Hair Care Tips: কম বয়সতে চুলি সৰা সমস্যাৰ ভুক্তভোগী হৈছে নেকি? জানক ইয়াৰ ৩টা ডাঙৰ কাৰণ..
কম বয়সত চুলি সৰাটো যিকোনো লোকৰ বাবে চিন্তাৰ বিষয়, সেয়া ছোৱালী হওক বা ল'ৰা হওক। যদি আপোনাৰ চুলি দ্ৰুতগতিত সৰি আছে আৰু ব্যয়বহুল সামগ্ৰী ব্যৱহাৰ কৰিও সঠিক ফলাফল লাভ কৰা নাই, তেন্তে ইয়াৰ আঁৰত থকা তিনিটা ডাঙৰ কাৰণৰ বিষয়ে জানি লওক।
বৰ্তমান সময়ত প্ৰায়ভাগ লোকক চুলি সৰা সমস্যাৰ বাবে অসুবিধাত পৰা দেখা যায়, সেয়া ছোৱালী হওক বা ল’ৰা হওক। ইয়াৰ বাবে চেম্পুৰ পৰা আৰম্ভ কৰি তেল, চিৰাম, কেপচুললৈকে বজাৰত একাধিক ব্যয়বহুল সামগ্ৰী মুকলি কৰা হৈছে। একে সময়তে, ছ’চিয়েল মিডিয়াও DIY টিপছেৰে ভৰি পৰিছে। এই ক্ষেত্ৰত মানুহে কি শুদ্ধ আৰু কি ভুল ইয়াকে লৈ বিভ্ৰান্ত হয়। চুলি সৰাৰ সঠিক কাৰণ চিনাক্ত কৰি আপুনি আপোনাৰ চুলি সৰা প্ৰতিহত কৰিবলৈ ব্যৱস্থা ল’ব পাৰে।
চুলি সৰা সমস্যাক লৈ সকলোৱে চিন্তিত হৈ পৰে। ইয়াৰ ফলত মানুহে ব্যয়বহুল সামগ্ৰী ক্ৰয় কৰাৰ নামত কৰাত হাজাৰ হাজাৰ টকা খৰচ কৰে। কিন্তু ইয়াৰ পাছতো বহুতে সঠিক ফলাফল লাভ নকৰে। এই ক্ষেত্ৰত আপোনাৰ চুলি কিয় সৰি আছে সেই কাৰণো বিচাৰি উলিওৱাটো অতিকৈ প্ৰয়োজনীয়। বৰ্তমান চুলি সৰাৰ মুখ্য তিনিটা কাৰণৰ বিষয়ে জানো আহক।
দৈনন্দিক ৰুটিন সঠিক নোহোৱা
চুলি সৰাৰ এটা মুখ্য কাৰণ আমাৰ দৈনন্দিক ৰুটিন। যেনে প্ৰতি নিশা পলমকৈ টোপনি যোৱা, ৰাতিপুৱা পলমকৈ উঠা বা সম্পূৰ্ণ টোপনি নোপোৱা। ৰাতিপুৱাৰ আহাৰৰ পৰা আৰম্ভ কৰি দুপৰীয়া আৰু নিশাৰ আহাৰলৈকে সঠিক সময়ত গ্ৰহণ নকৰা। দৈনিক শাৰীৰিক কাৰ্যকলাপ অৰ্থাৎ যোগ, ব্যায়াম বা খোজ কঢ়া আদি নকৰাৰ লগতে অতি লেহেম ৰুটিন। ইয়াৰ বাবে সমগ্ৰ শৰীৰিক চক্ৰৰ অৱনতি হয়। যদি চুলি সৰি আছে তেন্তে প্ৰথমে আপোনাৰ ৰুটিন উন্নত কৰক।
চুলিত অত্যাধিক তাপ প্ৰয়োগ কৰা
চুলি সৰাৰ এটা কাৰণ হৈছে চুলিত তাপ প্ৰয়োগ কৰা। যেনে ষ্টাইলিং সঁজুলিৰ অত্যাধিক ব্যৱহাৰ বা গৰম পানীৰে চুলি ধোৱা। ইয়াৰ ফলত কিউটিকলৰ ক্ষতি হয় আৰু চুলি ক্ষতিগ্ৰস্ত হয়। ইয়াৰ বাবে চুলি সৰাৰ লগতে অতি শুকান হৈ পৰে। চুলি ফটা সমস্যা বৃদ্ধি হয় আৰু চুলিৰ উজ্জ্বলতা ম্লান হয়। ইয়াৰ বাহিৰেও, বাহিৰলৈ যাওতে চুলি ঢাকি ৰাখিবলৈ চেষ্টা কৰিব লাগে। কিয়নো ইউভি ৰশ্মিয়ে চুলি ক্ষতিগ্ৰস্ত কৰে।
বাহি খাদ্য আৰু জাংক ফুড খোৱা
শৰীৰে কেৱল খাদ্যৰ পৰা পুষ্টি লাভ কৰে। যেতিয়া জাংক ফুড, বাহি (নিশা ৰৈ যোৱা) খাদ্য, নিমখ আৰু চেনী আদিৰ দৰে অস্বাস্থ্যকৰ বস্তুবোৰে অধিক গ্ৰহণ কৰিলে চুলি সৰাৰ সমস্যা হয়। অস্বাস্থ্যকৰ খাদ্য খালে শৰীৰে পুষ্টি নাপায়। ইয়াৰ ফলত, চুলি সৰিব পাৰে। ইয়াৰ বাহিৰে, সঠিক আহাৰৰ অভাৱৰ বাবে, আপোনাৰ হৰমনৰ ভাৰসাম্যহীনতা হ’ব পাৰে। লগতে বিভিন্ন স্বাস্থ্যৰ সমস্যা আহিব পাৰে। ইয়াৰ বাবে, চুলি সৰা বৃদ্ধি হ’ব পাৰে।