Republic Day wishes: সংবিধান আমাৰ গৌৰৱ… গণৰাজ্য দিৱসত বন্ধুবৰ্গ, পৰিয়াললৈ প্ৰেৰণ কৰক দেশপ্ৰেমমূলক বাৰ্তা
Republic Day 2025: গণৰাজ্য দিৱসত সমগ্ৰ দেশজুৰি পতাকা উত্তোলন, কুচকাৱাজ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে দেশপ্ৰেমৰ অনুভূতি প্ৰকাশ কৰা হয়। এই দিনটোত প্ৰতিজন ভাৰতীয়ৰ হৃদয় গৌৰৱ আৰু একতাৰ ভাৱনাৰে ভৰি পৰে। দেশপ্ৰেমৰ এই পবিত্ৰ উৎসৱটোত আপোনাৰ প্ৰিয়জনৰ শুভকামনা জনাই আৰু অধিক বিশেষ কৰি তোলক।
প্ৰতি বছৰে ২৬ জানুৱাৰীত ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই দিনটো ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা আৰু দেশখনক সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে ৰূপায়ণ কৰাৰ প্ৰতীক। ১৯৫০ চনৰ এই দিনটোতে ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল, যিয়ে দেশক এক নতুন পৰিচয় আৰু দিশ প্ৰদান কৰে। এই দিনটো কেৱল আমাৰ দেশৰ স্বাধীনতা আৰু গণতন্ত্ৰৰ উৎসৱ নহয়, দেশক স্বাধীনতা দিবলৈ নিজৰ জীৱন ত্যাগ কৰা স্বাধীনতা সংগ্ৰামী আৰু নেতাসকলক স্মৰণ কৰাৰ দিন।
গণৰাজ্য দিৱস উপলক্ষে মানুহে তেওঁলোকৰ বন্ধুবৰ্গ, পৰিয়াল আৰু প্ৰিয়জনক শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰি শুভেচ্ছা জ্ঞাপন কৰে। এই বাৰ্তাবোৰে কেৱল দেশপ্ৰেমৰ অনুভূতিক আলোকপাত কৰাই নহয়, একতা আৰু অখণ্ডতাৰ বাৰ্তাও প্ৰচাৰ কৰে। ইয়াত আমি আপোনাৰ বাবে ১০টা শ্ৰেষ্ঠ গণৰাজ্য দিৱসৰ শুভেচ্ছা বাৰ্তা আনিছো যিবোৰ আপুনি আপোনাৰ বিশেষ লোকসকললৈ প্ৰেৰণ কৰিব পাৰিব।
গণৰাজ্য দিৱসৰ বাৰ্তা
- “আজি সেই নায়কসকলক অভিবাদন জনাইছো, যাৰ বাবে এই দিনটো আহিছে। আমাৰ গণৰাজ্যৰ এই মৰ্যাদা সদায় অটুত থাকক। আপোনাক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালো।”
- “সংবিধান আমাৰ গৌৰৱ, সংবিধান প্ৰতিজন ভাৰতীয়ৰ ধৰ্ম। আহক ইয়াক ৰক্ষা কৰো আৰু দেশক প্ৰগতিৰ পথত লৈ যাওঁ। আপোনাক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছো।”
- “ভাৰতৰ গণৰাজ্যৰ মৰ্যাদা অটুত থাকক হৈ থাকক, প্ৰতিজন ভাৰতীয়ৰ হৃদয়ৰ পৰিচয় হৈ থাকক।” গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা।”
- “আমি সকলো সংবিধানৰ নিয়মেৰে সজ্জিত একতাৰ সূতাৰে বান্ধ খাই আছো। আহক এই গণতন্ত্ৰ দিৱসত একেলগ হও আৰু দেশখনক অধিক শক্তিশালী কৰি তোলো।”
- “আমাৰ এই গণৰাজ্য হৈছে সাহসী বীৰসকলৰ ত্যাগৰ ফল, ইয়াক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য।” শুভ গণৰাজ্য দিৱস!”
- “দেশপ্ৰেমৰ এই পৱিত্ৰ উৎসৱত, দেশৰ বাবে একেলগ হয় কিবা এটা কৰোঁ আহক। শুভ গণৰাজ্য দিৱস।”
- “আমাৰ সংবিধানে আমাক অধিকাৰ প্ৰদান কৰে, কিন্তু ইয়াৰ সৈতে আমাৰ কৰ্তব্য পালন কৰাটো আমাৰ ধৰ্ম। গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা।”
- “ত্ৰিৰংগাৰ গৌৰৱ সদায় অটুট থাকক, প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেমৰ পৰিচয় বহন কৰক। আপোনাক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছো।”
- “আমি আমাৰ জীৱন দি হলেও ত্ৰিৰংগাৰ গৌৰৱ অটুট ৰাখিম, দেশৰ মাটিক সদায় ভাল পায় যাম। গণতন্ত্ৰ দিৱসৰ পবিত্ৰ ক্ষণত এয়াই মনৰ কামনা, প্ৰতিজন ভাৰতীৰ সন্মান বাঢ়ক।
- “গণতন্ত্ৰ দিৱস দেশৰ উৎসৱ, সজোৱা হয় প্ৰতিটো বাট-পথ । আনে ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা , এই দিনটোৱে সংযোগ কৰে প্ৰতিজন ভাৰতীয়ৰ হৃদয়ক।”
লগতে পঢ়ক: ৰাজ্যত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি, পূৰ্ণগতিত চলিছে পেৰেডৰ আখৰা, অব্যাহত তালাচী অভিযান