শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৃক্ক বিকল হ’লে দেখা পোৱা লক্ষণবোৰ কি কি? বিশেষজ্ঞৰ পৰা জানক

বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায়ে কোনো লক্ষণ দেখা নাযায়। অৱশ্যে এনে কিছুমান লক্ষণ আছে যিবোৰ বৃক্কত সমস্যা হ’লে লগে লগে দেখা দিয়ে, কিন্তু আমি সেইবোৰৰ প্ৰতি অসাৱধান হৈ থাকোঁ। আমি প্ৰায়ে বতৰৰ প্ৰভাৱ বা দৈনন্দিন জীৱনৰ পৰিৱৰ্তনৰ বাবে তেনেকুৱা হোৱা বুলি ধৰি লও। বৃক্ক বিকলতাৰ লগত জড়িত লক্ষণসমূহৰ বিষয়ে  বিশেষজ্ঞৰ পৰা জানো আহক...

বৃক্ক বিকল হ’লে দেখা পোৱা লক্ষণবোৰ কি কি? বিশেষজ্ঞৰ পৰা জানক
বৃক্কৰ ৰোগImage Credit source: MirageC/Moment/Getty Images
trishna-kalita
Trishna Kalita | Published: 27 Apr 2025 09:18 AM

আমাৰ শৰীৰক সুস্থ কৰি ৰখাত বৃক্কই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৃক্কৰ প্ৰধান কাম হ’ল তেজ ফিল্টাৰ কৰি পৰিষ্কাৰ কৰা আৰু শৰীৰৰ পৰা অপ্ৰয়োজনীয় বস্তুৰ লগতে অতিৰিক্ত পানী আঁতৰোৱা। যদি কিডনীৰ কোনো সমস্যা হয়, তেন্তে কিডনিয়ে এই কামবোৰ সঠিকভাৱে কৰিব নোৱাৰে। ইয়াৰ প্ৰভাৱ সমগ্ৰ শৰীৰত স্পষ্টকৈ দেখা যায়। যেতিয়া কিডনীত কোনো সমস্যা হয় তেতিয়া কিছুমান লক্ষণ ওলাই পৰে। এই লক্ষণসমূহ চিনাক্ত কৰি চিকিৎসা আৰম্ভ কৰিব লাগে।

যেতিয়া কিডনীৰ ক্ষতি হ’লে ক্ৰমান্বয়ে সমস্যা বাঢ়ি যায়। আৰম্ভণিতে বৃক্ক বিকল হোৱাৰ লক্ষণবোৰ প্ৰায়ে অনুভৱ কৰা নহয়। যেতিয়া বৃক্ক ৮০ শতাংশ পৰ্যন্ত ক্ষতিগ্ৰস্ত হয় বা ইয়াৰ কাৰ্যক্ষমতা অতি কম হয় তেতিয়া ইয়াৰ লক্ষণসমূহ দেখা দিবলৈ আৰম্ভ কৰে। যেতিয়া বৃক্কই সম্পূৰ্ণৰূপে তেজ ফিল্টাৰ কৰি পেলনীয়া সামগ্ৰী আঁতৰাব নোৱাৰে তেতিয়া শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে। যাৰ বাবে বৃক্কে সম্পূৰ্ণৰূপে কাম কৰা বন্ধ কৰি দিয়ে। এই পৰিস্থিতিত এজন ব্যক্তিৰ জীৱন বিপদত পৰে। এনে পৰিস্থিতিত চিকিৎসকে তৎক্ষণাত ডায়েলাইছিছৰ পৰামৰ্শ দিয়ে।

বৃক্ক বিকল হোৱাৰ লক্ষণ

যদি কিডনীত কোনো সমস্যা হয় তেন্তে আপোনাৰ প্ৰস্ৰাৱৰ ৰুটিন বিঘ্নিত হয়। সঘনাই প্ৰস্ৰাৱ কৰিব যাব লাগে আৰু বিশেষকৈ ৰাতিৰ ভাগত সমস্যা বেছি হয়। ইয়াৰ উপৰিও প্ৰস্ৰাৱ গঠনৰ পৰিমাণো কমি যায়। প্ৰস্ৰাৱত ফেন ওলোৱা, ভাগৰ আৰু দুৰ্বলতা অনুভৱ, পিঠি আৰু কঁকালৰ কাষত বিষ আৰু মুখত ধাতুৰ সোৱাদ আদিয়েই বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ। ইয়াৰ বাহিৰে যদি প্ৰস্ৰাৱত তেজ যায় আৰু ৰক্তচাপ উচ্চ হৈ থাকে, ছালখন শুকান হৈ শৰীৰৰ যিকোনো ঠাইতে খজুৱতি আৰম্ভ হয়, তেন্তে এইবোৰ গুৰুতৰ লক্ষণ। ইয়াৰ উপৰিও স্মৃতিশক্তি হেৰুৱাও কিডনী বিকল হোৱাৰ লক্ষণ। ভোক কমি যোৱা আৰু ওজন কমি যোৱা আদিও বৃক্ক বিকল হোৱাৰ গুৰুতৰ লক্ষণ।

কি কৰিব লাগে

যদি আপুনি এনে কোনো লক্ষণ দেখা পায় তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। চিকিৎসকে ঔষধৰ জৰিয়তে বৃক্কৰ ক্ষতি বন্ধ কৰিব পাৰে। ইয়াৰ লগতে দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাসতো পৰিৱৰ্তন কৰিব লাগিব। বৃক্ক সুৰক্ষাৰ বাবে সুৰা আৰু ধঁপাতৰ ব্যৱহাৰ বন্ধ কৰিব লাগে। ইয়াৰ লগতে খাদ্যাভ্যাসৰো পৰিৱৰ্তন কৰিব লাগে।