5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

New Year 2025: পৰিয়ালৰ সৈতে নৱবৰ্ষ উদযাপনৰ বাবে এই স্থানসমূহ শ্ৰেষ্ঠ, সোনকালে বনাওক পৰিকল্পনা

New Year Celebrations: সময়ৰ গতিত আকৌ এটা নতুন বছৰ আৰম্ভ হ'বলৈ কিছুদিন বাকী। এতিয়া ডিচেম্বৰ মাহ । পুৰণি বছৰটোক বিদায় আৰু নতুন বৰ্ষক আদৰণি জনাবলৈ বহুজনে ইতিমধ্যে বহু পৰিকল্পনা কৰিছে ৷ কিছুমান মানুহে নৱবৰ্ষৰ সময়ত পৰিয়াল বা আত্মীয়ৰ সৈতে ক’ৰবালৈ যাবলৈ ভাল পায়।

New Year 2025: পৰিয়ালৰ সৈতে নৱবৰ্ষ উদযাপনৰ বাবে এই স্থানসমূহ শ্ৰেষ্ঠ, সোনকালে বনাওক পৰিকল্পনা
পৰিয়ালৰ সৈতে নৱবৰ্ষ উদযাপনৰ বাবে এই স্থানসমূহ শ্ৰেষ্ঠ
barasha-misra
Barasha Misra | Updated On: 04 Dec 2024 15:10 PM

New Year Celebrations: নতুন বছৰ সমাগত। অধিক প্ৰত্যাশাৰে ৰৈ আছে প্ৰতিজন। ডিচেম্বৰ মাহৰ আৰম্ভণি হৈছে। কিছুদিন পিছত আমি ২০২৪ ৰ পৰিৱৰ্তে ২০২৫ লিখিম। ইয়াৰ সমান্তৰালকৈ ৰাইজে নতুন বছৰৰ প্ৰস্তুতিও আৰম্ভ কৰিছে। এই নতুন বছৰটো সকলোৰে বাবে জীৱনৰ নতুন আশা আৰু উৎসাহৰ প্ৰতীক। এই দিনকেইটাত পৰিয়াৰ আৰু আত্মীয়ৰ সৈতে বিশেষ মুহূৰ্ত উদযাপন কৰিবলৈ মানুহে বিভিন্ন স্থানলৈ যায়।

যদি আপুনিও নৱবৰ্ষ বিশেষভাবে উদযাপনৰ পৰিকল্পনা কৰিছে, তেন্তে ভাৰতত এনে বহু ঠাই আছে, য’ত ভ্ৰমণ কৰিলে আপোনাৰ বছৰৰ শেষৰ দিনকেইটা স্মৰণীয় হৈ উঠিব। এনে স্থানলৈ যাবৰ বাবে আপুনি মাত্ৰ টিকট বুকিং কৰিবলৈ সাজু হওক।

স্থান সমূহ

ভৈৰৱকুণ্ড

ভৈৰৱকুণ্ড অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন উল্লেখযোগ্য পৰ্যটনস্থলী। ঠাইখন অৰুণাচল প্ৰদেশ আৰু ভূটান সীমান্তত অৱস্থিত। ভৈৰৱকুণ্ডত শীতকালত বনভোজকাৰী দল আৰু পৰ্যটকৰ আগমন হয়।

তেজপুৰ

তেজপুৰ শোণিতপুৰ জিলাৰ এখন প্ৰধান নগৰ আৰু সদৰ। ই গুৱাহাটীৰ ১৭৯ কিলোমিটাৰ পূবত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত। তেজপুৰৰ দ-পৰ্বতীয়াৰ শৈল দ্বাৰ, অগ্নিগড়, চিত্ৰলেখা উদ্যান, জ্যোতি ভাৰতী আদি ঐতিহাসিক স্মৃতিচিহ্নৰ কাৰণেও বিখ্যাত।

গোৱা

যদি আপুনি পাৰ্টি কৰি ভাল পায় তেন্তে গোৱালৈ যোৱাৰ পৰিকল্পনা কৰক। নৱবৰ্ষত ইয়ালৈও বহুত বিদেশী পৰ্যটক আহে। সাগৰৰ অভিজ্ঞতা, নৈশজীৱন আৰু বালিৰ ওপৰত নৃত্য আপুনি কেতিয়াও পাহৰিব নোৱাৰে।

উদয়পুৰ

যদি আপুনি শান্ত অভিজ্ঞতা বিচাৰে তেন্তে আপুনি চিটি অৱ লেকছ উদয়পুৰলৈও যাব পাৰে। ইয়াত আপুনি হ্ৰদৰ পাৰত আৰু এটা সুন্দৰ সুন্দৰ ৰাজপ্ৰসাদত ৰোমান্টিক ডিনাৰ উপভোগ কৰিব পাৰিব।

ঋষিকেশ

আধ্যাত্মিকতাৰ লগত জড়িত লোকসকলে ঋষিকেশলৈ যাব পাৰে। শান্তি ভালপোৱা লোকৰ বাবেও এই স্থান উত্তম। গংগাৰ পাৰত আৰতিত অংশগ্ৰহণ কৰি যোগাসন আৰু ধ্যান কৰিলে মনলৈ শান্তি আহিব। ইয়াৰ উপৰিও ইয়াত দুঃসাহসিক ক্ৰীড়াও উপভোগ কৰিব পাৰিব।

বাৰাণসী

কাশী নগৰী বৰ্তমান বাৰাণসী চহৰৰ অন্তৰ্গত এখন পৌৰাণিক নগৰী। কাশী বিশ্বৰ পুৰণি নগৰ সমূহৰ ভিতৰত অন্যতম । কাশী প্ৰাচীন ভাৰতৰ অন্যতম প্ৰতীক। বাৰাণসী গংগা নদীৰ পশ্চিম পাৰৰ বাৰণা আৰু অসী নদীৰ সংগমস্থলীত স্থাপিত বিশ্বৰ ‘আটাইতকৈ পুৰণি জীৱন্ত নগৰ’। অতীতৰ কাশী আজিৰ বাৰাণসী, হিন্দু ধৰ্মৰ পবিত্ৰতাৰ প্ৰতীক। হৰিবংশ পুৰাণৰ মতে কাশী নগৰ স্থাপিত কৰিছিল “কাশ” নামৰ ৰজাই । কিছুমান বিদ্বানৰ মতে বৈদিক যুগৰ আগৰ পৰাই কাশী নগৰ আছিল। যদি আপুনি আধ্যাত্মিকতা ভাল পায় তেন্তে পৰিয়ালৰ লগত এই স্থানত যাব পাৰে।

মৌছিনৰাম

মৌছিনৰাম হৈছে উত্তৰ-পূৱ ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব খাচী পাহাৰ জিলাৰ এখন নগৰ, যি শ্বিলংৰ পৰা ৬০.৯ কিলোমিটাৰ দূৰৈত অৱস্থিত। মৌছিনৰাম ভাৰতৰ ভিতৰত আটাইতকৈ অধিক বৰষুণ হোৱা ঠাই। যদি আপুনি বৰষুণ ভাল পায় তেন্তে প্ৰিয়জনৰ সৈতে এই স্থানত যাব পাৰে।

Latest News