Tips to Keep Food Warm : শীতকালত খাদ্য কেনেকৈ গৰম কৰি ৰাখিব পাৰি ? গ্ৰহণ কৰক এই উপায়…
শীতকালত আঞ্জা বাৰে বাৰে গৰম কৰি থকাটো একেবাৰে উচিত বুলি ক’ব নোৱাৰি । বাৰে বাৰে খাদ্য গৰম কৰিলে খাদ্যত থকা পুষ্টিকৰ উপাদানসমূহো ধ্বংস হোৱাৰ সম্ভাৱনা থাকে । কিন্তু এই কাম নকৰি আপুনি খাদ্য গৰম কৰি ৰাখিবলৈ কিছু সহজ উপায় গ্ৰহণ কৰিব পাৰে ।
শীতৰ এই সময়ছোৱা সকলোৰে প্ৰিয় । এই সময়ছোৱা সুখদায়ক যদিও কিছুমান সমস্যা নথকা নহয় । ঠাণ্ডাৰ পৰা নিজৰ শৰীৰটো ৰক্ষা কৰিবৰ বাবে গৰম কাপোৰ পিন্ধিবলগীয়া হয় । ইয়াৰ লগতে খাদ্য গৰম কৰি ৰখাৰ ক্ষেত্ৰতো গুৰুত্ব দিবলগীয়া হয় । পিছে এই সময়ছোৱাত খাদ্য গৰম কৰি ৰখাৰ উপায় কি ? শীতকালত ৰন্ধা আঞ্জা বহু কম সময়ৰ ভিতৰতে ঠাণ্ডা হৈ পৰে। এনে পৰিস্থিতিত এই সময়ছোৱাত আঞ্জা কেনেকৈ গৰম কৰি ৰাখিব পাৰি জানক…
মনকৰিবলগীয়া যে, আঞ্জা বাৰে বাৰে গৰম কৰি থকাটো একেবাৰে উচিত বুলি ক’ব নোৱাৰি । বাৰে বাৰে খাদ্য গৰম কৰিলে খাদ্যত থকা পুষ্টিকৰ উপাদানসমূহো ধ্বংস হোৱাৰ সম্ভাৱনা থাকে । কিন্তু এই কাম নকৰি আপুনি খাদ্য গৰম কৰি ৰাখিবলৈ কিছু সহজ উপায় গ্ৰহণ কৰিব পাৰে । এই প্ৰতিবেদনত উল্লেখ কৰা উপায়েৰে আপুনি শীতকালত খাদ্য দীৰ্ঘ সময়ৰ বাবে গৰম কৰি ৰাখিব পাৰিব ।
আমি প্ৰায়ে খাদ্য গৰম কৰি ৰাখিবলৈ এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰো। প্ৰথমে ৰুটি আৰু পৰঠা একেলগে কাগজৰ মোনাত মেৰিয়াই লওক। তাৰ পাছত এলুমিনিয়ামত ফয়েল পেপাৰ ব্যৱহাৰ কৰি সংৰক্ষণ কৰি ৰাখিব পাৰে । এনে কৰিলে ৰাতিপুৱা বনোৱা ৰুটি দুপৰীয়ালৈকে গৰম হৈ থাকিব
আমাৰ সমাজত পৰম্পৰাগতভাৱে প্ৰায়ে পিতলৰ বাচন-বৰ্তন ব্যৱহাৰ কৰা হয় । আগৰ দিনত আমাৰ আইতাহঁতে প্ৰায়ে পিতলৰ বাচত-বৰ্তন ব্যৱহাৰ কৰিছিল । কোৱা হয় যে, পিতলৰ বাচনত খাদ্য ৰাখিলে বেছি সময়লৈকে গৰম হৈ থাকে । গতিকে শীতকালত আপুনি খাদ্য গৰম কৰি ৰাখিবলৈ পিতলৰ বাচন ব্যৱহাৰ কৰিব পাৰে ।
শীতকালত ব্ৰঞ্জ বা পিতলৰ বাচনত খাদ্য ৰাখিব পাৰি। শীতকালত খাদ্য গৰম কৰি ৰাখিবলৈ এই পৰম্পৰাগত বাচন-বৰ্তনবোৰেই উত্তম বিকল্প হ’ব পাৰে। পিতলৰ বাচনে খাদ্য গৰম কৰি ৰখাই নহয়, আপোনাৰ খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। গতিকে শীতকালত আপুনি পিতলৰ বাচন-বৰ্তন ব্যৱহাৰ কৰিব পাৰে ।
এই প্ৰতিবেদনত উল্লেখ কৰা এই দুয়োটা উপায় গ্ৰহণ কৰি আপোনাৰ খাদ্য বহু সময়লৈকে গৰম কৰি ৰাখিব পাৰে । মনকৰিব যে, শীতকালতে সুস্বাস্থ্যৰ বাবে গৰমে গৰমে খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন । এই সময়ছোৱাত গৰম খাদ্য খালে ঠাণ্ডাই আপোনাৰ শৰীৰটোক সহজে প্ৰভাৱিত কৰিব নোৱাৰে ।