ্শও গ্ৰহণ কৰে।কিন্তু ঘৰুৱা কিছুমান উপায় অৱলম্বন কৰিও ডাৰ্ক চাৰ্কল বা চকুৰ তলৰ ক’লা দাগ নোহোৱা কৰিব পাৰি। আমাৰ ঘৰতে কিছুমান এনে সামগ্ৰী থাকে যি ব্যৱহাৰ কৰা ফলপ্ৰসূ হ’ব পাৰে।

ঘৰুৱা কি উপায়েৰে চকুৰ তলৰ কলা দাগ নোহোৱা কৰে তলত উল্লেখ কৰা হ’ল-

বাদাম তেল

আলমণ্ড তেলে ক’লা দাগ নাইকীয়া কৰাত সহায় কৰে। ইয়াত ভিটামিন ই আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালৰ পুষ্টিৰ লগতে ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে। ই ছালত আৰ্দ্ৰতা প্ৰদান কৰে। যাৰ ফলত চকুৰ তলৰ ক’লা দাগ কমিব পাৰে।

  • নিশা শুৱাৰ পূৰ্বে চকুৰ তলত অলপ আলমণ্ড তেল লগাব।
  • হাতেৰে মালিচ কৰি দিব।
  • পুৱা উঠি ধুই দিব।
  • নিয়মিত ৰূপত ইয়াক ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

তিঁয়হ

তিঁয়হে ছালৰ সৌন্দৰ্যৰ বাবে বহু কাম কৰে। তিঁয়হে ছালত শীতল আৰু কোমল কৰাত সহায় কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টবোৰে ছালখনক হাইড্ৰেট কৰি ক’লা দাগ নোহোৱা কৰাত সহায় কৰে। ই চকুৰ ফুলা বা ভাগৰ দূৰ কৰাতো সহায় কৰে।

  • এটা তিঁয়হ গোলকৈ সৰু সৰুকৈ কাটি ফ্ৰীজত ৰাখক।
  • ঠাণ্ডা তিঁয়হ চকুৰ তলত ১০-১৫ মিনিট লগাওক।
  • পাছত ঠাণ্ডা পানীৰে ধুই দিয়ক।

এলোভেৰা

এলেভোৰেৰা বহু উপকাৰী গুণ আছে। ইয়াত এন্টি-ইনফ্লেমেটৰী আৰু হাইড্ৰেটিং গুণ আছে, যিয়ে ছালখনক পুষ্টি প্ৰদান কৰাত সহায় কৰে আৰু ই ছালৰ পৰা ক’লা দাগ আঁতৰ কৰাত সহায় কৰে।

  • এলোভেৰা জেল পাতৰ পৰা উলিয়াই চকুৰ তলত লগাওক।
  • ১৫-২০ মিনিট ৰাখি ধুই দিয়ক।
  • প্ৰতিদিনে ব্যৱহাৰ কৰিব পাৰে।

টি বেগছ

গ্ৰীণ টি বা ক’লা চাহে চকুৰ ক’লা দাগ কম কৰিব পাৰে। ইয়াত টেনিন, এন্টিঅক্সিডেন্ট আৰু কেফেইন থাকে – যিয়ে চকুৰ চাৰিওফালে থকা ছালখনক টোন কৰাত সহায় কৰে আৰু তেজৰ সঞ্চালন উন্নত কৰে।

  • টি বেগছক ঠাণ্ডা কৰিবলৈ ফ্ৰীজত ৰাখক।
  • ১৫-২০ মিনিট চকুৰ তলত লগাওক।
  • প্ৰতিদিনে ব্যৱহাৰ কৰক।