হৃদৰোগক লৈ চিন্তিত নেকি ? এইসমূহ খাদ্য গ্ৰহণে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত কৰিব সহায়

যদি আপুনি আপোনাৰ হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিব বিচাৰে আৰু হৃদযন্ত্ৰৰ সমস্যাৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাত কিছুমান বিশেষ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে, এই খাদ্যসমূহে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে আৰু আপোনাক সুস্থ কৰি ৰখাত সহায় কৰে ।

হৃদৰোগক লৈ চিন্তিত নেকি ? এইসমূহ খাদ্য গ্ৰহণে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত কৰিব সহায়

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ খাওক এইবোৰ খাদ্য

Published: 

20 Jan 2025 13:17 PM

কৰ’ণা মহামাৰীৰ পিছত ভাৰতত হৃদৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । বিশেষকৈ কম বয়সীয়া লোকসকল হাৰ্ট এটেক, কাৰ্ডিয়াক এৰেষ্টকে ধৰি হৃদৰোগৰ বলি হৈছে । ইয়াৰ আঁৰৰ কাৰণ হৈছে ভাৰসাম্যহীন খাদ্য আৰু ভুল জীৱনশৈলী, যিয়ে মানুহক মেদবহুলতা, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ বলি কৰি তুলিছে । এই সমস্যাই হৃদৰোগ বৃদ্ধিত আৰু অধিক সহায় কৰিছে । এনে পৰিস্থিতিত আজি মানুহ নিজৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত আৰু সচেতন হৈ পৰিছে ।

মানুহে জানিব বিচাৰে যে তেওঁলোকে কি খাব লাগে, যিয়ে তেওঁলোকক এই ৰোগবোৰৰ পৰা আঁতৰাই ৰাখিব পাৰে । গতিকে এনে কিছুমান খাদ্যৰ বিষয়ে জানো আহক, যিবোৰ খালে আপুনি হৃদৰোগৰ পৰা আঁতৰি থাকিব পাৰে আৰু এটা সুস্থ শৰীৰ গঢ়ি তুলিব পাৰে ।

সেউজীয়া পাতৰ শাক-পাচলি

সেউজীয়া শাক-পাচলি খোৱাৰ উপকাৰিতাৰ কথা সকলোৱে জানে । সেউজীয়া শাক-পাচলি আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী সেয়া দুনাই কোৱাৰ প্ৰয়োজন নিশ্চয় নাই । সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহ থাকে । ইয়াক হৃদযন্ত্ৰৰ বাবে ভাল বুলি গণ্য কৰা হয় । কচু, মেথি, সৰিয়হ, ব্ৰকলিকে ধৰি বহু শাক-পাচলিত আঁহৰ পৰিমাণ বেছি আৰু ই আমাৰ শৰীৰত কলেষ্টেৰলৰ পৰিমাণ কমাই হৃদৰোগ প্ৰতিৰোধ কৰে । গতিকে আমি সেউজীয়া শাক-পাচলি গ্ৰহণ কৰা উচিত ।

সতেজ ফল-মূল খাওক

ফল-মূলত কেলৰি কম আৰু পুষ্টিকৰ উপাদান বেছি থাকে । ইয়াত এনে বহু উপাদান থাকে যিয়ে কলেষ্টেৰল হ্ৰাস কৰে আৰু হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে । ব্লুবেৰী, ষ্ট্ৰবেৰী, এভোকেডো, জামুকে ধৰি বহুতো ফল আমাৰ শৰীৰৰ বাবে উপকাৰী । বহু ফল-মূলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ই শৰীৰৰ বেয়া তেজবোৰ আঁতৰাই বিশুদ্ধ তেজৰ সৃষ্টি কৰে । ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয় ।

বাদাম

হৃদৰোগীৰ বাবে আলমণ্ড আৰু আখৰোট উপকাৰী । আঁহৰ লগতে মনোঅনচেচুৰেটেড আৰু পলিঅনচেচুৰেটেড ফেট আখৰোট আৰু আলমণ্ডত পোৱা যায় । যিয়ে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে । ইয়াৰ উপৰিও চিয়া গুটি আৰু শণৰ গুটিও হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে ভাল বুলি বিবেচিত হয় ।

মাছ

হৃদযন্ত্ৰৰ লগত জড়িত ৰোগবোৰ আঁতৰাই ৰখাত মাছে সহায় কৰে । মাছ প্ৰতিমাহত ৩ৰ পৰা ৪ সাঁজ খাব লাগে । কাৰণ মাছত ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত আৰু প্ৰদাহ কমোৱাত সহায় কৰে ।

গোটা শস্য

খাদ্যত গোটা শস্য অন্তৰ্ভুক্ত কৰিলে হৃদ ৰোগৰ পৰা হাত সাৰিব পাৰি । গোটা শস্যত মেগনেছিয়াম আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থও প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ উপৰিও ইয়াত অধিক আঁহ থাকে, যিয়ে কলেষ্টেৰল হ্ৰাস কৰে আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে ।

মচুৰ দাইল

দাইল হৈছে প্ৰটিন আৰু আঁহৰ আটাইতকৈ ডাঙৰ উৎস । হৃদযন্ত্ৰৰ সমস্যা দূৰ কৰিবলৈ অধিক প্ৰটিন আৰু আঁহৰ প্ৰয়োজন হয় আৰু দাইলত এই দুয়োটা প্ৰচুৰ পৰিমাণে থাকে । হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী ।

চকলেট

শৰীৰত ৰক্ত সঞ্চালন সৃষ্টি কৰিবলৈ এন্টিঅক্সিডেন্টৰ প্ৰয়োজন । চকলেট বিশেষকৈ ডাৰ্ক চকলেটত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায় । ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে । যদি ৰক্তচাপ নিয়ন্ত্ৰণ কৰা হয় তেন্তে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে ।

এই খাদ্যসমূহ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে হাৰ্ট এটেক আৰু হৃদৰোগ সম্পৰ্কীয় সমস্যাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে । ইয়াৰ উপৰিও হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখিবলৈ নিয়মীয়া ব্যায়াম আৰু সঠিক জীৱনশৈলীও প্ৰয়োজনীয় ।

প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!