অসমৰ ৬ টা বিশেষ মন্দিৰ, য’ত পূৰণ হ’ব আপোনাৰ মনৰ আশা!
অসম পৰ্যটনৰ বাবে অন্যতম জনপ্ৰিয় স্থান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব বিখ্যাত মাজুলী নদীদ্বীপে যিদৰে বিদেশী পৰ্যটকক আকৰ্ষণ কৰে থিক তেনেদৰে অসমৰ মঠ, মন্দিৰেও অসমৰ পৰ্যটন উদ্যোগটো বিকাশত সহায় কৰি আহিছে।
অসম প্ৰাকৃতিক সম্পদ আৰু নানান ঐতিহাসিক সমল আৰু সাংস্কৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। পৰ্যটনৰ কাৰণে অসম ৰাষ্ট্ৰীয় উদ্যান, মঠ-মন্দিৰ আৰু ঐতিহাসিক সমলেৰে চহকী। নানান ঐতিহাসিক সমল আদিয়ে চহকী কৰি তুলিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব বিখ্যাত মাজুলী নদীদ্বীপে যিদৰে বিদেশী পৰ্যটকক আকৰ্ষণ কৰে থিক তেনেদৰে অসমৰ মঠ, মন্দিৰেও অসমৰ পৰ্যটন উদ্যোগটো বিকাশত সহায় কৰি আহিছে। আজি জানো আহক অসমৰ ৬
টা বিশেষ মন্দিৰৰ বিষয়ে…
কামাখ্যা মন্দিৰ
কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। মন্দিৰৰ শেষৰ অংশ ( নৃত্য-মণ্ডপ) আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয়। ইয়াত আহোম ড্ৰেগন ঙি ঙাও খামৰ ভাস্কৰ্যও দেখা যায়।
অশ্বক্লান্ত দেৱালয়
অশ্বক্ৰান্ত মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত অৱস্থিত তীৰ্থস্থান। ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে। এটা ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনি ভাগত, আনটো পাহাৰৰ ওপৰ ভাগত অৱস্থিত। কিংবদন্তি অনুসৰি নৰকাসুৰক বধ কৰিবৰ অৰ্থে শ্ৰীকৃষ্ণ কামৰূপলৈ আহোঁতে এই ঠাইডোখৰ অশ্ব বা ঘোঁৰাৰ দ্বাৰা ক্ৰান্ত বা অতিক্ৰান্ত হোৱা বাবে এই অঞ্চলৰ নাম অশ্বক্ৰান্ত হয়। কোনো কোনোৱে এই অঞ্চলক অশ্বক্লান্ত বুলিও কয়। জনশ্ৰুতি অনুসৰি এই অঞ্চলতে খোজ পেলাই শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল। ইয়াতেই তেওঁৰ অশ্ব ক্লান্ত হৈ পৰে আৰু ঠাইডোখৰে অশ্বক্লান্ত নাম পায়। ব্ৰহ্মপুত্ৰৰ পাৰৰ টিলা এটাৰ শিল কিছুমানত ঘোঁৰাৰ খুৰাৰ দৰে চিন দেখা যায়। শ্ৰীকৃষ্ণই যʼত ভৰিৰ খোজ পেলাইছিল তাৰ নাম বিষ্ণুপদ। পৌৰাণিক শাস্ত্ৰ মতে এয়ে অশ্বগয়া আৰু ইয়াতে মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে পিণ্ডদান কৰা হয়। আজিকালি ‘অশ্বক্লান্তʼ বা ‘অশ্বক্ৰান্তʼ দুয়োটা শব্দই সমঅৰ্থত প্ৰয়োগ হোৱা দেখা যায়।
শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ
অসমৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ অৱস্থিত। প্ৰধানতঃ এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হয়। প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহত স্থানীয় লোকসকলে এই মন্দিৰত ফাকুৱা উৎসৱ উদ্যাপন কৰে। এই মন্দিৰ সৃষ্টিৰ আঁৰৰ হৈছে- গৰ্গৰাম বৰুৱা সদৰামীনৰ দায়িত্বত থকাৰ সময়ত এটা আচৰিত ঘটনা ঘটিছিল। বৰ্তমানৰ ৰঙিয়া নগৰৰ সীমাত অৱস্থিত জেকেৰীয়া নামৰ এখন গাঁৱৰ কাষতে সন্ধ্যাঝাৰ নামৰ এখন অটব্য অৰণ্য আছিল। সেই জেকেৰীয়া গাঁৱৰে এজন ব্ৰাহ্মণৰ ঘৰত এজনী কপিলী বৰণৰ গাই আছিল। গাইজনীয়ে হেনো নিতৌ শেষ নিশা ডিঙিৰ বান্ধ খুলি সন্ধ্যাঝাৰ অৰণ্যলৈ গৈ এজোপা বিৰিণা গছৰ ওপৰত ওহাৰ পাতি গাখীৰ ঢালি পুনৰ গোহালিলৈ ঘূৰি আহিছিল। সদৰামীন বৰুৱাই এই কথা গম পাই সেই ৰহস্য উদ্ঘাটন কৰাৰ বাবে বিৰিণা গছজোপা থকা ঠাইখিনি খন্দোৱালে আৰু তাতে এটা শ্ৰীকৃষ্ণৰ বিগ্ৰহ উদ্ধাৰ হ’ল। সেই মূৰ্তি সভক্তিৰে ৰাইজে শোভাযাত্ৰা কৰি আনি চন্দ্ৰভাৰতী পাহাৰত স্থাপন কৰে। তাতে আগৰে পৰা শ্ৰীশ্ৰীঘনশ্যাম ৰায়ৰো বিগ্ৰহ আছিল। তেতিয়াৰে পৰা সেই বিগ্ৰহৰ লগতে নতুন বিগ্ৰহৰো পূজা-সেৱা চলিবলৈ ধৰিলে। ক্ৰমে দৌল আৰু ফাকুৱা উৎসৱৰ দিন পালেহি। লগে লগে পূজাৰীৰ চিন্তা হ’ল কোনজন বিগ্ৰহক দৌলত তুলিব। অৱশেষত পূজাৰীয়ে বিগ্ৰহৰ আগত প্ৰণিপাত কৰি জনালে যে যিজন বিগ্ৰহক দৌলত থাপিব সেইজনে যেন চাৰি আঙুলি আগবাঢ়ি প্ৰমাণ দেখুৱায়। পাছদিনা পূজাৰীয়ে দেখিলে যে নতুনকৈ অনা বিগ্ৰহজনা চাৰি আঙুল আগবাঢ়ি আছে। এনে ঘটনাত পূজাৰী আচৰিত হ’ল। ইয়াৰ পিছতে যথাৰীতি নতুন বিগ্ৰহকে দৌলত স্থাপন কৰা হ’ল আৰু তেতিয়াৰে পৰা এইজনা বিগ্ৰহ দৌল গোবিন্দ নামেৰে জনাজাত হৈ পৰে।
বিল্বেশ্বৰ দেৱালয়
বিল্বেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা। বৰ্তমান ইয়াৰ মাটিত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান গঢ়ি উঠিছে। অতি প্ৰাচীন কালত ৰূপ নাৰায়ণ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত এজনে কপিলী গাই আছিল। ব্ৰাহ্মণে ঘৰত গাইজনীৰ পৰা গাখীৰ নাপায়। কিন্তু ওচৰৰে টিলা এটাত থকা বিৰিণা এজোপাৰ ওচৰত তাইৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ ওলাবলৈ ধৰে। ব্ৰাহ্মণে এদিন ওচৰ-চুবুৰীয়াৰ সৈতে সেই মাটিখিনি খান্দি চালে আৰু মাটিৰ তলত এক শিৱলিংগ আৱিষ্কাৰ কৰিলে। কোৰেৰে খান্দোতে হেনো লিংগটোৰ এফাল এৰাই গৈছিল। এতিয়াও তেনে অৱস্থাতে লিংগটো দেখা যায়। লৌহিত্য বংশৰ নাগাক্ষ বা নাগশংকৰ ৰজাই সেই কথা গম পাই হাতী লগাই শিৱলিংগটো উলিয়াব খুজিলে। কিন্তু বিফল হোৱাত তেওঁ তাতে এখন দেৱালয় সাজি দিলে। শিৱ বিৰিণাৰ তলত উদ্ধাৰ হোৱা বাবে কোৱা হয় বিৰিণাৰ ঈশ্বৰ- বিন্নেশ্বৰ, ক্ৰমে অপভ্ৰংশ হৈ বিল্বেশ্বৰ আৰু বেলশৰ হয়। নাগাক্ষ ৰজাই সজোৱা জামুগুৰিৰ ওচৰৰ নাগশংকৰ মন্দিৰৰ নিৰ্মাণ কৌশলৰ লগত এই দেৱালয়ৰ সাদৃশ্য আছে। আনহাতে কিছু পণ্ডিতে দ্বিতীয় শতিকাৰ নাগাংক ৰজাইহে বিল্বেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল বুলি মত প্ৰকাশ কৰিছে। পালবংশীয় ৰজা ধৰ্মপালে (১০০০-১০১৫) এই দেৱালয়ৰ যথেষ্ট উন্নতি সাধন কৰিছিল। দেৱালয়ৰ চৌহদৰ দেৱান পুখুৰীটো কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খন্দোৱা। আনহাতে আহোম ৰজাসকলেও দেৱালয়খনক সমৃদ্ধিশালী হিচাপে গঢ়ি তুলিছিল।
মহামায়া ধাম
মহামায়া ধাম অসমৰ ধুবুৰী জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। মহামায়া দেৱীলৈ সমৰ্পিত দেই মন্দিৰ উল্লেখযোগ্য শক্তি পীঠ হিচাপে গণ্য কৰা হয়। মহালয়া দেৱী পাৰ্বতী, দুৰ্গা, কালি, কামাখ্যা আদি দেৱীৰে অন্য ৰূপ। মহামায়া ধাম নামনি অসমৰ গুৰুত্বপূৰ্ণ তীৰ্থস্থান তথা পৰ্যটনস্থলী।
শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়
শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় হৈছে অসমৰ বৰপেটা জিলাৰ পাঠশালাৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁৱত অৱস্থিত এখন দেৱালয়। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। কুমাৰ ভাস্কৰ বৰ্মাৰ ডুবিৰ তাম্ৰলিপিয়ে এইখন পীঠস্থানৰ মহত্ত্ব আৰু গৰিমা বহন কৰি আহিছে। অসমৰ পুৰাতত্ত্ব আৰু ইতিহাস, এই দেৱালয়খনৰ সৈতে গভীৰভাৱে প্ৰযুক্ত আৰু ই অসমৰ এক গৌৰৱময় কীৰ্তিস্তম্ভ। ডুবিৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় অসমৰ শৈৱপীঠ সমূহৰ ভিতৰত প্ৰাচীন, ঐতিহ্যপূৰ্ণ আৰু জাগ্ৰতৰূপে খ্যাত অন্যতম দেৱালয়। ইয়াৰ ঐতিহাসিক পটভূমি অনেক পুৰণি। ইয়াত থকা ভাস্কৰ বৰ্মাৰ তাম্ৰলিপিৰ পৰা এই দেৱালয়ৰ বৈশিষ্ট্য আৰু প্ৰাচীনতাৰ উমান পোৱা যায়।