5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেৱল কেঞ্চাৰেই নহয়, ধঁপাতৰ পৰা হ’ব পাৰে এনে প্ৰাণনাশী ৰোগ..

প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ধঁপাতৰ বাবে ৮০ লাখ লোকৰ মৃত্যু হয়। ধঁপাতজাতীয় সকলোৱে সামগ্ৰীয়েই শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰে। পিছে এনে হানিকাৰক দিশৰ বিষয়ে জ্ঞাত হোৱাৰ পিছতো ধঁপাত সেৱন কৰা লোকৰ সংখ্যা হ্ৰাস পোৱা নাই।

কেৱল কেঞ্চাৰেই নহয়, ধঁপাতৰ পৰা হ’ব পাৰে এনে প্ৰাণনাশী ৰোগ..
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 19 Oct 2024 15:57 PM

প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ধঁপাতৰ বাবে ৮০ লাখ লোকৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ধঁপাত সেৱন সকলো দিশতে ক্ষতিকাৰক। ধঁপাত সেৱনৰ কোনো নিৰাপদ মাত্ৰা নাই। অৰ্থাৎ ধঁপাত কম পৰিমাণে সেৱন কৰিলেও শৰীৰৰ সমানেই ক্ষতি হয়। ধঁপাতজাতীয় সকলোৱে সামগ্ৰীয়েই শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰে। পিছে এনে হানিকাৰক দিশৰ বিষয়ে জ্ঞাত হোৱাৰ পিছতো ধঁপাত সেৱন কৰা লোকৰ সংখ্যা হ্ৰাস পোৱা নাই। বৰঞ্চ ভাৰতত ধঁপাত সেৱন কৰা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধিহে পাইছে।

তথ্য অনুসৰি দেশৰ সৰ্ববৃ্হৎ ৰাজ্য উত্তৰ প্ৰদেশতে প্ৰায় ৪৫ শতাংশ পুৰুষে ধঁপাত সেৱন কৰে। লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিৰ অধ্যাপক তথা থ’ৰেচিক চাৰ্জাৰী বিভাগৰ মুৰব্বী ডাঃ শৈলেন্দ্ৰ যাদৱে উল্লেখ কৰা মতে উত্তৰ প্ৰদেশত ১৫ বছৰ আৰু তাৰ ওপৰৰ বয়সৰ ৪৪.১ শতাংশ পুৰুষে ধঁপাত সেৱন কৰে। এয়া নিশ্চিতভাৱে এক উদ্বেগজনক পৰিসংখ্যা। এনে পৰিস্থিতিত ধূমপায়ীৰ সংখ্যা নিয়ন্ত্রণ কৰাৰ প্রয়োজন আহি পৰিছে৷

এইক্ষেত্ৰত জাপান, ছুইডেন আৰু আমেৰিকাৰ দৰে ৰাষ্ট্ৰই ধূমপান বন্ধ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ পৰা শিকিব লাগিব ভাৰতীয় প্ৰশাসনেও। ধূমপানৰ ক্ৰমবৰ্ধমান ধাৰাক ৰোধ কৰিবলৈ ভাৰতে ধঁপাত উৎপাদনক লক্ষ্য কৰি বিস্তৃত নীতি নিৰ্ধাৰণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। ডাঃ শৈলেন্দ্ৰ যাদৱে কয় যে ধঁপাতে হাওঁফাওঁৰ কৰ্কট ৰোগ, মুখৰ কৰ্কট ৰোগ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

চিগাৰেটত পোৱা ধঁপাতৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগ হয়। হাওঁফাওঁৰ কৰ্কট ৰোগীৰ অধিকাংশই দীৰ্ঘদিন ধৰি ধূমপান কৰা লোক। ধঁপাত সেৱনে হৃদযন্ত্ৰও দুৰ্বল কৰি তোলে। কোনো কোনো ক্ষেত্ৰত ধঁপাত সেৱন কৰিলে টাইপ-২ ডায়েবেটিছো হ’ব পাৰে। ধঁপাত সেৱন যিদৰে জনসাধাৰণৰ মাজত বৃদ্ধি পাইছে, সেয়া ভৱিষ্যতৰ বাবে এক ডাঙৰ ভাবুকিস্বৰূপ হৈ পৰিছে।

যিকোনো ৰূপত ধঁপাত সেৱন বৃদ্ধিৰ অৰ্থ হ’ল ৰোগৰ পৰিসৰও বৃদ্ধি পাব। এনে পৰিস্থিতিত ধঁপাত সেৱনত প্ৰতিৰোধ অনিবাৰ্য হৈ পৰিছে। ইয়াৰ বাবে চৰকাৰে বৃহৎ পৰিসৰত পদক্ষেপ লোৱাৰ প্ৰয়োজন। ডাঃ শৈলেন্দ্ৰ যাদৱে কয় যে ধঁপাতৰ আসক্তি ত্যাগ কৰিবলৈ প্ৰথমে ইয়াৰ উদ্দেশ্য বিচাৰি উলিয়াব লাগিব। উদাহৰণস্বৰূপে, আপুনি আপোনাৰ স্বাস্থ্য ভাল ৰাখিবৰ বাবে বা আপোনাৰ পৰিয়ালৰ স্বাৰ্থত ধঁপাত ত্যাগ কৰাৰ পণ ল’ব পাৰে।

ধঁপাত সেৱনৰ এক প্ৰধান কাৰণ হৈছে শূন্যতা বা অকলশৰীয়া অনুভৱ কৰা। গতিকে যিকোনো কামত নিজকে ব্যস্ত কৰি ৰাখক। এই বিষয়ত চিকিৎসকৰ পৰাও পৰামৰ্শ ল’ব লাগে। বিশেষজ্ঞ চিকিৎসকৰ সঠিক কিছুমান পৰামৰ্শই আপোনাক ধঁপাত ত্যাগ কৰাত সহায় কৰিব পাৰে। ইয়াৰ বাবে অৱশ্যে কেইবামাহো সময় লাগিব পাৰে। কিন্তু এই সময়ছোৱাত চিকিৎসকৰ পৰামৰ্শ মানি নিজৰ মন বান্ধি ৰখাটো নিতান্তই প্ৰয়োজনীয়।

Latest News